দীপ্তি শৰ্মাৰ সংগ্ৰাম : পৰিৱৰ্তিত খেলুৱৈ হৈও বেটে-বলে উজলিল শ্বেফালী অৱশেষত ১৪ বছৰৰ অন্তত এদিনীয়া বিশ্বকাপ জিনিলে ভাৰতে
ৰানৰ প্ৰাচীৰ গঢ়ি ভাৰতীয় নাৰীশক্তিৰ বিশ্ব বিজয়
নৱী মুম্বাই:
অৱশেষত দীর্ঘ প্রতীক্ষাৰ অন্তত সপোন পূৰণ হ’ল ১৪০ কোটি ভাৰতীয়ৰ। ২০২৩ চনত ৰোহিত শর্মা নেতৃত্বাধীন পুৰুষৰ দলে যি কৰি দেখুৱাব নোৱাৰিলে, সেয়া মহিলা এদিনীয়া বিশ্বকাপৰ খিতাপ জিনি কৰি দেখুৱালে ভাৰতীয় মহিলা দলে। ইয়াৰ লগে লগে অস্ট্রেলিয়া, ইংলেণ্ডৰ
আধিপত্য অৱসান ঘটাই ২৫ বছৰৰ অন্তত নতুন দল এটাই লাভ কৰিলে বিশ্বকাপৰ খিতাপ। অৱশ্যে এয়া নিশ্চিত আছিল। কাৰণ ক্রিকেট ইতিহাসত বিশ্বকাপ জিনাৰ সোৱাদ লাভ নকৰা দুই দলৰ মাজত অনুষ্ঠিত হৈছিল মহিলা এদিনীয়া বিশ্বকাপৰ ফাইনেল। তেনেস্থলত নিশ্চিত আছিল যে দক্ষিণ আফ্রিকা নাইবা ভাৰতে খিতাপ লাভ কৰিলেই ক্রিকেট জগতত
আৰম্ভহ’ব নতুন যুগৰ। কিয়নো পুৰুষ-মহিলা উভয় শাখাতে টি-২০ হওক বা এদিনীয়া হওক পূৰ্ণ হোৱা নাছিল দক্ষিণ আফ্রিকাৰ বিশ্বকাপ জয়ৰ স্বপ্ন। আনহাতে, ভাৰতে ২০১১ চনৰ পিছত উভয় শাখাতে লাভ কৰা নাই এদিনীয়াৰ খিতাপ। অৱশেষত ১৪ বছৰৰ অন্তত এদিনীয়া বিশ্বকাপ জিনাৰ আশা পূৰণ হ’ল ভাৰতৰ। পুৰুষ দলটো বিগত বিশ্বকাপত ঘৰুৱা ভূমিত থমকি ৰ’লেও নিৰাশ নকৰিলে ভাৰতীয় মহিলা দলটোৱে। ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে এদিনীয়া বিশ্বকাপৰ খিতাপ দখল কৰিলে ৱমেন ইন ব্লুৱে। নৱী মুম্বাইত অনুষ্ঠিত ৰোমাঞ্চকৰ ফাইনেলত ভাৰতে ৫২ ৰানত পৰাস্ত কৰে দক্ষিণ আফ্রিকাক। ইয়াৰ লগে লগে ভাৰতৰ হাতত পুৰুষ টি-২০ বিশ্বকাপৰ ফাইনেলত অন্তিম অভাৰত পৰাস্ত হৈ খিতাপ হেৰুওৱা দক্ষিণ আফ্রিকান পুৰুষ দলটোৰ দৰে মহিলা দলটো ৰুদ্ধ হয় ফাইনেলত। ইফালে, ৮ বছৰৰ পিছত ফাইনেলত প্ৰৱেশ কৰি এই কৃতিত্ব অর্জন, কৰে হৰমন বাহিনীয়ে। ইয়াৰ পূর্বে ২০০৫ আৰু ২০১৭ চনত দলটো ৰানাৰ্ছ আপ
আছিল। মেচখনত দক্ষিণ আফ্রিকাই টছত জয়লাভ কৰি প্ৰথমে বলিং কৰাৰ সিদ্ধান্ত লয়। প্রথমে বেটিং কৰি ভাৰতে নিৰ্ধাৰিত ৫০ অভাৰত ৭ উইকেট হেৰুৱাই ২৯১৮ বান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ৪৫৩ অভাৰত ২৪৬ বান সংগ্ৰহ কৰি ইনিংছ সামৰে দক্ষিণ আফ্রিকাই। ভাৰতৰ এই। জয়ৰ নায়িকা হিচাপে নির্বাচিত হয় প্রতিকা ৰাৱালৰ বিকল্প হিচাপে ছেমি ফাইনেলৰ পূৰ্বে ভাৰতীয় দলত স্থান পোৱা শ্বেফালি বার্মা। বেটিং-বলিং উভয় শাখাতে জিলিকি উঠে শ্বেফালি। প্রথমে ভাৰতীয় দলত সুন্দৰ আৰম্ভণি প্ৰদান কৰে শ্বেফালি-স্মৃতি মান্ধানাই। স্মৃতিয়ে ৪৫ ৰানৰ অৰিহণা আগবঢ়ায়। তাৎপৰ্যপূৰ্ণভাৱে দুয়োগৰাকী অপেনাৰৰ মাজত ১০৪ ৰানৰ অংশীদাৰিত্ব হয়। শ্বেফালিয়ে ৭৮ ৰানত ৮৭ ৰানৰ বৰঙনি আগবঢ়ায়। দীপ্তি শর্মাই ৫৮ ৰান সংগ্ৰহ কৰাৰ বিপৰীতে দ্রুত ৩৪ ৰান কৰে ৰিচা ঘোষে। অৱশ্যে বিগত মেচৰ নায়িকা জেমিমা ৰদ্রিগেজ ২৪ ৰানৰ অৰিহণা আগবঢ়ায়। হৰমনে ২০, অমনজিতে ১২ ৰান সংগ্ৰহ কৰে। দক্ষিণ আফ্রিকাৰ হৈ আয়াবংগা খাকাই সর্বাধিক তিনিটা উইকেট দখল কৰে। আনহাতে, প্রটিয়াজ দলটোৰ হৈ বেটিঙত ভাৰতক প্রত্যাহ্বান জনায় দলৰ অধিনায়ক ল’ৰা উলভার্দে। উলভার্দে ১০১ ৰানৰ অৰিহণা আগবঢ়ায়। ইয়াৰ বিপৰীতে এনেৰী ডেকচাৰিয়ে ৩৫ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ দীপ্তি শৰ্মাই পাঁচটা উইকেট দখল কৰাৰ বিপৰীতে দুটা উইকেট লাভ কৰে শ্বেফালিয়ে। উল্লেখ্য যে বিশ্বজিনা খিতাপ ভাৰতীয় দলৰ অংশ আছিল অসমকন্যা উমা চেত্রী। বাংলাদেশৰ বিৰুদ্ধে লীগ মেচত ভাৰতীয় দলৰ একাশদতো স্থান পাইছিল উমাই।