...

উচ্চ শিক্ষাৰ প্রশাসনিক সংস্কাৰ আৰু প্ৰযুক্তিগত বিপ্লৱৰ স্বীকৃতি কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়ালৈ বিশেষ সন্মান

উচ্চ শিক্ষাৰ প্রশাসনিক সংস্কাৰ আৰু প্ৰযুক্তিগত বিপ্লৱৰ স্বীকৃতি কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়ালৈ বিশেষ সন্মান

 

ডিব্ৰুগড়, ২৩ নৱেম্বৰ ঃ

উচ্চ শিক্ষাৰ পৰম্পৰাগত প্ৰশাসনিক গাঁথনিত আধুনিকতাৰ সংযোজন আৰু শিক্ষা প্ৰযুক্তিৰ সফল প্রয়োগেৰে অসমৰ শৈক্ষিক ক্ষেত্ৰখনত এক নতুন দিগন্তৰ সূচনা কৰা, পৃথিৱীৰ বিখ্যাত ফৰ্বছ আলোচনীৰ পাতত জিলিকি উঠা, ভাৰতৰ জনপ্ৰিয়, প্রভাবশালী আলোচনী আউটলুকত বিশেষভাৱে চৰ্চিত, বাংলাদেশৰ পৰা প্ৰকাশিত আন্তৰাষ্ট্ৰীয় দৈনিক ইংৰাজী ‘গ্ল’বেল নেশ্যন’ৰ সম্পাদকীয় পৃষ্ঠাত গুৰুত্ব লাভ কৰা ডিব্ৰুগড় হনুমানবক্স সূৰজমল কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ অধ্যক্ষ কর্মসূর্য ড° শশীকান্ত শ‍ইকীয়াক দেশৰ অন্যতম জনপ্ৰিয় আৰু শক্তিশালী ৰাষ্ট্ৰীয় সংবাদগোষ্ঠী ‘নিউজ-১৮’ৰ তৰফৰ পৰা বিশেষভাৱে সন্মানিত কৰা হয়। ডিব্ৰুগড়ৰ অত্যাধুনিক তথা বিলাসী মনোহাৰী ৰিজ’ৰ্টৰ এক গাম্ভীর্যপূর্ণ সভাকক্ষত আয়োজিত বিশেষ অনুষ্ঠানত ড° শ‍ইকীয়াক ‘চেঞ্জমেকাৰ ইন হায়াৰ এডুকেচন গভর্ণেন্স এণ্ড এডুটেক’ শীর্ষক বঁটাৰে বিভূষিত কৰা হয়। অনুষ্ঠানত উপস্থিত থাকি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱাল, প্রাক্তন কেবিনেট মন্ত্রী তথা বর্তমান ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্রশান্ত ফুকন, মাকুম সমষ্টিৰ বিধায়ক সঞ্জয় কিষান, খোৱাং সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ আৰু নিউজ-১৮ অসম নৰ্থ- ইষ্টৰ মুখ্য সম্পাদক পৰাগমণি আদিত্যই আনুষ্ঠানিকভাৱে ড° শ‍ইকীয়াৰ হাতত এই সন্মানীয় বঁটা তুলি দিয়ে। বঁটা প্ৰদান কৰি কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোনোৱালে উপস্থিত গন্যমান্য ব্যক্তিসকলৰ স’তে মতবিনিময় কৰি কয়— বর্তমান সময়ত শিক্ষা ব্যৱস্থাক কেৱল পাঠ্যপুথিৰ মাজতে সীমাবদ্ধ নাৰাখি ইয়াক প্ৰযুক্তি আৰু সুশাসনৰ সৈতে সংযুক্ত কৰাটো অতি প্রয়োজনীয় ৷ অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই নিজৰ দূৰদৰ্শী নেতৃত্বৰে কানৈ মহাবিদ্যালয়ক স্বায়ত্তশাসনৰ মৰ্যাদালৈ উন্নীত কৰাই নহয়, তেওঁ যি শৈক্ষিক, প্রযুক্তি, স্বচ্ছতা, আন্তঃগাঁথনিৰ যি পৰিৱৰ্তন কৰিবলৈ সক্ষম হৈছে, সেই পৰিৱৰ্তনত মহাবিদ্যালয়খনৰ এজন প্ৰাক্তন ছাত্ৰ হিচাপে সুখী অনুভৱ কৰিছো । অধ্যক্ষ ড° শ‍ইকীয়াৰ কৰ্মৰাজি সমগ্ৰ ৰাজ্যখনৰ বাবেই এক অনুকৰণীয় আি হোৱা উচিত বুলি কয়। উল্লেখযোগ্য যে বিগত এটা দশকৰো অধিক কাল ধৰি অধ্যক্ষ হিচাপে কাৰ্যনিৰ্বাহ কৰি ড° শশীকান্ত শ‍ইকীয়াই কানৈ মহাবিদ্যালয়ৰ প্ৰশাসনিক, আন্তঃগাঁথনি, প্রযুক্তি আৰু শৈক্ষিক ক্ষেত্ৰখনত আমূল পৰিৱৰ্তন সাধন কৰিছে। মহাবিদ্যালয়খনত প্রযুক্তি-নিৰ্ভৰ স্মাৰ্ট শ্ৰেণীকোঠা, কৰ্মচাৰীসকলৰ কাম-কাজ নিৰীক্ষণৰ বাবে ‘কর্মবন্ধু’ শীৰ্ষক বিশেষ মোবাইল এপ্লিকেচনৰ প্ৰৱৰ্তন, পৰিস্কাৰ-পৰিচ্ছন্নতা, ন ন পাঠ্যক্ৰম মুকলি, বৃত্তিধাৰী পাঠ্যক্ৰম মুকলি, বিদেশী ভাষা শিক্ষা কেন্দ্র স্থাপন আৰু সেউজ তথা আধুনিক চৌহদ নিৰ্মাণৰ দৰে পদক্ষেপসমূহে উচ্চ শিক্ষাৰ প্ৰশাসনত নতুনত্ব আনিছে। অধ্যক্ষগৰাকীৰ এনে কৰ্মৰাজিয়ে ৰাষ্ট্ৰসংঘ আৰু ইউনেস্ক’ৰ দৰে বিশ্বৰ শক্তিশালী সংগঠনৰ দৃষ্টিগোচৰ কৰিবলৈ সক্ষম হৈছে। ৰাষ্ট্ৰসংঘৰ উত্তৰ-পূব সম্পদ কেন্দ্ৰ তৰফৰ পৰা মহাবিদ্যালয়খনক এই সম্পৰ্কত প্ৰমাণ পত্ৰও প্ৰদান কৰিছে। ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০-ৰ সফল ৰূপায়ণৰ ক্ষেত্ৰতো তেওঁ গ্ৰহণ কৰা পদক্ষেপসমূহ ইতিমধ্যে বিদ্বৎ মহলত প্ৰশংসিত হৈছে। বঁটা গ্ৰহণ কৰি নিজৰ অনুভৱ ব্যক্ত কৰি অধ্যক্ষ ড° শ‍ইকীয়াই কয়— এই সন্মান মহাবিদ্যালয়খনৰ শিক্ষক-কর্মচাৰী, ছাত্ৰ-ছাত্ৰী আৰু ডিব্ৰুগড়বাসী ৰাইজৰ অকুণ্ঠ সহযোগিতাৰ ফচল বুলিব পাৰি। তেওঁ কয় যে এখন শিক্ষানুষ্ঠানৰ প্ৰকৃত সাফল্য নিৰ্ভৰ কৰে ইয়াৰ সুশৃংখল প্রশাসন আৰু সময়োপযোগী প্ৰযুক্তিৰ ব্যৱহাৰৰ ওপৰত। ভৱিষ্যত প্ৰজন্মক বিশ্বমানৰ প্ৰত্যাহ্বানৰ বাবে সাজু কৰি তুলিবলৈ হ’লে শিক্ষানুষ্ঠানসমূহ কেৱল ডিগ্ৰী প্ৰদানৰ কেন্দ্ৰ নহৈ উদ্ভাৱন আৰু মানৱীয় মূল্যবোধৰ প্ৰাণকেন্দ্ৰ হ’ব লাগিব বুলিও তেওঁ তাৎপর্যপূর্ণ মন্তব্য আগবঢ়ায়। উজনি অসমৰ বিশিষ্ট শিক্ষাবিদ, সমাজকর্মী, সংবাদকর্মী আৰু বহুসংখ্যক গণ্যমান্য ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত এই সভাখনে ডিব্ৰুগড়ৰ বৌদ্ধিক আৰু শৈক্ষিক মহলত বিশেষ উৎসাহৰ সঞ্চাৰ কৰিছে। ড° শ‍ইকীয়াৰ এই স্বীকৃতিত মহাবিদ্যালয় পৰিয়াল, বিভিন্ন দল-সংগঠন আৰু গুণমুগ্ধসকলে তেওঁলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছে। মহাবিদ্যালয়খনৰ ছাত্ৰ একতা সভাৰ সভাপতি দূর্লভ কুৰ্মী, সাধাৰণ সম্পাদক গৌৰৱ গগৈয়ে ছাত্ৰ একতা সভাৰ হৈ অধ্যক্ষগৰাকীক এনে সন্মানৰ বাবে উষ্ম অভিনন্দন জনাই অধ্যক্ষগৰাকীৰ উত্তৰোত্তৰ কামনা কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *