সোনোৱাল কছাৰী ১৮নং তিনঠেঙীয়া সমষ্টিৰ প্ৰাৰ্থী
নিভা সোনোৱালৰ চমকপ্ৰদ নিৰ্বাচনী প্ৰচাৰ
চাইন অন ডেস্ক,২২নবেম্বৰ:

প্ৰাৰ্থী নিভা সোনোৱালে ১৮নং তিনঠেঙীয়া সোনোৱাল কছাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ ব্যাপক ৰূপত চমকপ্ৰদ প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে।১৮নং তিনঠেঙীয়া সমষ্টিৰ ১৬খন গাঁৱৰ চুকে কোণে সমৰ্থক সকলৰ সৈতে নিৰ্বাচনী প্ৰচাৰৰ কাৰ্যসূচীত নিজৰ জনপ্ৰিয়তাৰে অৱতীৰ্ণ হৈ পৰা পৰিলক্ষিত হৈছে।সোনোৱাল কছাৰী ১৮নং তিনঠেঙীয়া সমষ্টিৰ অন্তৰ্গত জকাই হাৰকপথাৰ গাঁৱৰ এগৰাকী সমাজকৰ্মী,গ্ৰাম্য সংগঠনৰ নেতৃত্বৰে গ্ৰাম্য অৰ্থনীতিৰ গঢ়াৰ ক্ষেত্ৰত অনবদ্য বৰঙণি যোগাবলৈ সক্ষম হোৱা নিভা সোনোৱালে ইতিমধ্যে সমষ্টিটোৰ জকাই হাৰকপথাৰ, কলিয়নী,হাহঁচৰা, বৃহত্তৰ বৰবিল, উলোম, চেঙামাৰী,ভূৰ ভূৰী,১নং,চৰাই হাবি,২নং চৰাই হাবি,নিগম, ভোগালী পথাৰ, পাণধোৱা, নদীকিনাৰ নিগম, বাম নিগম,ৰৌমাৰী, বালিজান আদি গাৱঁত নিৰ্বাচনী প্ৰচাৰ চলাইছে।সংবাদ মাধ্যমৰ আগত ১৮নং সোনোৱাল কছাৰী সমষ্টিৰ প্ৰাৰ্থী নিভা সোনোৱালে সমষ্টিটোত যথেষ্ট ৰাইজৰ সহাৰিঁ পাইছে বুলি প্ৰকাশ কৰিছে।১৮নং তিনঠেঙীয়া সোনোৱাল কছাৰী সমষ্টিৰ প্ৰাৰ্থী নিভা সোনোৱালে নিজৰ শিক্ষা, কৃষ্টি,সংস্কৃতি,স্বাস্থ্য সেৱাৰ উন্নয়নৰ ওপৰত গুৰুত্ব প্ৰদান কৰাৰ উপৰিও আলিপদুলি,নামঘৰ, স্কুল হস্পিটেল নিৰ্মাণৰ ক্ষেত্ৰত প্ৰয়াস কৰাৰ লগতে হস্ততাঁত-বস্ত্ৰ শিল্প, বয়নশিল্প,শিক্ষা উত্তৰণ,খেল ধেমালিৰ বেহা বাণিজ্য দিশত সৱল কৰা,নিৱনুবাক উদ্যোগিক বিকাশৰ কৰাকে ধৰি উন্নয়ন তথা বিকাশৰ প্ৰতিশ্ৰুতিৰে সমষ্টিটোৰ জনসাধাৰণৰ সেৱাৰ মানসেৰে প্ৰাৰ্থী ৰূপে অৱতীৰ্ণ হৈছে বুলিও সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।উল্লেখযোগ্য যে ১৮নং তিনঠেঙীয়া সোনোৱাল কছাৰী সমষ্টিৰ প্ৰাৰ্থী নিভা সোনোৱালে সমষ্টিটোত নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখা পৰিলক্ষিত হৈছে।