...

সদৌ অসম সাংবাদিক সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সভা

সদৌ অসম সাংবাদিক সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সভা

বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান সম্পন্ন
৫১জনীয়া নতুন জিলা সমিতি গঠন; সভাপতি হিৰণ্য কৌশিক বৰা, কাৰ্যকৰী সভাপতি প্ৰণৱজিত বৰা আৰু সাধাৰণ সম্পাদক গৌতম গগৈ নিৰ্বাচিত

চাইন অন ডেস্ক,২১নৱেম্বৰ:

সাংবাদিকসকলৰ ঐক্য, অধিকাৰ, মৰ্যাদা আৰু পেছাগত নিৰাপত্তা সুনিশ্চিত কৰাৰ লক্ষ্যৰে গঠিত সদৌ অসম সাংবাদিক সন্থা (AJJU) হৈছে ৰাজ্যখনৰ সাংবাদিকসকলৰ এক উমৈহতীয়া সংগঠন। সাংবাদিকতাৰ নৈতিক মূল্যবোধ ৰক্ষা, সংবাদকৰ্মীসকলৰ পেছাগত সমস্যা আৰু দাবীসমূহ উত্থাপন, সাংবাদিকসকলৰ মাজত ঐক্য-সংহতি গঢ়ি তোলা তথা সংবাদ মাধ্যমৰ স্বাধীনতা আৰু দায়বদ্ধতা অক্ষুণ্ণ ৰখাৰ ক্ষেত্ৰত সন্থাই কাম কৰি আহিছে। সাংবাদিকতা কেৱল বাতৰি সংগ্ৰহ আৰু প্ৰকাশৰ মাজতে সীমাবদ্ধ নহয়; সত্য উদ্ঘাটন, জনসাধাৰণৰ কণ্ঠস্বৰক উপযুক্ত মঞ্চ প্ৰদান আৰু সমাজৰ প্ৰতি দায়বদ্ধতা পালন কৰাও সাংবাদিকতাৰ অন্যতম মূল উদ্দেশ্য। এই আদৰ্শ আৰু লক্ষ্যক আগত ৰাখি সদৌ অসম সাংবাদিক সন্থাই ৰাজ্যৰ সাংবাদিকসকলক একত্ৰিত কৰি সাংগঠনিক কাৰ্যকলাপ অব্যাহত ৰাখিছে।

এই উদ্দেশ্যক অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে সদৌ অসম সাংবাদিক সন্থা (AJJU)ৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সভা, বঁটা প্ৰদান আৰু সম্বৰ্ধনা অনুষ্ঠান ২১ নৱেম্বৰত ডিব্ৰুগড়ৰ থানাচাৰিআলিস্থিত শিলপোতা ভৱনত গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত অনুষ্ঠিত হয়। সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰে গৌতম গগৈয়ে। সভাত সভাপতিত্ব কৰে প্ৰণৱজিত বৰাই। বিশিষ্ট শিক্ষাবিদ ড০ ৰুণুমা শৰ্মাই বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে হিৰণ্য কৌশিক বৰাই।

অনুষ্ঠানত সাংবাদিকতাৰ ক্ষেত্ৰখনলৈ সুদীৰ্ঘ ৩০ বছৰ ধৰি নিষ্ঠা, সততা আৰু দায়বদ্ধতাৰে আগবঢ়োৱা সেৱাৰ স্বীকৃতিস্বৰূপে দৈনিক জনমভূমি কাকতৰ সাংবাদিক মানসজ্যোতি দত্তক ‘সংবাদ সৌৰভ বঁটা’ প্ৰদান কৰা হয়। আনহাতে, সমাজ জীৱনলৈ আগবঢ়োৱা অৱদান আৰু সামাজিক দায়বদ্ধতাৰ স্বীকৃতিস্বৰূপে কুশল কোঁৱৰক ‘সমাজ হিতৈষী বঁটা’ প্ৰদান কৰা হয়।

ইয়াৰ উপৰি নিউজ লাইভৰ ডিব্ৰুগড়ৰ ব্যুৰো চীফ তথা সদৌ অসম সাংবাদিক সন্থাৰ কাৰ্যকৰী সভাপতি সুৰজ দত্ত আৰু সন্থাৰ সহকাৰী সম্পাদক ভূবন শইকীয়াক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়।

সংবাদ জগতলৈ নিষ্ঠা আৰু দায়বদ্ধতাৰে অৱদান আগবঢ়োৱা প্ৰায় পঞ্চাশগৰাকীৰো অধিক সাংবাদিক আৰু ফটো সাংবাদিকক অনুষ্ঠানটোত সম্বৰ্ধনা জনোৱা হয়। একেদৰে সমাজ জীৱন, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰখনলৈ উল্লেখযোগ্য অৱদান আগবঢ়োৱা আন প্ৰায় পঞ্চাশগৰাকীৰো অধিক বিশিষ্ট ব্যক্তিকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। এনেদৰে অনুষ্ঠানটোত সাংবাদিকতা, সমাজসেৱা, সাহিত্য আৰু সংস্কৃতিৰ ক্ষেত্ৰলৈ অৱদান আগবঢ়োৱা শতাধিক ব্যক্তিক সন্মানিত কৰা হয়।

বঁটা গ্ৰহণ কৰি মানসজ্যোতি দত্তই সাংবাদিকতা জীৱনৰ সুদীৰ্ঘ ৩০ বছৰৰ অভিজ্ঞতাৰ কথা উল্লেখ কৰি এই স্বীকৃতিৰ বাবে সন্থাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। আনহাতে, কুশল কোঁৱৰে সমাজৰ প্ৰতি থকা দায়িত্ববোধ, সামাজিক কাম-কাজত সহযোগিতা আৰু সামূহিক প্ৰচেষ্টাৰ গুৰুত্বৰ কথা নিজৰ বক্তব্যত উল্লেখ কৰে।

অনুষ্ঠানত বক্তব্য প্ৰদান কৰি বিশিষ্ট শিক্ষাবিদ ড০ ৰুণুমা শৰ্মাই কয় যে সত্যনিষ্ঠা আৰু নিৰপেক্ষতা বজাই ৰখাটোৱেই এগৰাকী সাংবাদিকৰ অন্যতম প্ৰধান দায়িত্ব। তথ্যৰ সত্যতা পৰীক্ষা নকৰাকৈ কোনো বাতৰি প্ৰকাশ বা প্ৰচাৰ কৰিলে সমাজলৈ ব্যাপক ক্ষতি হ’ব পাৰে। মিছা বাতৰিয়ে সমাজত বিভ্ৰান্তি, ভুল বুজাবুজি আৰু অস্থিৰতাৰ সৃষ্টি কৰিব পাৰে। সেয়েহে প্ৰতিগৰাকী সাংবাদিকেই সংবাদ পৰিৱেশনৰ ক্ষেত্ৰত সততা, নিষ্ঠা আৰু দায়বদ্ধতাক সৰ্বাধিক গুৰুত্ব দিব লাগে বুলি তেওঁ মত প্ৰকাশ কৰে।

সুৰজ দত্তই নিজৰ বক্তব্যত সাংবাদিকসকলৰ মাজত ঐক্য, সহযোগিতা আৰু পাৰস্পৰিক সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। সাংবাদিকসকলৰ পেছাগত সমস্যা, মৰ্যাদা আৰু অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সাংবাদিক সন্থাৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি উল্লেখ কৰি নতুন সমিতিয়ে সকলোকে সামৰি লৈ সংগঠনটোক অধিক শক্তিশালী কৰি তুলিব বুলি আশা প্ৰকাশ কৰে।

আনহাতে, ভূবন শইকীয়াই সাংবাদিকতাৰ মৰ্যাদা অক্ষুণ্ণ ৰখাৰ লগতে সংগঠনৰ কাম-কাজত সকলো সংবাদকৰ্মীৰ সক্ৰিয় সহযোগিতা আৰু অংশগ্ৰহণৰ আহ্বান জনায়। নতুন প্ৰজন্মৰ সাংবাদিকসকলক উৎসাহিত কৰি এক সুস্থ, দায়বদ্ধ আৰু ঐক্যবদ্ধ সাংবাদিক সমাজ গঢ়ি তোলাৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে।

সভাত অসম বাঙালী যুৱ ফেডাৰেচনৰ সভাপতি নিৰ্মল কুমাৰ শীল, সদৌ অসম টাই আহোম যুৱ পৰিষদৰ সভাপতি ৰাণা ৰঞ্জন গগৈ, সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি জিতু শইকীয়া, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকুমাৰকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, বিশিষ্ট ব্যক্তি আৰু প্ৰায় এশগৰাকী সাংবাদিক তথা ফটো সাংবাদিক উপস্থিত থাকে।

আজিৰ সাধাৰণ সভাত সন্থাৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰাৰ উদ্দেশ্যে ৫১জনীয়া নতুন ডিব্ৰুগড় জিলা সমিতি গঠন কৰা হয়। নতুন সমিতিৰ সভাপতি হিচাপে হিৰণ্য কৌশিক বৰা, কাৰ্যকৰী সভাপতি হিচাপে প্ৰণৱজিত বৰা আৰু সাধাৰণ সম্পাদক হিচাপে গৌতম গগৈ নিৰ্বাচিত হয়। উপদেষ্টা হিচাপে সুৰজ দত্ত আৰু কুশল কোঁৱৰক নিৰ্বাচিত কৰা হয়।

নতুনকৈ দায়িত্ব গ্ৰহণ কৰি গৌতম গগৈয়ে নিজৰ বক্তব্যত সন্থাৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাৰ লগতে সাংবাদিকসকলৰ ঐক্য আৰু সহযোগিতাৰে সংগঠনটোক অধিক শক্তিশালী কৰি তোলাৰ সংকল্প ব্যক্ত কৰে। সাংবাদিকতাৰ মৰ্যাদা, সততা আৰু নৈতিকতা অক্ষুণ্ণ ৰখাৰ লগতে সংবাদকৰ্মীসকলৰ সমস্যা, অধিকাৰ আৰু পেছাগত নিৰাপত্তাৰ প্ৰশ্নত সন্থাই সদায় মাত মাতি যাব বুলি তেওঁ উল্লেখ কৰে। নতুন দায়িত্বক কেৱল পদবী হিচাপে নহয়, এক গুৰুত্বপূৰ্ণ সাংগঠনিক দায়িত্ব আৰু সেৱাৰ সুযোগ হিচাপে গ্ৰহণ কৰা বুলি উল্লেখ কৰি সকলোৰে সহযোগিতা আৰু পৰামৰ্শৰে ডিব্ৰুগড় জিলা সমিতিক আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি দিয়ে। লগতে জ্যেষ্ঠ সাংবাদিকসকলৰ অভিজ্ঞতা আৰু নতুন প্ৰজন্মৰ সাংবাদিকসকলৰ উদ্যমক একত্ৰিত কৰি এক শক্তিশালী, দায়বদ্ধ আৰু ঐক্যবদ্ধ সাংবাদিক সমাজ গঢ়ি তোলাৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে।

অনুষ্ঠানত উপস্থিত বিশিষ্ট ব্যক্তি আৰু সাংবাদিকসকলে সদৌ অসম সাংবাদিক সন্থাৰ সাংগঠনিক কাৰ্যকলাপৰ শলাগ লোৱাৰ লগতে নতুন সমিতিৰ নেতৃত্বত ডিব্ৰুগড় জিলাৰ সাংবাদিকসকলৰ ঐক্য, পেছাগত নিৰাপত্তা, মৰ্যাদা আৰু অধিকাৰ সুৰক্ষিত কৰাৰ ক্ষেত্ৰত সন্থাই অধিক সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব বুলি আশা প্ৰকাশ কৰে।

অনুষ্ঠানৰ সামৰণিত সমগ্ৰ অনুষ্ঠানটোৰ আঁত ধৰোঁতা গৌতম গগৈয়ে শলাগৰ শৰাই আগবঢ়াই বঁটা আৰু সম্বৰ্ধনা গ্ৰহণ কৰা ব্যক্তিসকল, আমন্ত্ৰিত অতিথি, বিভিন্ন দল-সংগঠনৰ প্ৰতিনিধি, সাংবাদিক, ফটো সাংবাদিক আৰু উপস্থিত সকলোৰে প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *