...

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ডিব্ৰুগড়ৰ কৰ্মচাৰীৰ অৱস্হান‌ ধৰ্মঘট

Spread the love

ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ডিব্ৰুগড়ৰ কৰ্মচাৰীৰ অৱস্হান‌ ধৰ্মঘট

৩,৪ আৰু ৫ নবেম্বৰত তিনিদিনীয়া বিক্ষোভ কাৰ্যসূচী

ৰাজ্য চৰকাৰৰ প্ৰতাৰণা- বঞ্চনাৰ বিৰুদ্ধে প্ৰতিবাদ

নায্য প্ৰাপ্তিৰ দাবীত ওলায় আহিল জিলা আৰু ব্লকৰ সহস্ৰাধিক কৰ্মচাৰী

চাইন অন ডেস্ক:

ৰাজ্যৰ স্বাস্থ্য খণ্ডৰ অন্যতম প্ৰধান চালিকা শক্তি হিচাবে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ ভূমিকা অনস্বীকাৰ্য । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ বিভিন্ন স্বাস্থ্য আঁচনিৰ সফল আৰু ফলপ্ৰসূ ৰূপায়ণত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ সকলো‌ কৰ্মচাৰীৰ অৱদান, কৰ্ত্তব্যনিষ্ঠা অদ্বিতীয় হোৱাৰ পিছতো কিন্তু এই অভিযানৰ অধীনত কৰ্মৰত বিষয়া -কৰ্মচাৰী অথবা স্বাস্থ্য কৰ্মী সকলক যথাযোগ্য পাৰিতোষিক আৰু মৰ্য্যাদা প্ৰদানত ৰাজ্য চৰকাৰে গ্ৰহণ কৰি আহিছে বেপৰোৱা ভূমিকা। ৰাজ্যখনৰ নিয়মীয়া স্বাস্থ্য বিষয়া- কৰ্মচাৰী আৰু স্বাস্থ্য কৰ্মী সকলৰ সমানেই অৰ্হতা আৰু কৰ্তব্যনিষ্ঠাৰে নিৰন্তৰ চৰকাৰী সেৱা আগবঢ়ায় অহা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান
ৰ কৰ্মচাৰী সকলৰ প্ৰতি বিগত প্ৰায় ২০০৬ চনৰ পৰাই প্ৰতাৰণামূলক স্থিতি লৈ অহা ৰাজ্য চৰকাৰৰ দুটা দশক জোৰা প্ৰবঞ্চনাৰ বিৰুদ্ধে ৰাজ্যজুৰি ঐক্যবদ্ধ গণতান্ত্ৰিক প্ৰতিবাদ সাৱ্যস্ত হোৱাৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাৰ স্বাস্থ্য আৰু কাৰিকৰী কল্যান সন্থা (এন এইচ এম )আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাৰ যৌথ উদ্যোগত জিলা ভিত্তিত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা আৰু ব্লকৰ বিষয়া – কৰ্মচাৰী, স্বাস্থ্য কৰ্মী সকলে ৩,৪ আৰু ৫ নৱেম্বৰত জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত তিনি দিনীয়া কৰ্মবিৰতি আৰু অৱস্থান ধৰ্মঘটৰে প্ৰতিবাদী কাৰ্যসূচী পালন কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ দীৰ্ঘদিনীয়া পাঁচটা গুৰুত্বপূৰ্ণ দাবী অনুসৰি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান, অসমৰ অধীনত কৰ্মৰত সকলো ধৰণৰ কৰ্মচাৰীলৈ পে স্কেল ব্যৱস্থা কার্যকৰী কৰি বেতন সুৰক্ষাসহ দৰমহা আযোগমতে ও মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায় (Verdict No. 213 of 2013) অনুসৰি ৰাজ্য চৰকাৰৰ নিয়মীয়া কৰ্মচাৰীৰ সম হাৰত গ্রেচুইটি, সম হাৰত পেঞ্চন, সম হাৰত Death Benefit, সম হাৰত ছার্ভিদ বুক ফেচিলিটি ও অন্যান্য সা-সুবিধাসমূহ সম হাৰত প্ৰদান কৰা।
কর্মচাৰীসকলক স্বাস্থ্য বিভাগত খালী হৈ থকা পদত পোনপটীয়াকৈ নিযুক্তি দিয়াৰ ব্যৱস্থা কৰাৰ লগতে
কৰ্মচাৰীৰ কৰ্মৰত অৱস্থাত মৃত্যু হলে পৰিয়ালত যদি যোগ্য ব্যক্তি থাকে নিযুক্তি ব্যৱস্থা কৰা অন্যথা কর্মচাৰীজনৰ কর্মজীৱনৰ সম্পূৰ্ণ দৰমহা পৰিয়ালক প্ৰদান কৰাৰ ব্যৱস্থা কৰা।সামাজিক সুৰক্ষা আইনৰ আওঁতাত কর্মচাৰীসকলক ই.পি.এফ (Employees Provident Fund) ৰ ব্যৱস্থা কৰাৰ‌ দাবীত অৱস্হান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ডিব্ৰুগড় জিলাৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ‌ কৰ্মী সকলে ।
উল্লেখ্যযোগ্য যে,বর্তমানৰ মুখ্য মন্ত্রী মহোদয় স্বাস্থ্য মন্ত্রী হৈ থকা সময়ত তথা ২০১৬ চনৰ বিধানসভা নির্বাচনৰ আগ মূহুৰ্তত নতুন চৰকাৰ গঠন কৰিয়েই প্রথম কেবিনেটতে এন এইচ এম কর্মচাৰী আৰু সৰ্বশিক্ষাৰ অধীনত কর্মৰত ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়া কৰাৰ প্ৰতিশ্রুতি দিছিল আৰু নিয়মীয়া কৰণ নোহোৱালৈকে সপ্তম দৰমহা আয়োগমতে দৰমহা দিব বুলি যোষণা কৰিছিল। ঠিকাভিত্তিক টেট শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ কৰিলে যদিও ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কর্মচাৰীৰ চাকৰি নিয়মীয়া
কৰাটো দূৰৰে কথা, সপ্তম দৰমহা আয়োগমতে দৰমহা দিয়াৰ ক্ষেত্ৰতো কোনো ধৰণৰ ব্যৱস্থা গ্রহণ নকৰিলে। আনকি সম কামৰ সম দৰমহা (Equal Pay for equal work) দিবৰ বাবে উচ্চতম ন্যায়ালয়ে দিয়া ৰায়ো আজিলৈ কার্যকৰী নকৰিলে। দিল্লী, হাৰিয়ানা, উৰিষ্যা, মনিপুৰ, বিহাৰ, মধ্য প্রদেশ, ঝাৰখণ্ড, মহাৰাষ্ট্ৰ আদি কেইবাখনো ৰাজ্যত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সকলৰ চাকৰি নিয়মীয়া কৰিছে অথবা নিয়মীয়া কর্মচাৰীৰ সমহাৰে দৰমহা দিয়াৰ লগতে সকলো ধৰণৰ চৰকাৰী সা-সুবিধা প্রদান কৰিছে। কিন্তু অসমৰ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কর্মচাৰীৰ ক্ষেত্ৰত বৰ্তমানৰ মুখ্যমন্ত্রী গৰাকীয়ে একো পদক্ষেপ গ্রহণ নকৰা কথাই কৰ্মচাৰীসকলক অধিক হতাশ আৰু ব্যথিত কৰি তুলিছে । উল্লেখযোগ্য যে যোৱা ২৯ অক্টোবৰত গুৱাহাটী ৰ চচলত কেন্দ্ৰীয় ভাৱে সমগ্ৰ ৰাজ্যৰ কৰ্মী সকলে প্ৰতিবাদ সাব্যস্ত কৰি নিজৰ দাবী সমূহ পূৰণৰ বাবে ৩১ অক্টোবৰলৈ চৰকাৰক সময়সীমা বান্ধি দিয়াৰ পিছতো চৰকাৰে ভ্ৰক্ষেপ নকৰাৰ পৰিপ্ৰেক্ষিতত নায্য প্ৰাপ্তিৰ বাবে হাতত প্লে কাৰ্ডলৈ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান ডিব্ৰুগড়ৰ কৰ্মীসকল ঐক্যবদ্ধভাৱে ৰাজ্য চৰকাৰৰ ধাৰাবাহিক অবিচাৰৰ বিৰুদ্ধে জোৰদাৰ প্ৰতিবাদ সাব্যস্ত কৰি কাৰ্যতঃ অচল কৰি তোলে জিলা খনৰ বিভাগীয় কাম কাজ । একেদৰে , ৰাজ্যিক কমিটিৰ সিদ্ধান্ত মৰ্মে, ১২ নৱেম্বৰ লৈকে সকলো ধৰণৰ অনলাইন ও অফলাইন ৰিপ’ৰ্টিং বন্ধ ৰখাৰ লগতে
ইতিমধ্যে হৈ যোৱা Mega Health Camp সমূহৰ phase II level অর্থাৎ Referal ৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰী সকলে কাম কৰাৰ পৰা বিৰত থকা, এই অসহযোগৰ সময়ত যি কোনো Civil construction ৰ সকলো কাম বন্ধ কৰা, এন এইচ এম কৰ্মচাৰী সকলে ৩০ অক্টোবৰৰ পৰা একেৰাহে ৩০ নৱেম্বৰ লৈকে ক’লা বেজ পৰিধান কৰি বিক্ষোভ প্রদর্শন কৰা, Vertical programme সমূহৰ সকলোধৰণৰ কাৰ্যসূচীত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীসকলে অংশগ্ৰহণ নকৰাৰো সিদ্ধান্ত গ্রহণ কৰে। উল্লেখ্য যোগ্য যে, অত্যধিক কামৰ বোজাৰ বিপৰীতে অতি ন্যুনতম দৰ্মহা লাভ কৰা ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ‌ কৰ্মচাৰী সকলৰ দীৰ্ঘদিনীয়া দাবী সমূহৰ‌ প্ৰতি মুখ্যমন্ত্ৰী গৰাকীৰ লগতে স্বাস্থ্যমন্ত্ৰী জনৰো কোনো কাণসাৰ নথকাৰ পৰিপ্ৰেক্ষিতত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ কৰ্মচাৰীয়ে নিজৰ প্ৰাপ্য নোপোৱালৈ এই গণতান্ত্ৰিক সংগ্ৰামখন অব্যাহত ৰাখিব বুলি ডিব্ৰুগড় জিলাৰ স্বাস্থ্য ও কাৰিকৰী কল্যান সন্থা (এন এইচ এম )আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান কৰ্মচাৰী সন্থাৰ প্ৰতিনিধি বৰ্গই  জানিবলৈ দিয়ে

Leave a Reply

Your email address will not be published. Required fields are marked *