...

ডিব্ৰুগড়ত সোণোৱাল কছাৰী কালছাৰেল ছ’চাইটিৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

Spread the love

ডিব্ৰুগড়ত সোণোৱাল কছাৰী কালছাৰেল ছ’চাইটিৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস উদ্‌যাপন

জনজাতীয় ভাষা-সংস্কৃতিৰ প্ৰতি ভাবুকি আহিছেঃ দেৱেন্দ্ৰনাথ বসুমতাৰী

চাইন অন ডেস্ক:

 

 

সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সাংস্কৃতিক বিভাগৰ উদ্যোগত প্ৰতিষ্ঠা হোৱা ‘সোনোৱাল কছাৰী কালচাৰেল ছ’চাইটি’ নামৰ সংগঠনটোৱে আজি ডিব্ৰুগড়ৰ দুলীয়া-দাইনিজান বাইথ’ মন্দিৰ প্ৰাংগণত প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে উদ্‌যাপন কৰে৷ আৰম্ভণিতে বাইথ’ মন্দিৰত চাৰিমুখীয়া চাকি প্ৰজ্বলন কৰি আৰাধ্য দেৱতা বাইথ’ৰ চৰণত সেৱা গ্ৰহণ কৰা হয়৷ সংগঠনটোৰ অধ্যক্ষ ভুৱন চন্দ্ৰ বড়াই পতাকা উত্তোলন কৰাৰ পিছতে শিল্পী জুবিন গাৰ্গৰ লগতে জনজাতিটোৰো সদ্যপ্ৰয়াত বিশিষ্ট ব্যক্তি অধিবক্তা কেশৱ চন্দ্ৰ সোনোৱাল, প্ৰাক্তন বিধায়ক ক্ষিৰোদ শইকীয়া, লেখক শিৱ নাথ সোনোৱাল, দিগন্ত হাজৰিকা, শিল্পী গায়ত্ৰী হাজৰিকা, অৱসৰী ডিপিআই ৰূদ্ৰেশ্বৰ সোনোৱাল, সমাজকৰ্মী মৃদুল সোনোৱালৰ প্ৰতিচ্চবিৰ সন্মুখত বন্তি প্ৰজ্বলন কৰা হয়৷ ই×য়াৰ পিছতে অস্থায়ী প্ৰেক্ষাগৃহত ভুৱন চন্দ্ৰ বড়াৰ পৌৰোহিত্যত অনুষ্ঠিত মুকলি সভা আৰু কৃষ্টি প্ৰদৰ্শন সভাত মুখ্য অতিথি হিচাপে ভাষণ প্ৰদান কৰি অসম জনজাতি সাংস্কৃতিক মহাসভাৰ সভাপতি তথা গুৱাহাটী দুৰদৰ্শনৰ অৱসৰী সঞ্চালক দেৱেন্দ্ৰনাথ বসুমতাৰীয়ে ভাষণত কয় যে বিশ্বত আজি সৰ-সৰু জাতিবোৰ ডাঙৰ জাতিৰ মাজত বিলীন হৈ গৈছে৷ জনজাতীয় ভাষা-সংস্কৃতিৰ প্ৰতি ভাবুকি আহিছে৷ কৃষ্টি-সংস্কৃতিসমূহৰ বৈশিষ্ট্যতা নাইকিয়া হোৱাৰ উপক্ৰম ঘটিছে৷ আজিৰ দিনতো জনজাতীয় কৃষ্টিয়ে প্ৰয়োজনীয় সমাদৰ লাভ কৰা নাই বুলি মন্তব্য কৰি তেওঁ কয় যে ইয়াৰ বাবে সকলো জনজাতিৰ সংস্কৃতিৱান লোকসকল একত্ৰ হৈ কাম কৰাৰ এক পৰিৱেশ আহি পৰিছে যাৰ জড়িয়তে জনজাতি লোকসকলৰ কৃষ্টি-সংস্কৃতি সুৰক্ষিত হ’ব আৰু ইয়াৰ দ্বাৰা অসমীয়া জাতিও সুৰক্ষিত হ’ব৷ ছ’চাইটিৰ সচিব মণিকান্ত সোনোৱাল, মুখপত্ৰ-প্ৰচাৰ সচিব ৰতন হাজৰিকাই যৌথভাৱে আঁতধৰা সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ পৰমানন্দ সোণোৱালে জনজাতিটোৰ কেতবোৰ ভাল আৰু বেয়া দিশৰ কথা উল্লেখ কৰি এইক্ষেত্ৰত কালছাৰেল ছ’চাইটিকে ধৰি সংশ্লিষ্ট সকলো সংগঠনে ঐক্যবদ্ধভাৱে কাম কৰি যোৱাৰ বাবে পৰামৰ্শ আগবঢ়ায়৷ সভাত লিখিত আদৰণি ভাষণ

 

 

প্ৰদান কৰি সভাপতি ভুৱন চন্দ্ৰ বড়াই কয় যে সোণোৱাল কছাৰীসকলৰ ঐতিহ্যমণ্ডিত স্বকীয় বাৰেৰহণীয়া উপাদানেৰে বৰ্ণাঢ্য লোককলা, লোকবাদ্য, লোকসংগীত, বিভিন্ন নাচ, স্বকীয় সাজপাৰ, খাদ্য, লোকাচাৰ, লোক সম্পদ, পৰম্পৰাগত ও পুৰাতনীয়া বাইথ’ পূজাকে আৰম্ভ কৰি বিভিন্ন পূজা-পাৰ্বণ, শিল্প, ভাস্কৰ্য আদিৰ চৰ্চা, অধ্যয়ন, গৱেষণা, অনুশীলন, প্ৰসাৰ, প্ৰচাৰ, সংৰক্ষণ তথা সংবৰ্ধন কৰিবলৈ আৰু এক শুদ্ধ তথা সকলোৰে গ্ৰহণযোগ্য আৰু পৰিপাটি ৰূপলৈ আনি সংস্কৃতিক এক জীৱন্ত আহিলা কৰি ৰাখিবলৈ কৰা প্ৰচেষ্টাই সোনোৱাল কছাৰী কালচাৰেল ছ’চাইটিৰ মূল লক্ষ্য আৰু উদেশ্য৷ এই প্ৰসংগতে সোণোৱাল কছাৰীৰ পুৰাতনীয় সংস্কৃতিৰ উৎস খ্ৰীং খ্ৰীং বাইথ’ পূজা সংস্কৃতি মূল মূল শিপা বা আধাৰ বুলিও তেওঁ ভাষণত উল্লেখ কৰে৷ সভাৰ উদ্বোধনী ভাষণ প্ৰদান কৰি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোণোৱালে ছ’চাইটিলৈ আগবঢ়োৱা ক’ৰ্পাছ ফাণ্ডৰ তিনি কোটি টকা মুকলি কৰি দিবলৈ সাজু বুলি উল্লেখ কৰি এক বিজ্ঞানসন্মত আৰু সৰ্বসন্মত আঁচনিৰে জনজাতিটোৰ সাংস্কৃতিক দিশৰ ছ’চাইটিয়ে উত্তৰণ ঘটাব বুলি আশা প্ৰকাশ কৰে৷ অনুষ্ঠানত কালছাৰেল ছ’চাইটিৰ এবছৰ পুৰ্তি উপলক্ষ্যে ৰতন হাজৰিকাৰ সম্পাদনাত প্ৰকাশিত ‘এবছৰীয়া পৰিক্ৰমা’ উন্মোচন কৰে ডিব্ৰুগড় জিলা পৰিষদৰ অধ্যক্ষা পুষ্পাঞ্জলি সোণোৱালে৷ আনহাতে মণিকান্ত সোণোৱালৰ কথা, সুৰ আৰু পৰিকল্পনাৰে প্ৰস্তুত কৰি উলিওৱা সংগঠনটোৰ শীৰ্ষগীত ‘অসমীৰ কোলাতে সোণ হৈ জিলিকে’ উন্মোচন কৰে বিশিষ্ট সমাজকৰ্মী, প্ৰাক্তন বিধায়িকা জ্যোৎস্না সোণোৱালে৷ ইয়াৰ লগতে মণিকান্ত সোণোৱালৰ ‘ভেকুলী বিয়াৰ নাম’ আৰু এটি আধুনিক গীত ‘অ পক্ষী বনৰীয়া’ গীতটিও উন্মোচন কৰে জ্যোৎস্না সোণোৱালে৷ অনুুষ্ঠানত জনজাতিটোৰ ছয়গৰাকী বিশিষ্ট ব্যক্তি ক্ৰমে বাইথ’ সংস্কৃতিৰ সাধক প্ৰমোদ চন্দ্ৰ সোনোৱাল, শিক্ষাবিদ শান্তনু দাস বৰহাজোৱাল, শিল্পী দুৰ্গেশ্বৰ সোণোৱাল, জয়ৰাম হাজৰিকা, লেখক ভূপতি বৰুৱা আৰু মূল বাইথ’ মন্দিৰৰ মজিন্দাৰ হেৰম্ব সোণোৱালক সোনোৱালী গামোচা, চেলেং আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয়৷ সম্বৰ্ধিত সকলৰ হৈ প্ৰমোদ চন্দ্ৰ সোণোৱালে চমু বক্তব্য আগবঢ়ায়৷ অনুষ্ঠানটিত দুই নং চৰাইহাবি হুঁচৰি দলৰ সোণোৱাল হুঁচৰি, ডাঙৰীৰ বৰপথাৰ ৰঙাগড়াৰ লগ বিহু, টেপৰগুৰি ক্ষত্ৰি শাল নৃত্য একাডেমিৰ লেছেৰী, দলীয় লোকবাদ্য প্ৰদৰ্শনেৰে সভাস্থলি জীপাল কৰি তোলে৷ অনুষ্ঠানত সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ সভাপতি দেৱানন্দ চেলেং, সোনোৱাল কছাৰী সাহিত্য সভাৰ সভাপতি মোহন সোণোৱালকে ধৰি সংগঠনসমূহৰনেতৃবৃন্দ আৰু ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বহুসংখ্যক গণ্য-মান্য ব্যক্তি আৰু জনজাতিটোৰ সহস্ৰাধিক লোক উপস্থিত থাকে

Leave a Reply

Your email address will not be published. Required fields are marked *