অসীম হাজৰীকা অনুৰাগী মঞ্চৰ উদ্যোগত
‘সমন্বয়’ প্রাইজমণি ফুটবল প্রতিযোগিতাৰ শুভাৰম্ভণি
চাইন অন ডেস্ক:
খোৱাং বিধান সভা সমষ্টিৰ অন্তৰ্গত গৰুধৰীয়া গাঁও পঞ্চায়তৰ গৰুধৰীয়া দীপালী সংঘৰ সংৰক্ষিত ৰাজহুৱা খেলপথাৰত ২ নবেম্বৰ তাৰিখে খোৱাং সমষ্টিৰ যুৱনেতা অসীম হাজৰীকা অনুৰাগী মঞ্চৰ উদ্যোগত আৰু বৃহত্তৰ গোহাঁই গাঁৱৰ পৰা মধুপুৰ অঞ্চলৰ ৰাইজৰ সহযোগত এখনি ‘সমন্বয়’ প্রাইজমণি ফুটবল প্রতিযোগিতাৰ শুভাৰম্ভণি কৰা হয়। খোৱাং সমষ্টিৰ যুবনেতা অসীম হাজৰীকাই সমষ্টিটোৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সম্প্রীতি এনাজৰীৰে এখন সুন্দৰ সমাজ গঢ়াৰ লগতে সমন্বয় বার্তা লৈ অসীম হাজৰীকা অনুৰাগী মঞ্চৰ উদ্যোগত সমষ্টিটোত বিগত সময়ত এনেধৰণৰ খেল প্রতিযোগিতা অনুষ্ঠিত কৰাৰ লগতে সমষ্টিটোৰ গ্রামাঞ্চলৰ বিভিন্ন ভিতৰুৱা অঞ্চলত থকা ক্রীড়া প্রতিভা সম্পন্ন খেলুবৈ সকলক এখনি মঞ্চ দিয়াৰ লগতে প্রতিভাবান খেলুৱৈ সকলে যাতে আন্তৰাষ্ট্ৰীয় পৰ্য্যায়লৈকে নিজৰ ক্রীড়া প্রতিভা সমূহক প্রদর্শন কৰি নিজৰ ভবিষ্যত গঢ় দিব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি এইধৰণৰ পদক্ষেপ হাতত লৈ আহিছে। তাৰ ফলস্বৰূপে কালি ‘সমন্বয়’ প্রাইজমণি ফুটবল প্রতিযোগিতাখনি শুভাৰম্ভণি কৰা হয়। যুবনেতা অসীম হাজৰীকাই উদ্বোধন কৰা খেল প্রতিযোগিতাখনিত প্রায় ১৬ টা দলে অংশগ্রহণ কৰিব।কালি উদ্বোধনী খেলখনি চাউলখোৱা এফ চি আৰু কলাখোবা এফ চি মাজত অনুষ্ঠিত হয় আৰু চাউলখোৱা এফ, চিয়ে ৩-০ গলৰ ব্যৱধানত জয়ী হয়। শুভাৰম্ভণিৰ অনুষ্ঠানত বিশিষ্ট ক্রীড়া সংগঠক, প্রাক্তন খেলুবৈ, শিক্ষক আৰু অবসবপ্রাপ্ত শিক্ষকৰ লগতে অঞ্চলস্থ বিশিষ্ট গণ্য মান্য ব্যক্তিসকলক সম্বর্দ্ধনা জনোৱা হয়। উদ্বোধনী অনুষ্ঠানত বিশিষ্ট ব্যক্তিসকলৰ লগতে স্থানীয় বহু গণ্য মান্য ব্যক্তি আৰু ৰাইজ উপস্থিত থাকে
