উত্তৰ-পূৰ্বাঞ্চলত কৃত্ৰিম বুদ্ধিমত্তা-চালিত স্বাস্থ্যসেৱা আৰু গৱেষণা সম্পৰ্কত
এ ‘এম চি এইছ’ত তিনিদিনীয়া কৰ্মশালা
চাইন অন ডেস্ক,২১ নৱেম্বৰঃ
উত্তৰ-পূৰ্বাঞ্চলত গৱেষণাৰ সক্ষমতা শক্তিশালী কৰা, উদ্ভাৱনক উৎসাহিত কৰা আৰু ডিজিটেল স্বাস্থ্য পদক্ষেপসমূহ আগুৱাই নিয়াৰ লক্ষ্যৰে অসম চিকিৎসা মহাবিদ্যালয় আৰু চিকিৎসালয় চমুকৈ এম চি এইছ’য়ে ১৮ৰ পৰা ২০ নৱেম্বৰলৈ ‘ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত জনস্বাস্থ্য আৰু স্বাস্থ্যসেৱা গৱেষণাত কৃত্ৰিম বুদ্ধিমত্তাৰ প্ৰয়োগঃ ডিজিটেল স্বাস্থ্য, সমতা আৰু অন্তৰ্ভুক্তি শক্তিশালীকৰণ’ শীৰ্ষক তিনিদিনীয়া এক কৰ্মশালা সফলতাৰে আয়োজন কৰে।
এই কাৰ্যসূচী ভাৰত চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ স্বাস্থ্য গৱেষণা বিভাগৰ সহযোগত অনুষ্ঠিত হয়। কৰ্মশালাখনৰ লক্ষ্য আছিল শিক্ষক-শিক্ষয়িত্ৰী, গৱেষক আৰু স্বাস্থ্যসেৱা পেছাদাৰীসকলক জনস্বাস্থ্য, স্বাস্থ্যসেৱা প্ৰদান আৰু
গৱেষণাত কৃত্ৰিম বুদ্ধিমত্তা (এ আই) ব্যৱহাৰৰ বাবে প্ৰয়োজনীয় জ্ঞান আৰু ব্যৱহাৰিক দক্ষতাৰে সক্ষম কৰি তোলা। অধিৱেশনসমূহত চিকিৎসা শিক্ষা, ৰোগ নিৰীক্ষণ, গৱেষণা পদ্ধতি, ডিজিটেল স্বাস্থ্য, গুণগত আৰু মিশ্ৰ-পদ্ধতিৰ গৱেষণা, তথ্য বিশ্লেষণ, মেটা-বিশ্লেষণ, স্বাস্থ্য প্ৰযুক্তি মূল্যায়ন আৰু এ আইৰ নৈতিক দিশত প্ৰয়োগ সম্পৰ্কে আলোচনা কৰা হয়।
কৰ্মশালাখনৰ এক উল্লেখযোগ্য দিশ আছিল হাতে-কামে কৰা প্ৰশিক্ষণ, য’ত অংশগ্ৰহণকাৰীসকলক গৱেষণাৰ বিভিন্ন ব্যৱহাৰিক সঁজুলি আৰু ছফটৱেৰৰ সৈতে পৰিচয় কৰোৱা হয়। ইয়াৰ ভিতৰত
আছিল নমুনাৰ আকাৰ গণনাৰ বাবে জি ষ্টাৰ পাৱাৰ, পদ্ধতিগত পৰ্যালোচনা আৰু মেটা-বিশ্লেষণৰ বাবে ৰায়ান এ আই আৰু ৰেভিউ মেনেজাৰ (ৰেভ্মেন), গুণগত তথ্য বিশ্লেষণ আৰু গুণগত সাক্ষাৎকাৰৰ প্ৰতিলিপিৰ মেনুৱেল ক’ডিঙৰ বাবে কিউ ডি এ মিনাৰ লাইট আৰু মাইণ্ড মেপিং তথা ধাৰণাসমূহৰ সুসংগঠিত দৃশ্যমান উপস্থাপনৰ বাবে এড্ৰ’ মাইণ্ড। এই অধিৱেশনসমূহে অংশগ্ৰহণকাৰীসকলক গৱেষণা পৰিকল্পনা, প্ৰমাণৰ সংহতি, তথ্য বিশ্লেষণ আৰু বৈজ্ঞানিক অনুসন্ধানত সহায়ক ডিজিটেল সঁজুলিসমূহৰ ব্যৱহাৰিক অভিজ্ঞতা প্ৰদান কৰে। ডাঃ পংকজ চেতিয়া, ডাঃ প্ৰদীপ চৌহান, ডাঃ ধৰ্মেন্দ্ৰ যাদৱ, ডাঃ নৱনীতা নিৰ্মলীয়া, ডাঃ সুজাতা সিনহা, মনোজ কলিতা, ডাঃ ফুলেন শৰ্মা, ডাঃ অমল আৰ. ডংৰে, ডাঃ অভিষেক মিশ্ৰ, ডাঃ তুলিকা গোস্বামী মহন্ত, ডাঃ ঈশান ফুকন, ডাঃ দাৰুথি বৰুৱা, ডাঃ চন্দনা কলিতা আৰু ডাঃ অংকিতা কৰকে ধৰি বিশিষ্ট সমল ব্যক্তিসকলে বিশেষজ্ঞ বক্তৃতা, মত-বিনিময়মূলক আলোচনা আৰু ব্যৱহাৰিক প্ৰদৰ্শনৰ জৰিয়তে কাৰ্যসূচীটোত অৱদান আগবঢ়ায়। তেওঁলোকে সমগ্ৰ ভাৰতৰ ১২টা ৰাষ্ট্ৰীয় গুৰুত্বসম্পন্ন প্ৰতিষ্ঠানক প্ৰতিনিধিত্ব কৰিছিল; লগতে অসমৰ বিভিন্ন বিভাগৰ অংশগ্ৰহণকাৰীসকলেও কাৰ্যসূচীত অংশগ্ৰহণ কৰে।
কৰ্মশালাখনে স্বাস্থ্যসেৱাত এ আই আৰু ডিজিটেল প্ৰযুক্তিৰ দায়িত্বশীল, নৈতিক আৰু অন্তৰ্ভুক্তিমূলক ব্যৱহাৰৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। দলীয় কাৰ্যকলাপ, পৰামৰ্শ আৰু প্ৰমাণপত্ৰ বিতৰণেৰে কাৰ্যসূচীৰ সামৰণি পৰে।