শিক্ষাৰ প্ৰতি অধিক গুৰুত্ব বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীৰ
দুই মেডিকেলৰ শিক্ষাৰ্থীক চাৰি লাখ টকাৰ আৰ্থিক অনুদান
দোতমা,১৮আগষ্ট:
বিটিছি অঞ্চলত শিক্ষাৰ প্ৰতি অধিক গুৰুত্ব প্ৰদান কৰিছে বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। ইতিমধ্যে বিটিছি অঞ্চলৰ মেধাবী শিক্ষাৰ্থী সকলোৰ বাবে বিভিন্ন ধৰনৰ আচনি ঘোষণা কৰি হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিছি চৰকাৰে দিনে নিশাই কাম কৰি আছে । সেই কামৰ নিদৰ্শন হিচাপে বিটিছিৰ ফকিৰাগ্ৰাম সমষ্টিৰ অধিন বৰুৱাপাৰাৰ বাসিন্দা ৰাবিউল আলীৰ পুত্ৰ আৰু নুৰ ওৱাহিদ আলী আৰু কন্যা ৰুনা লায়লাক চাৰিলাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায় । ছাইকেল মেকাৰ ৰবিউল আলীৰ পুত্ৰ নুৰ ওৱাহিদ আলীয়ে অসম মেডিকেল কলেজ ডিব্ৰুগড়ত
আৰু কন্যা ৰুনা লায়লাই যোৰহাহাট মেডিকলেজত চিকিৎসক হবৰ বাবে ২০২৪ চনৰ পৰা শিক্ষা গ্ৰহন কৰি আছে যদিও আৰ্থিক অভাবৰ বাবে পঢ়া শুনাত বৰ কষ্ট কৰ হৈ পৰিছে যাৰ বাবে বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীক আবেদন কৰে আৰু বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীও দুই মেডিকেল কলেজৰ শিক্ষাৰ্থী দ্বয়ক শিক্ষা লাভৰ বাবে চাৰি লাখ টকাৰ আৰ্থিক অনুদান আগবঢ়ায় । বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে প্ৰদান কৰা কৰা অনুদানৰ ধন খিনি শিক্ষাৰ্থী দুজৰ ঘৰত উপস্থিত হৈ ফকিৰাগ্ৰাম সমষ্টিৰ পাৰিষদ এজামূল হ’ক ৰ লগতে বিপিএফৰ সংখ্যালঘু কোষৰ সভাপতি ছুলতান আলম , বিপিএফ দলৰ কাষ্টম বসুমাতাৰী , প্ৰহ্লাদ ব্ৰহ্ম ৰ লগতে যুব বিপিএফদলৰ নেতা জন ইছলাৰীৰ উপৰিও বিপিএফ দলৰ কৰ্মী সকল উপস্থিত থাকে । আৰ্থিক অনুদান লাভ কৰি বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীক ধন্যবাদ জ্ঞাপন কৰে শিক্ষাৰ্থী দ্বয়ৰ লগতে পৰিয়ালৰ সকলো সদস্যই । ইপিনে ছাইকেল মেকাৰনিকৰ দুই সন্তানে মেডিকেল কলেজত পঢ়ি থকাৰ বাবে অঞ্চলবাসীও শিক্ষাৰ্থী দুজনৰ পিতৃমাতৃক ধন্যবাদ জনাইছে । আজি ফকিৰাগ্ৰাম সমষ্টিৰ পাৰিষদ এজামূল হকে সংবাদ মাধ্যমৰ আগত কয় যে বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীক ধন্যবাদ জনাবলৈ মোৰ ভাষা নাই তেখেতৰ শিক্ষাৰ প্ৰতি আৰু সমাজৰ প্ৰতি থকা দায়বদ্ধতাই আমাৰ বিটিছি অঞ্চলক বহুদুৰ আগবঢ়াই লৈ যাব । ইপিনে শিক্ষাৰ্থী দ্বয়ৰ দৰিদ্ৰ পৰিয়ালটোয়ে এই আৰ্থিক অনুদান লাভ কৰাত বিটিছি প্ৰধান হাগ্ৰামা মহিলাৰীক ধন্যবাদ কৃতজ্ঞতা জনোৱাৰ লগতে মহিলাৰীৰ দীৰ্ঘায়ু কামনা কৰিছে পৰিয়ালটোৱে ।