...

নগাঁৱত ড° ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ আয়োজন

Spread the love

 

 

নগাঁৱত ড° ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ আয়োজন

 

পাঁচ হাজাৰৰো ততোধিকৰ পৰিৱেশন কৰিব “মানুহে মানুহৰ বাবে” গীতটি

 

নগাঁও :-

বিশ্ব বৰেণ্য শিল্পী,ভাৰত ৰত্ন,সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ বৰ্ষজোৰা জন্ম শতবাৰ্ষিকী উদযাপনৰ লগত সংগতি ৰাখি অহা ৫ নৱেম্বৰ,বুধবাৰে মহান শিল্পীগৰাকীৰ চতুৰ্দশ সংখ্যক মৃত্যুবাৰ্ষিকী অনুষ্ঠানটি অসম চৰকাৰৰ নিৰ্দেশনা অনুসৰি ৰাজ্যখনৰ জিলাসমূহৰ লগতে সম জিলা সমূহতো বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজনৰ দিহা কৰা হৈছে । ড° ভূপেন হাজৰিকাৰ মৃত্যু বাৰ্ষিকী নগাঁও জিলা প্ৰশাসনৰ উদ্যোগত নগাঁৱৰ ঐতিহ্যমণ্ডিত নেহৰুবালি খেলপথাৰত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰা হৈছে । ইয়াৰ প্ৰস্তুতিৰ সন্দৰ্ভত আজি জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই এখনি সংবাদ মেল আয়োজন কৰে । জিলা আয়ুক্ত কাৰ্য্যলয়ৰ সভা কক্ষত আয়োজিত সংবাদমেলত জিলা আয়ুক্ত শৰ্মাই কয় যে সমগ্র ৰাজ্যখনৰ লগতে নগাঁও জিলাটো অহা ৫ নৱেম্বৰত সুধাকণ্ঠৰ মৃত্যুবাৰ্ষিকী নেহৰুবালি খেলপথাৰত আড়ম্বৰপূৰ্ণভাৱে বৰ্ণাঢ্য কাৰ্য্যসূচীৰে দিনৰ ১১ বজাত উদযাপন কৰা হ’ব। অনুষ্ঠানৰ অংশস্বৰূপে সুধাকণ্ঠ গৰাকীৰ মানৱতাৰ কালজয়ী সৃষ্টি “মানুহে মানুহৰ বাবে” গীতটি ৫০০০ (পাঁচ হাজাৰ)ৰ ৰো অধিক বিদ্যালয়,মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী,স্বেচ্ছাসেৱী সংগঠনৰ সদস্য আৰু জিলাবাসী ৰাইজৰ উপস্থিতিত সমূহীয়াভাৱে পৰিবেশন কৰা হʼব । জিলা আয়ুক্তগৰাকীয়ে মহান শিল্পী গৰাকীৰ মৃত্যুবাৰ্ষিকীৰ উপলক্ষে আয়োজিত অনুষ্ঠানটিত সমূহ জিলাবাসী ৰাইজৰ সহযোগিতা আৰু উপস্থিতি আন্তৰিকতাৰে কামনা কৰিছে।‌ আজিৰ এই সংবাদমেলত জিলা অতিৰিক্ত আয়ুক্ত পংকজ নাগবংশীকে প্ৰমুখ্যে কৰি জিলা তথ্য আৰু জনসংযোগ বিষয়া আৰু জিলা সাংস্কৃতিক উন্নয়ন বিষয়া উপস্থিত থাকে ।

Leave a Reply

Your email address will not be published. Required fields are marked *