...

ডিব্ৰুগড়ত প্ৰবুদ্ধ নাগৰিক সভাত গৰজি উঠিল সোণোৱাল

ডিব্ৰুগড়ত প্ৰবুদ্ধ নাগৰিক সভাত গৰজি উঠিল সোণোৱাল

কংগ্ৰেছ আৰু ৰাহুল গান্ধীক তীব্ৰ সমালোচনা, ক’লে—বিদেশী শক্তিৰ সৈতে হাত মিলাই দেশ ভঙাৰ ঘৃণনীয় ৰাজনীতি কৰিছে

চাইন অন ডেস্ক,২২ নৱেম্বৰ:

 

ডিব্ৰুগড় চহৰৰ বিজেপি জিলা কাৰ্যালয়ৰ সভাগৃহত দেওবাৰে প্ৰবুদ্ধ নাগৰিক সভা অনুষ্ঠিত হয়। সভাত চহৰখনৰ শিক্ষাবিদ, বুদ্ধিজীৱী আৰু বিভিন্ন ক্ষেত্ৰৰ গণ্য-মান্য নাগৰিকসকলে অংশগ্ৰহণ কৰে। অনুষ্ঠানত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা ডিব্ৰুগড়ৰ সাংসদ সৰ্বানন্দ সোণোৱালে মুখ্য বক্তা হিচাপে অংশগ্ৰহণ কৰে।

সভাত ভাষণ প্ৰদান কৰি সোণোৱালে কেন্দ্ৰৰ নৰেন্দ্ৰ মোদী চৰকাৰৰ উন্নয়নমূলক কাম-কাজ আৰু ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ লক্ষ্য সন্দৰ্ভত বক্তব্য আগবঢ়ায়। তেওঁ কয় যে ৰাষ্ট্ৰ নিৰ্মাণ কেৱল চৰকাৰৰ দায়িত্ব নহয়, বৰং প্ৰতিগৰাকী নাগৰিকৰ সামূহিক দায়িত্ব। দেশৰ প্ৰগতিৰ ক্ষেত্ৰত সমাজৰ প্ৰবুদ্ধ শ্ৰেণীৰ ভূমিকা গুৰুত্বপূৰ্ণ আৰু নাগৰিকসকলে গণতান্ত্ৰিক মূল্যবোধৰ প্ৰতি সচেতন হৈ ৰাষ্ট্ৰ নিৰ্মাণত সক্ৰিয়ভাৱে অৱদান আগবঢ়াব লাগিব।

সোণোৱালে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশ দ্ৰুতগতিত উন্নয়নৰ দিশে আগবাঢ়িছে। ‘সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস আৰু সবকা প্ৰয়াস’ৰ মূলমন্ত্ৰৰে কেন্দ্ৰীয় চৰকাৰে দেশৰ সৰ্বাংগীণ উন্নয়নৰ বাবে নিৰন্তৰ কাম কৰি আছে। ২০৪৭ চনৰ ভিতৰত ভাৰতক এখন বিকশিত, আত্মনিৰ্ভৰ আৰু সমৃদ্ধিশালী ৰাষ্ট্ৰ হিচাপে গঢ়ি তোলাৰ লক্ষ্য পূৰণ কৰিবলৈ সমাজৰ প্ৰতিটো শ্ৰেণীৰ লোকৰ অংশগ্ৰহণ অত্যন্ত প্ৰয়োজনীয় বুলি তেওঁ উল্লেখ কৰে।

সভাত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কংগ্ৰেছ আৰু ৰাহুল গান্ধীক তীব্ৰ আক্ৰমণ কৰে। তেওঁ অভিযোগ কৰে যে কংগ্ৰেছ আৰু ৰাহুল গান্ধীয়ে দেশৰ জনসাধাৰণক বিভ্ৰান্ত কৰাৰ চেষ্টা চলাইছে। নিৰ্বাচন আয়োগ আৰু উচ্চতম ন্যায়ালয়ৰ দৰে গণতান্ত্ৰিক তথা সাংবিধানিক প্ৰতিষ্ঠানক লৈ কৰা বক্তব্যৰ সমালোচনা কৰি তেওঁ কয় যে ৰাজনৈতিক স্বাৰ্থত সাংবিধানিক প্ৰতিষ্ঠানসমূহৰ বিশ্বাসযোগ্যতাক লৈ বাৰে বাৰে প্ৰশ্ন উত্থাপন কৰাটো গণতন্ত্ৰৰ বাবে কোনোপধ্যেই শুভ লক্ষণ নহয়।

সোণোৱালে অভিযোগ কৰে যে “দেশক ভাঙিবলৈ বিদেশী শক্তিৰ সৈতে ৰাহুল গান্ধী আৰু কংগ্ৰেছে হাত মিলাই ঘৃণনীয় ৰাজনীতি কৰিছে।” তেওঁ লগতে কয় যে ইয়াৰ বিৰুদ্ধে আজি সাধাৰণ জনতা ঐক্যবদ্ধ হৈছে। কংগ্ৰেছৰ ৰাজনীতি দেশৰ স্বাৰ্থতকৈ ৰাজনৈতিক স্বাৰ্থক অধিক অগ্ৰাধিকাৰ দিয়াৰ ওপৰত আধাৰিত বুলি তেওঁ অভিযোগ কৰে।

তেওঁ কয় যে গণতন্ত্ৰত ৰাজনৈতিক মতভেদ থকাটো স্বাভাৱিক। কিন্তু নিৰ্বাচন আয়োগ, ন্যায়পালিকা আৰু অন্যান্য সাংবিধানিক প্ৰতিষ্ঠানসমূহৰ মৰ্যাদা আৰু বিশ্বাসযোগ্যতা অটুট ৰখাটো সকলো ৰাজনৈতিক দলৰ দায়িত্ব। দেশৰ জনসাধাৰণে গণতান্ত্ৰিক প্ৰতিষ্ঠান আৰু সাংবিধানিক ব্যৱস্থাৰ ওপৰত বিশ্বাস ৰাখে বুলিও তেওঁ উল্লেখ কৰে।

কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে দাবী কৰে যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে ৰূপায়ণ কৰা উন্নয়নমূলক কাম-কাজৰ প্ৰতি জনসাধাৰণৰ আস্থা বৃদ্ধি পাইছে। তেওঁ কয় যে সাধাৰণ জনতা বিজেপিৰ সৈতে দৃঢ়ভাৱে থিয় দিছে আৰু উন্নয়নৰ ৰাজনীতিক সমৰ্থন কৰিছে।

অসমৰ প্ৰসংগত সোণোৱালে ৰাজ্যখনৰ ভাষা, সংস্কৃতি, পৰম্পৰা, পৰিচয় আৰু খিলঞ্জীয়া জনসাধাৰণৰ স্বাৰ্থ সুৰক্ষিত কৰাটো সকলোৰে সামূহিক দায়িত্ব বুলি উল্লেখ কৰে। অবৈধ বিদেশী নাগৰিকৰ সমস্যাক অসমৰ বাবে এক গুৰুত্বপূৰ্ণ বিষয় হিচাপে অভিহিত কৰি তেওঁ আইন আৰু সংবিধানৰ পৰিসৰৰ ভিতৰত ফলপ্ৰসূ পদক্ষেপ গ্ৰহণৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

সভাত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ড° সৈকত পাত্ৰ, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা, ডিব্ৰুগড় জিলা পৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল, বিজেপিৰ ডিব্ৰুগড় জিলা সভাপতি দুলাল বৰাৰ লগতে বিভিন্ন ক্ষেত্ৰৰ বহু গণ্য-মান্য নাগৰিক উপস্থিত থাকে।

সভাখনত ডিব্ৰুগড়ৰ উন্নয়ন, সামাজিক দায়বদ্ধতা, গণতান্ত্ৰিক মূল্যবোধ তথা ৰাষ্ট্ৰ নিৰ্মাণত নাগৰিক সমাজৰ ভূমিকা সন্দৰ্ভতো বিস্তৃতভাৱে মত-বিনিময় কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *