...

৩২ সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট মহোৎসৱত বিশেষ আকৰ্ষণ

৩২ সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট মহোৎসৱত বিশেষ আকৰ্ষণ

ৰঘুবীৰ যাদৱৰ ‘PIANO’ আৰু দক্ষিণ আমেৰিকাৰ কলম্বিয়াৰ নাট্যদল

বৰপেটা,২২ নৱেম্বৰ:

হাৰ্ট থ্ৰবজুবিন গাৰ্গৰ বিশেষ স্মৃতিত এইবাৰ আয়োজন কৰা হৈছে ৩২ সংখ্যক ৰাষ্ট্ৰীয় ৰংঘৰ নাট মহোৎসৱ, ২০২৬। বৰপেটাৰ অন্যতম সক্ৰিয় নাট্যগোষ্ঠী ৰংঘৰৰ উদ্যোগত অহা ২৮ নৱেম্বৰৰ পৰা ১ ডিচেম্বৰলৈ চাৰিদিনীয়া কাৰ্যসূচীৰে বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই নাট মহোৎসৱ।

এইবাৰৰ নাট মহোৎসৱৰ অন্যতম বিশেষ আকৰ্ষণ হ’ব দক্ষিণ আমেৰিকাৰ দেশ কলম্বিয়াৰ কালি চহৰৰ নাট্যদল Teatro La Mascara-ৰ নাটক ‘The Bandit Queens’। ২৮ নৱেম্বৰত মঞ্চস্থ হ’বলগীয়া এই আন্তঃৰাষ্ট্ৰীয় নাট্য প্ৰযোজনাই মহোৎসৱত বিশেষ মাত্ৰা প্ৰদান কৰিব বুলি আশা কৰা হৈছে।

আনহাতে, মহোৎসৱৰ সামৰণি দিনা অৰ্থাৎ ১ ডিচেম্বৰত মুম্বাইৰ RYRA Arts Pvt. Ltd.-এ পৰিৱেশন কৰিব ‘PIANO’ শীৰ্ষক নাটক। বলীউড আৰু টেলিভিছনৰ জনপ্ৰিয় অভিনেতা ৰঘুবীৰ যাদৱে নাটকখনৰ নাট্যৰূপ প্ৰদান কৰাৰ লগতে পৰিকল্পনা আৰু পৰিচালনাও কৰিছে। নাটকখনত তেওঁ নিজেও এক বিশেষ অভিনয় আগবঢ়াব। সেয়েহে ৰঘুবীৰ যাদৱৰ এই নাট্য পৰিৱেশন মহোৎসৱৰ অন্যতম প্ৰধান আকৰ্ষণ হিচাপে বিবেচিত হৈছে।

উল্লেখ্য যে, এই চাৰিদিনীয়া নাট মহোৎসৱত অসমৰ লগতে কলকাতা, ভূবনেশ্বৰ, ডিমাপুৰ,আৰু মুম্বাইৰ নাট্যদলে অংশগ্ৰহণ কৰিব। ইয়াৰ জৰিয়তে নাট্য-সংস্কৃতিৰ আদান-প্ৰদানৰ লগতে সাংস্কৃতিক বৈচিত্ৰ্য আৰু সৃজনীশীল প্ৰকাশৰ এক মঞ্চ গঢ়ি তোলাৰ প্ৰয়াস কৰা হৈছে।

মহোৎসৱৰ সামৰণি অনুষ্ঠানত অসমৰ শিক্ষামন্ত্ৰী ড০ ৰণোজ পেগু মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। আনহাতে, বৰপেটাৰ সাংসদ ফণীভূষণ চৌধুৰী আৰু বৰপেটাৰ বিধায়ক দীপক কুমাৰ দাসে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *