বটদ্ৰবা থানৰ ইতিহাসত সাধাৰণ সভাত প্ৰথমবাৰ বেলট পেপাৰৰ ভোটদান
#সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত বিশিষ্ট মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ
নগাঁৱৰ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থান বটদ্ৰৱা থান পৰিচালনা সমিতিৰ ইতিহাসত সাধাৰণ সভাত প্ৰথমবাৰৰ বাবে বেলট পেপাৰৰ দ্বাৰা ভোটদান পদ্ধতিৰে সাধাৰণ সম্পাদক নিৰ্বাচন কৰা হয়। ৰবিবাৰে বিশিষ্ট সাংবাদিক তথা নাগালেণ্ড বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹সমুদ্ৰ গুপ্ত কাশ্যপৰ সভাপতিত্বত অনুষ্ঠিত হয় সাধাৰণ সভা। নিশা ১০ বজালৈ অনুষ্ঠিত সাধাৰণ সভাত জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে নগাঁও জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকা, নগাঁও জিলা নিৰ্বাচনী বিষয়া শ্বেখৰন ফুকন,সহকাৰী আয়ুক্ত অৰুণাভ চৌধুৰী,ধিং ৰাজহ চক্ৰৰ চক্ৰ বিষয়া সৌৰভ কুমাৰ দাসকে ধৰি সমগ্ৰ নগাঁও জিলা প্ৰশাসনৰ লোকৰ লগতে বটদ্ৰৱাৰ শলগুৰি আৰু নৰোৱা দুয়োখন সত্ৰৰ ভকত-বৈষ্ণৱ,সমগ্ৰ নগাঁও জিলাৰ লগতে অসমবাসী ভকত-বৈষ্ণৱ,বটদ্ৰৱা থান পৰিচালনা সমিতিৰ আজীৱন সদস্য,সত্ৰীয়া সদস্যৰ উপস্থিতি থাকে। এই সভাতেই ইতিহাস ভঙ্গ কৰি প্ৰথমবাৰৰ বাবে সাধাৰণ সম্পাদক পদক লৈ অনুষ্ঠিত হয় বেলট যুদ্ধ । বেলট বাকচ যোগে হোৱা ভোটৰ জৰিয়তে আগন্তুক তিনিবছৰীয়া কার্যকালৰ বাবে সৰ্বাধিক ভোট লাভ কৰি সাধাৰণ সম্পাদক হিচাপে নিৰ্বাচিত হয় বিশিষ্ট মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈ । ইফালে সমগ্ৰ ৰাজ্যত চৰ্চিত হোৱা বটদ্ৰৱা থান পৰিচালনা সমিতিৰ বিগত ৪ বছৰত সংঘটিত দুৰ্নীতি-অনিয়মৰ তদন্তৰ বাবে ৬ জনীয়া বিশেষ তদন্ত সমিতিও গঠন কৰে সাধাৰণ সভাই। এই সমিতিখনে আগন্তুক ৬ মাহৰ ভিতৰত তদন্তৰ প্ৰতিবেদন দাখিল কৰিব। উল্লেখ্য যে,গুৰুজনাৰ জন্মস্থান বটদ্ৰৱা বটদ্ৰৱা থানৰ পৰিচালনা সমিতি সম্বন্ধীয় বিতৰ্কই বিগত বছৰ ধৰি সংবাদ মাধ্যমৰ শিৰোনামা দখল কৰি আহিছিল। সমান্তৰালকৈ পৰিচালনা সমিতিৰ বিতৰ্কই মহামান্য উচ্চতম ন্যায়ালয় পৰ্যায় লৈ গতি কৰিছিল। ২০২৪বৰ্ষৰ ৯জুনত অনুষ্ঠিত বটদ্ৰৱা থান পৰিচালনা সমিতিৰ দ্বি-বার্ষিক সাধাৰণ সভাত পূৰ্বৰ সমিতিখনৰ দিনত সংঘটিত দুৰ্নীতি-অনিয়ম,বিত্তীয় খেলিমেলি আৰু বিভিন্ন অভিযোগত উক্ত সমিতিখনৰ ওপৰত অনাস্থা প্রস্তাৱ সর্বসম্মতি ক্রমে গৃহীত কৰি সমিতিখন ভংগ কৰা হৈছিল। আনহাতে,স্থানীয় ৰাইজ,ভকত বৈষ্ণৱ,আজীৱন সদস্য আৰু সত্ৰীয়া সদস্যৰ উপস্থিতিত অনুষ্ঠিত উক্ত সাধাৰণ সভাতে নগাঁৱৰ জ্যেষ্ঠ অধিবক্তা বিৰাজ মণি বৰদলৈক সভাপতি আৰু নগাঁৱৰে জ্যেষ্ঠ সাংবাদিক শৈলেন শইকীয়াক সম্পাদক হিচাপে লৈ এখন তদৰ্থ (অস্থায়ী) থান পৰিচালনা সমিতি গঠন কৰি থানৰ নিত্য নৈমত্তিক কাম-কাজৰ লগতে প্রশাসনিককে ধৰি সকলো কাম কাজ পৰিচালনাৰ দায়িত্ব অর্পণ কৰা হৈছিল। তদৰ্থ সমিতিখনে থানৰ নিয়মাৱলী,পৰম্পৰা অক্ষুন্ন ৰাখি যোৱাবৰ্ষৰ ১২জুনত শপত বাক্য পাঠ কৰি দায়িত্বভাৰ গ্ৰহণ কৰিছিল। পাছত নতুন সমিতিয়ে পূৰ্বৰ সমিতিখনলৈ সকলো নথি পত্ৰ আৰু চাবি-কাঠি বিচাৰি পত্ৰ প্ৰেৰণ কৰে।কিন্ত বিতৰ্কিত পুৰণি সমিতিয়ে সামগ্রী সমূহ নিয়ম মতে চমজি নিদি নগাঁও আদালতৰ পৰা এক একপক্ষীয় নিষেধাজ্ঞা জাৰি কৰাৰ পাছত বিষয়টো উচ্চ ন্যায়ালয়,উচ্চতম ন্যায়ালয়লৈকে লৈ গৈছিল। অৱশেষত আদালতৰ নিৰ্দেশনা অনুযায়ী নগাঁও জিলাৰ নৱনিযুক্ত আয়ুক্ত দেৱাশীষ শৰ্মাৰ তৎপৰতাত এই বিতৰ্কিত বিষয়টোৰ অৱসানৰ ঘটে। ৰবিবাৰৰ নিশাৰ এই সভাতেই আগন্তুক তিনিবছৰৰ বাবে বটদ্ৰৱা নৰোৱা সত্ৰৰ সত্ৰাধিকাৰ অম্লান জ্যোতি দেৱ গোস্বামীক সভাপতি,ৰাইদঙীয়াৰ সমাজকর্মী গোবিন দাসক কাৰ্য্যকৰী সভাপতি আৰু মানৱ অধিকাৰ কৰ্মী লাচিত বৰদলৈক সম্পাদক,বদন কলিতাক কোষাধ্যক্ষ হিচাপে লৈ পৰিচালনা সমিতি গঠন হয়। এই সভাৰ আৰম্ভণিতে বিগত সমিতিৰ দিনত হোৱা দুৰ্নীতি-অনিয়মৰ বাবে সভাত উপস্থিত ৰাইজে নিৰপেক্ষ তদন্ত বিচাৰি বক্তব্য দাঙি ধৰে আৰু লিখিত আবেদন দাখিল কৰে। সভাই আগন্তুক ৬ মাহৰ ভিতৰত পুনৰ সাধাৰণ সভা অনুষ্ঠিত কৰি সমস্ত দুৰ্নীতিৰ তথ্য ৰাজহুৱা কৰি দোষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ প্ৰস্তাৱ গ্ৰহণ কৰে। উল্লেখ্য যে বটদ্ৰৱা থানৰ ইতিহাসত প্ৰথম বাৰৰ বাবে জিলা প্ৰশাসনৰ হস্তক্ষেপত কটকটীয়া নিৰাপত্তা বেষ্টনীৰে অনুষ্ঠিত সাধাৰণ সভাখনি বৰগীতেৰে আৰম্ভণি কৰা সভাৰ শেষত হৰিধ্বনিৰে সামৰণি মৰা হয়
