...

টেঙাখাতত ত্ৰিৰংগা ৰেলীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্রহণ, মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি

টেঙাখাতত ত্ৰিৰংগা ৰেলীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অংশগ্রহণ, মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি

চাইন অন ডেস্ক, ১৩ আগষ্ট:

আগন্তুক ৮০ সংখ্যক স্বাধীনতা দিৱসৰ গৌৰৱময় প্ৰাকক্ষণত টেঙাখাতত অনুষ্ঠিত “ত্ৰিৰংগা ৰেলী”ত কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী তথা ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ সর্বানন্দ সোণোৱালে অসম চৰকাৰৰ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ সৈতে
অংশগ্ৰহণ কৰে| স্বাধীনতাৰ গৌৰৱ, ৰাষ্ট্ৰীয় পতাকাৰ মৰ্যাদা আৰু দেশপ্ৰেমৰ অনুভূতিৰে উজ্জীৱিত এই ত্ৰিৰংগা ৰেলীত পাঁচ শতাধিক দলীয় কাৰ্যকৰ্তা আৰু বহু গণ্য-মান্য ব্যক্তি উপস্থিত থাকে
এই উপলক্ষে সোণোৱালে কয় যে, ত্ৰিৰংগা ৰেলী কেৱল এটা কাৰ্যসূচী নহয়, ই আমাৰ ৰাষ্ট্ৰীয় ঐক্য, দায়িত্ববোধ আৰু দেশৰ প্ৰতি থকা অগাধ শ্ৰদ্ধাৰ এক সুন্দৰ প্ৰকাশ| ত্ৰিৰংগাখনে স্বাধীনতা সংগ্ৰামীৰ ত্যাগ আৰু আত্মবলিদানৰ ইতিহাস সদায় সোঁৱৰাই দিয়ে আৰু সেই ইতিহাসক সন্মান জনোৱাৰ লগতে নতুন প্ৰজন্মৰ মাজত দেশপ্ৰেমৰ মূল্যবোধ জগাই
তোলাটো সকলো নাগৰিকৰ দায়িত্ব |

Leave a Reply

Your email address will not be published. Required fields are marked *