...

অইল ইণ্ডিয়া দুলীয়াজানত ৪৮ সংখ্যক নৰাকাস বৈঠক সম্পন্ন

Spread the love

 

 

অইল ইণ্ডিয়া দুলীয়াজানত ৪৮ সংখ্যক নৰাকাস বৈঠক সম্পন্ন

 

দুলীয়াজান:

অইল ইণ্ডিয়া লিমিটেডৰ অধ্যক্ষতাৰ অধীনত কাৰ্য্যৰত নগৰ ৰাজভাষা কার্যান্বয়ণ সমিতি, দুলীয়াজানৰ
৪৮ সংখ্যক বৈঠকখনি বৃহস্পতিবাৰে অইল ইণ্ডিয়া লিমিটেডৰ ক্ষেত্ৰীয় সন্মিলন কক্ষত অনুষ্ঠিত হৈ যায় । অইলৰ কাৰ্য্যবাহী সঞ্চালক (মানৱ সম্পদ আৰু ক্ষেত্রীয় প্রশাসন) মাধুৰ্য্য বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত এই বৈঠক ৰাজভাষা নীতিৰ ফলপ্রসূ ৰূপায়ণক অধিক শক্তিশালী কৰি তোলাৰ ক্ষেত্ৰত আন এক মাইলৰ খুঁটি ৰূপে চিহ্নিত হৈছে। বৈঠকত ৰাজভাষা বিভাগৰ প্ৰতিনিধি ৰূপে উপস্থিত থাকে ভাৰত চৰকাৰৰ গৃহ পৰিক্ৰমা মন্ত্রালয়ৰ ৰাজভাষা বিভাগৰ আঞ্চলিক ৰূপায়ণ কার্যালয় (উত্তৰ পূৰ্বাঞ্চল) ৰ গৱেষণা বিষয়া (কাৰ্য্যকৰীকৰণ) ৰাম আকবল যাদৱ, অইলৰ মুখ্য মহা প্রবন্ধক (ক্ষেত্রীয় প্রশাসন) দেৱশিষ বৰা আৰু অইলৰ জ্যেষ্ঠ বিষয়া (ৰাজভাষা) তথা সদস্য সচিব (নৰাকাস-দুলীয়াজান) দিগন্ত ডেকা । ইয়াৰ উপৰিও দুলীয়াজান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত অৱস্থিত কেন্দ্রীয় চৰকাৰৰ কাৰ্য্যালয়, ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু বেংকৰ বিভাগীয় মুৰব্বী আৰু ৰাজভাষাৰ বিষয়া তথা ভাৰপ্ৰাপ্ত বিষয়াসকলে বৈঠকত সক্রিয়ভাৱে অংশগ্ৰহণ কৰি হিন্দী ভাষাৰ প্ৰগতি আৰু প্ৰসাৰত সামূহিক দায়বদ্ধতা প্রতিফলিত কৰে। দুলীয়াজান নৰাকাসৰ সদস্য সচিব তথা অইলৰ জ্যেষ্ঠ বিষয়া (ৰাজভাষা) দিগন্ত ডেকাই সভাখন সফল ৰূপত পৰিচালনা কৰাৰ লগতে বিভিন্ন সদস্য কাৰ্য্যালয়সমূহে প্রদান কৰা ত্রৈমাসিক প্রতিবেদনৰ ওপৰত ভিত্তি কৰি সামগ্রিকভাৱে অগ্রগতিৰ প্রতিবেদন দাঙি ধৰে। অংশগ্রহণকাৰীসকলে ৰাজভাষা নীতি ৰূপায়ণৰ ক্ষেত্ৰত সম্মুখীন হোৱা অসুবিধাসমূহৰ বিষয়ে আলোচনা কৰি সেইসমূহ সমাধানৰ বাবে প্রয়োজনীয় সিদ্ধান্ত গ্রহণ কৰে। ৰাজভাষা বিভাগৰ প্ৰতিনিধি হিচাপে উপস্থিত থকা ৰাম আকবল যাদৱে সকলো সদস্য- কাৰ্য্যালয়ৰ পৰা পোৱা প্রতিবেদনৰ ভিত্তিত বাজভাষা অধিনিয়মৰ ধাৰা ৩ (৩)ৰ অনুসৰণ, হিন্দীত চিঠি-পত্র লিখা, কর্মশালাৰ আয়োজন, নিয়মিত ত্রৈমাসিক বৈঠক, বার্ষিক লক্ষ্য ২০২৫-২৬ সম্পর্কীয় বিভিন্ন দিশৰ আলোচনা কৰে আৰু ভাৰত চৰকাৰৰ ৰাজভাষা নীতিৰ ফলপ্রসূ ৰূপায়ণৰ সন্দর্ভতো গুৰুত্বপূর্ণ পৰামর্শ আগবঢ়ায়।
আনহাতে ভাষণৰ জৰিয়তে কাৰ্য্যবাহী সঞ্চালক মাধুর্য্য বৰুৱাই সদস্য কাৰ্য্যালয়সমূহৰ সক্রিয় অংশগ্রহণত সন্তুষ্টি প্রকাশ কৰে আৰু এনে ধৰণৰ সক্রিয় অংশগ্রহণে যে হিন্দীৰ প্ৰসাৰৰ দিশত কৰা প্ৰচেষ্টাসমূহত নতুন গতি প্রদান কৰে সেই কথা সদৰী কৰে। লগতে তেওঁ কয় যে, হিন্দী ভাষাৰ ব্যৱহাৰক কেৱল প্রশাসনিক বাধ্যবাধকতা হিচাপে নহয় বৰঞ্চ সাংস্কৃতিক দায়িত্ব হিচাপে পালন কৰিব লাগে। তেওঁ সকলো সদস্য কার্যালয়কে সভাৰ সিদ্ধান্ত আৰু পৰামৰ্শসমূহ গুৰুত্বসহকাৰে আৰু দায়বদ্ধতাৰে কার্যকৰী কৰিবলৈ আহ্বান জনায় যাতে হিন্দী ভাষাৰ ব্যৱহাৰ সাংগঠনিক কর্ম সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈ পৰে। উল্লেখ্য যে, উক্ত বৈঠকতে ২০২৪-২৫ বর্ষটোত ৰাজভাষা ৰূপায়ণৰ ক্ষেত্ৰত উৎকৃষ্ট প্ৰদৰ্শনৰ ওপৰত ভিত্তি কৰি নৰাকাস্, দুলীয়াজানৰ সদস্য কাৰ্য্যালয়সমূহক ‘অইল ট’লিক অফিচিয়েল লেংগুৱেজ চিল্ড’ আৰু লগতে মানপত্র প্রদান কৰা হয়। লগতে, ৰাজভাষা উৎসৱৰ সময়ত নৰাকাস, দুলীয়াজানৰ সদস্য কাৰ্য্যালয়সমূহৰ বাবে অইলৰদ্বাৰা আয়োজিত বিভিন্ন প্রতিযোগিতাৰ বিজয়ী সকলকো বিভিন্ন আকর্ষণীয় পুৰস্কাৰ আৰু মানপত্ৰ প্ৰদান কৰা হয় । শেষত অইলৰ মুখ্য মহা প্রবন্ধক (ক্ষেত্র প্রশাসন) দেৱাশিষ বৰাই সকলো অংশগ্ৰহণকাৰীৰ সক্রিয় অৱদানৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰি কয় যে, হিন্দী কেৱল এক যোগাযোগৰ মাধ্যমেই নহয়, সাংগঠনিক ঐক্য আৰু সাংস্কৃতিক পৰিচয়ৰো ই এক প্রতীক। লগতে তেখেতে কাৰ্য্যালয়ৰ কাম-কাজত হিন্দী ভাষাক নিৰন্তৰ প্ৰচাৰ আৰু ব্যৱহাৰিক ব্যৱহাৰৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *