...

নগাঁৱত “নিয়ুত মইনা আঁচনি”ৰ নামত ধন লোৱাৰ জিলা আয়ুক্তক অভিযোগ ছাত্ৰীৰ

Spread the love

 

 

নগাঁৱত “নিয়ুত মইনা আঁচনি”ৰ নামত ধন লোৱাৰ জিলা আয়ুক্তক অভিযোগ ছাত্ৰীৰ

 

নগাঁও :-

নগাঁও জিলাৰ বিভিন্ন চৰকাৰী বিদ্যালয়ত অবাধে ধন সংগ্ৰহৰ কথা পোহৰলৈ আহিছে । চৰকাৰী আঁচনি প্ৰদানৰ নামত বিদ্যালয়ৰ প্ৰধান শিক্ষক তথা কৰ্মচাৰীয়ে ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপিত হৈছে । সোমবাৰে নগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই নগাঁও চহৰৰ ডচন উচ্চতৰ মাধ্যমিক বহুমুখী বিদ্যালয়ত উপস্থিত হৈ চৰকাৰী “নিযুত মইনা আঁচনি”ৰ প্ৰ-পত্ৰ প্ৰদানৰ নামত ধন লোৱা ঘটনা ধৰা পেলায় । বিদ্যালয়খনৰ উচ্চ বৰ্গৰ সহায়ক পৱন কুমাৰ বৰাই “নিয়ুত মইনা আঁচনি”ৰ নামত ধন লোৱা বুলি বিদ্যালয়ৰ ছাত্ৰীসকলে অভিযোগ দাখিল কৰে। লগতে ধন নিদিয়া ছাত্ৰীক আঁচনিৰ পৰাৰ বাদ দিয়া বুলিও গুৰুতৰ অভিযোগ উত্থাপিত হয়। আয়ুক্তই হঠাৎ বিদ্যালয়খনিত উপস্থিত হৈ অধ্যক্ষ তপন বৈদ্যক লগত লৈ ছাত্ৰ-ছাত্ৰীসকলৰে মত বিনিময় কৰাৰ পিছতে বিদ্যালয়খনিত ছাত্ৰ-ছাত্ৰীৰ পৰা অবৈধভাৱে ধন লৈ থকা ঘটনা পোহৰলৈ আহে‌ । এই সময়ছোৱাতে আয়ুক্ত দেৱাশীষ শৰ্মাক ছাত্ৰ-ছাত্ৰীসকলে পৰিচয় পত্ৰ প্ৰদানৰ নামত,নামভৰ্তিৰ নামত,ৰেজিষ্ট্ৰেচনৰ নামত পৱন কুমাৰ বৰাই ধন লোৱাৰ কথা অৱগত কৰে। এই অভিযোগৰ পিছতে বিদ্যালয়সমূহৰ পৰিদৰ্শক মৃদুল নেওঁগক জিলা আয়ুক্তই তলব কৰে আৰু সহায়ক পৱন কুমাৰ বৰাক তৎকালে নিলম্বিত কৰিবলৈ নিৰ্দেশ দিয়ে । একেদৰে অধ্যক্ষ তপন বৈদ্যকো কৈফিয়ৎ তলব কৰিবলৈ নিৰ্দেশ প্ৰদান কৰে। পিছত পৰিদৰ্শক মৃদুল নেওঁগে দুয়োজনৰ বিৰুদ্ধে বিভাগীয় ব্যৱস্থা গ্ৰহণ কৰে ।

Leave a Reply

Your email address will not be published. Required fields are marked *