...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংগীত সত্ৰৰ পৰিশীলন কৰ্মশালা সম্পন্ন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংগীত সত্ৰৰ পৰিশীলন কৰ্মশালা সম্পন্ন

সংগীত নাটক অকাডেমী প্ৰাক্তন সচিব জয়ন্ত কস্তোৱাৰ অংশগ্ৰহণ

চাইন অন ডেস্ক,২৩ নৱেম্বৰ:

ডিব্ৰুগড় বিশ্ববদ্যালয়ৰ ড ভূপেন হাজৰিকাৰ পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহযোগত আৰু ডিব্ৰুগড় জিলা সত্ৰীয়া শিক্ষক সমাজৰ আতিথ্যত সংগীত সত্ৰ গুৱাহাটীৰ অন্তৰ্ভুক্ত শিক্ষানুষ্ঠান সমূহৰ শিক্ষক সকলৰ পৰিশীলন কৰ্মশালা যোৱা ২১ নৱেম্বৰ পৰা তিনিদিনীয়াকৈ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড ভূপেন হাজৰিকাৰ পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰত সফলতাৰে অনুষ্ঠিত সমন্ন হয়। প্ৰথমদিনা পুৱা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য অধ্যাপক ড জিতেন হাজৰিকা,অসম মহিলা বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড বিনোদ বৰা,অসম সঙ্গীত সত্ৰৰ সভাপতি স্বপ্ননীল বৰুৱা,নতুন দিল্লী সংগীত অকাডেমি প্ৰাক্তন সচিব তথা বিশিষ্ট নৃত্যাচাৰ্য জয়ন্ত কষ্টোৱাৰ,কলকতাৰ নাট্যকৰ্মী,নৃত্যশিল্পী সুমন সহাকে ধৰি উপস্থিত বিশিষ্ট ব্যক্তি সকলে বন্তি প্ৰজ্বলনেৰে তিনিদিনীয়া কাৰ্যসূচি আনুষ্ঠানিক ভাৱে শুভ উদ্বোধন কৰে। অনুষ্ঠানটো শুভ উদ্বোধন কৰি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য ড জিতেন হাজৰিকাই প্ৰতিগৰাকী শিক্ষকক প্ৰতি মূহুত্বত একো একোজন শিকাৰু হৈ থকাৰ লগতে ওৰেটো জীৱন শিকি থাকিবলগীয়া বুলি কোৱা লগতে এই পৰিশীলনৰ জৰিয়তে নিজকে নতুন নতুন চিন্তা চেতনা আৰু নব্যধাৰা শিকনৰ ক্ষেত্ৰত বিশেষ ভাবে সহায়ক হয় বুলি উল্লেখ কৰে।মহিলা বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড বিনোদ বৰাই এনেধৰণৰ পৰিশীলন কৰ্মশালাই প্ৰতিগৰাকী শিক্ষক আৰু শিক্ষাৰ্থীক বিশেষভাৱে সহায় কৰে বুলি নিজৰ ভাষণত উল্লেখ কৰে। সংগীত সত্ৰৰ সভাপতি স্বপ্নীল বৰুৱাই এনে পৰিশীলন কৰ্মশালা লক্ষ্য আৰু উদ্দেশ্য বিষয়ে উল্লেখ কৰা লগতে অনুষ্ঠানত অংশগ্ৰহণ কৰা দুই অতিথি অধ্যাপক,সমল ব্যক্তি সংগীত নাটক অকাডেমিৰ প্ৰাক্তন সচিব তথা সত্ৰীয়া নৃত্যক স্বীকৃতি প্ৰদান কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰা আৰু এগৰাকী যশস্বী নৃত্যগুৰু জয়ন্ত কষ্টোৱাৰ জীৱন আৰু কৰ্ম বিষয়ে পৰিচয়মূলক বক্তব্য প্ৰদান কৰে। তিনিদিনীয়া এই পৰিশীলন কৰ্মশালাত নৃত্যত অভিনয় সংযোগৰ কৌশল,নাট্য শাস্ত্ৰত বৰ্ণিত কলা কৌশল সমুহ কিদৰে নৃত্যত ব্যৱহাৰ কৰিব পাৰি সেই বিষয়ে ব্যৱহাৰিক দিশৰ ওপৰত তথ্যসহকাৰে শিক্ষা প্ৰদান কৰে প্ৰাক্তন সংগীত নাটক একাডেমী সচিব জয়ন্ত কষ্টোৱাৰে। আন এগৰাকী সমল ব্যক্তি কলকতাৰ নাট্যকৰ্মী , নৃত্যশিল্পী সুমন সাহাই নৃত্যত ৰস, অংগ সঞ্চালন, লয় নিয়ন্ত্ৰণ আৰু বিনিয়োগৰ ব্যবহাৰিক জ্ঞানৰ ওপৰত শিক্ষা প্ৰদান কৰে।অসমৰ গুনিন্দ্ৰ নাথ আৰু নৰেন্দ্ৰ খাটনিয়াৰ বৰগায়নে বৰপেটীয়া আৰু কমলাবৰীয়া থুলৰ গায়ন শৈলীৰ ব্যবহাৰিক শিক্ষা প্ৰদান কৰে।অসমৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা সত্তৰ গৰাকী প্ৰশিক্ষাৰ্থীয়ে এই পৰিশীলন কৰ্মশালাত অংশগ্ৰহণ কৰে।তিনিদিনীয়া এই কৰ্মশালা সামৰণি অনুষ্ঠানত আজি ড ভূপেন হাজৰিকা পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ তথা অসমীয়া বিভাগৰ প্ৰাধ্যাপক ড পল্লৱী ডেকা বুজৰবৰুৱা, কেন্দ্ৰটো অতিথি অধ্যাপক জিন্তি হাজৰিকা, অসম সাহিত্য সভাৰ ডিব্ৰুগড় আঞ্চলিক কাৰ্য্যালয়ৰ প্ৰাক্তন সম্পাদক ভূবন মোহন গোস্বামী,আয়োজক সমিতিৰ উজ্জল হাজৰিকা,সুমন সাহা, নৰেন্দ্ৰ খাটনিয়াৰ বৰগায়ন, ৰিঞ্জুমনি শইকীয়া,সাংবাদিক যাদৱ গগৈকে প্ৰমুখ্য কৰি বহু সংখ্যক লোক উপস্থিত থাকে।সংগীত সত্ৰ সম্পাদিকা তথা বিশিষ্ট সত্ৰীয়া নৃত্যশিল্পী,সংগীত নাটক অকাডেমী বঁটা বিজয়ী ৰঞ্জুমিনি শইকীয়াই সামৰণি অনুষ্ঠানত পৰিশীলন কৰ্মশালা উদেশ্য আৰু ইয়াৰ গুৰুত্ব সম্পৰ্কে নিজৰ মনৰ ভাৱ ব্যাখ্যা কৰা লগতে অনুষ্ঠানটো সফল কৰি তোলাৰ সকলোৰে প্ৰতি কৃতজ্ঞতা জ্ঞাপন কৰে। ড ভূপেন হাজৰিকাৰ পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰ সহকাৰী অধ্যাপিকা ড ৰূপলেখা বৰবৰা,সংগীত সত্ৰৰ সহকাৰী সম্পাদক পাৰ্থপ্ৰতিম বৰুৱাই কৰ্মশালাত অংশগ্ৰহণ কৰা প্ৰশিক্ষাৰ্থী সকলক মান পত্ৰ প্ৰদান কৰাত সহযোগিতা আগবঢ়ায়। অনুষ্ঠানটোত ডিব্ৰুগড়ৰ বিশিষ্ট সত্ৰীয়া সংস্কৃতিৰ সাধক ক্ষীৰেশ্বৰ হাজৰিকা আৰু ডিগবৈ তিলেশ্বৰ তামূলীক বিশেষ সম্বৰ্ধনা জনোৱা হয়। ড ভূপেন হাজৰিকাৰ পৰিবেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক অৰুণ হাজৰিকা, বৰ্ণালী সোণোৱালৰ লগতে কেন্দ্ৰটো অধ্যাপক অধ্যাপিকা আৰু শিক্ষাৰ্থী সকলে বিশেষ সহযোগিতাত অনুষ্ঠিত অনুষ্ঠানটোত ডিব্ৰুগড়ৰ বানিপুৰৰ পূবেৰুণ সংগীত একাডেমী অধ্যক্ষা ৰুক্মিণী গোস্বামীৰ নেতৃত্বত আৰম্ভণি আৰু সামৰণি অনুষ্ঠানত বৰগীত পৰিৱেশন কৰা লগতে কেইবাগৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰি লাভ কৰা অভিজ্ঞতা সম্পৰ্কে নিজৰ মত প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *