কলী আই থানৰ অতিথিশালা নিৰ্মাণৰ আধাৰশিলা স্থাপন
অসম পৰ্যটন উন্নয়ন নিগমৰ ২৫ লাখ টকাৰ অনুদান
চাইন অন ডেস্ক,২২নৱেম্বৰ:
ডিব্ৰুগড়ৰ ঐতিহাসিক আৰু ধৰ্মীয় পৰ্যটনৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰ শ্ৰীশ্ৰী কলী আই থানৰ আন্তঃগাঁথনি উন্নয়নৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা হৈছে। থানখনলৈ অহা ভক্ত তথা দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে নিৰ্মাণ হ’বলগীয়া অতিথিশালাৰ
আধাৰশিলা স্থাপন কৰা হয়। এই প্ৰকল্পৰ বাবে অসম পৰ্যটন উন্নয়ন নিগমৰ তৰফৰ পৰা ২৫ লাখ টকাৰ অনুদান আগবঢ়োৱা হৈছে।
অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই অতিথিশালাৰ আধাৰশিলা স্থাপন কৰে। অনুষ্ঠানত ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ, পৌৰনিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰ, জিলা পৰিষদৰ সভানেত্ৰী পুষ্পাঞ্জলি সোণোৱাল আৰু ডিব্ৰুগড় নগৰ উন্নয়ন প্ৰাধিকৰণৰ অধ্যক্ষ অসীম হাজৰিকা উপস্থিত থাকে।
আধাৰশিলা স্থাপন অনুষ্ঠানত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱাই কয় যে শ্ৰীশ্ৰী কলী আই থান কেৱল ডিব্ৰুগড়ৰে নহয়, সমগ্ৰ উজনি অসমৰ এখন অতি পবিত্ৰ আৰু ঐতিহাসিক থান। আহোম স্বৰ্গদেউসকলৰ দিনৰ পৰাই এই থানৰ ঐতিহাসিক পৰিচয় আছে। প্ৰতিদিনে হাজাৰ হাজাৰ ভক্ত আৰু দৰ্শনাৰ্থীয়ে নিজৰ মনৰ কামনা পূৰণৰ আশাৰে থানখনলৈ আহি সেৱা আগবঢ়ায়।
তেওঁ লগতে কয় যে থানখনৰ পৰিচালনা সমিতিয়ে দীৰ্ঘদিন ধৰি দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে অতিথিশালাৰ প্ৰয়োজনীয়তা অনুভৱ কৰি আহিছিল। সেই প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি অসম পৰ্যটন উন্নয়ন নিগমৰ তৰফৰ পৰা ২৫ লাখ টকাৰ অনুদান আগবঢ়োৱা হৈছে।
ঋতুপৰ্ণ বৰুৱাই আশা প্ৰকাশ কৰে যে ভৱিষ্যতে শ্ৰীশ্ৰী কলী আই থানক এক উল্লেখযোগ্য আধ্যাত্মিক পৰ্যটন কেন্দ্ৰ হিচাপে গঢ়ি তোলা হ’ব। ধৰ্মীয় পৰ্যটনৰ (Religious Tourism) সম্ভাৱনীয়তাক বাস্তৱ ৰূপ দিয়াৰ লগতে দূৰ-দূৰণিৰ পৰা অহা ভক্ত আৰু পৰ্যটকসকলৰ বাবে উন্নত সা-সুবিধা গঢ়ি তোলাৰ ক্ষেত্ৰত সকলোৱে মিলি প্ৰয়াস অব্যাহত ৰাখিব বুলি তেওঁ উল্লেখ কৰে।
উল্লেখ্য যে অতিথিশালাৰ নিৰ্মাণ সম্পূৰ্ণ হ’লে থানখনলৈ অহা দূৰ-দূৰণিৰ ভক্ত আৰু দৰ্শনাৰ্থীসকল যথেষ্ট উপকৃত হ’ব বুলি আশা কৰা হৈছে। লগতে ঐতিহাসিক কলী আই থানক ধৰ্মীয় পৰ্যটনৰ মানচিত্ৰত এক বিশেষ স্থান দিয়াৰ ক্ষেত্ৰতো এই পদক্ষেপে সহায় কৰিব বুলি আশা কৰা হৈছে।