পৰ্যটন বৰ্ষৰ বাবে মুকলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চল কঁহৰা
নগাঁও:-
২০২৫-২৬ পৰ্যটন বৰ্ষৰ বাবে মুকলি কৰা হ’ল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ কেন্দ্ৰীয় বনাঞ্চল কঁহৰা৷ বনাঞ্চলখনৰ প্ৰৱেশদ্বাৰ মিহিমুখত ৰবিবাৰে পৰ্যটক,স্থানীয় ৰাইজ,কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰ সঞ্চালক ড৹ সোণালী ঘোষৰ লগতে বন বিভাগৰ বিষয়া-কৰ্মী,পৰ্যটন ব্যৱসায়ী আদিৰ উপস্থিতিত নাৰিকল ভাঙি আৰু ফিটা কাটি কঁহৰা বনাঞ্চল আনুষ্ঠানিকভাৱে পৰ্যটকৰ বাবে মুকলি কৰে ৰাজ্যৰ বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে । ইয়াৰ লগে লগে কঁহৰা বনাঞ্চলত পৰ্যটকৰ বাবে জীপ ছাফাৰী আৰু হাতী ছাফাৰীও মুকলি কৰা হয়৷ মুঠৰ ওপৰত সৰ্বতোপ্ৰকাৰে পৰ্যটকক আদৰিবলৈ সাজু হৈছে কাজিৰঙা। বনমন্ত্ৰী পাটোৱাৰীয়ে বিগত পৰ্যটন বৰ্ষত কাজিৰঙাত অভিলেখসংখ্যক পৰ্যটকৰ আগমন ঘটাৰ কথা উল্লেখ কৰি কয় যে আশা কৰা হৈছে এইবাৰো পৰ্যটকৰ সমাগমে কাজিৰঙাত অভিলেখ গঢ়িব ৷ ৰাইজক কাজিৰঙা দৰ্শন কৰিবলৈ আহিবলৈ আহ্বান জনাই মন্ত্ৰী পাটোৱাৰীয়ে৷ আনহাতে,মন্ত্ৰী কেশৱ মহন্তই কয় যে অসমৰ সাম্প্ৰতিক পৰিৱেশত বিশ্বৰ যথেষ্ট পৰ্যটক আকৰ্ষিত হৈছে ৷ পৰ্যটকৰ সমাগমৰ ক্ষেত্ৰত এই পৰ্যটন বৰ্ষত পূৰ্বৰ সকলো অভিলেখ ভংগ হ’ব আৰু প্ৰকৃতি প্ৰেমীৰ আগমন বৃদ্ধি পাব ৷ কাজিৰঙাত পৰ্যটকৰ সংখ্যা প্ৰত্যেক বৰ্ষতে বাঢ়ি আছে বুলি প্ৰকাশ কৰি মন্ত্ৰী অতুল বৰাই এই বৰ্ষতো পৰ্যটকৰ সংখ্যা বৃদ্ধি পাব বুলি আশা প্ৰকাশ কৰে ৷ সকলোকে কাজিৰঙালৈ আহিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়৷ ইপিনে,কঁহৰা বনাঞ্চল মুকলিৰ পূৰ্বে ৰবিবাৰে পুৱা “কাজিৰঙা ৰাইনো ৰাণ” শীৰ্ষক এখন দৌৰ প্ৰতিযোগিতা সম্পন্ন হয় ৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ আৰু “ডব্লিউ টি আৰ পি”ৰ উদ্যোগত অনুষ্ঠিত এই দৌৰ প্ৰতিযোগিতাত দেশৰ ভিন্ন ৰাজ্যৰ প্ৰায় ৩০০ গৰাকী পুৰুষ-মহিলাই অংশগ্ৰহণ কৰে ৷
কাজিৰঙা ৰাইনো ৰাণ শীৰ্ষক দৌৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলৰ একাংশ কঁহৰা বনাঞ্চল মুকলিৰ পাছত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত দীৰ্ঘদিন সেৱা আগবঢ়াই কিছুদিন পূৰ্বে মৃত্যুক আঁকোৱালি লোৱা পৰাক্ৰমী হস্তীনি “মোহনমালা”ৰ স্মৃতিত মুকলি কৰা হয় এক হাতীশাল ৷