...

কানৈ মহাবিদ্যালয়ত ‘প্রিঞ্চিপালছ লাষ্ট ক্লাছ ৩.০’ শীর্ষক বক্তৃতামালা সম্পন্ন

কানৈ মহাবিদ্যালয়ত ‘প্রিঞ্চিপালছ লাষ্ট ক্লাছ ৩.০’ শীর্ষক বক্তৃতামালা সম্পন্ন

 

মানুহে কৰ্মৰ জড়িয়তে সমাজৰ ধাৰ পৰিশোধ কৰিব লাগিব : অধ্যক্ষ ড° দেৱজিৎ শ‍ইকীয়া

চাইন অন ডেস্ক :

মানুহে নিজৰ কৰ্মৰ জড়িয়তে সমাজৰ ধাৰ পৰিশোধ কৰিব লাগিব। ডি এইচ এছ কানৈ মহাবিদ্যালয় (স্বায়ত্তশাসিত)ৰ ইংৰাজী বিভাগৰ অধ্যাপিকা ড° হানিফা ৰহমান, মনোবিজ্ঞান বিভাগৰ অধ্যাপিকা উপাসনা দত্ত আৰু সমাজতত্ত্ব বিভাগৰ অধ্যাপিকা সুজাতা সোনোৱালৰ উদ্যোগত অনুষ্ঠিত হোৱা “প্রিঞ্চিপালছ লাষ্ট ক্লাছ-৩.০’ উদ্বোধন কৰি বিশিষ্ট কবি, সাহিত্যিক তথা মাজুলী মহাবিদ্যালয়ৰ অধ্যক্ষ ড° দেৱজিৎ শ‍ইকীয়াই এইদৰে কয়। তেওঁ কয়— অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই তেওঁৰ এই প্রিঞ্চিপালছ লাষ্ট ক্লাছৰ জড়িয়তে এনে এক চানেকী থৈ যাব যি ভৱিষ্যতে এক দলিল হৈ ৰ’ব। অধ্যক্ষগৰাকীয়ে ছাত্র-ছাত্রীসকলক উদ্দেশ্যি কয় মগজুৰ কোষবোৰক যিমানেই কামত লগোৱা হয়, সিমানেই কোষবোৰ শক্তিশালী হয়। যিমানেই এলাহ কৰি কাম কৰাৰ পৰা আতৰ হয়, সিমানেই মগজুৰ কোষবোৰ শুকাই যায়। অধ্যক্ষগৰাকীয়ে কানৈ মহাবিদ্যালয়ৰ অধ্যক্ষৰ নেতৃত্বত মহাবিদ্যালয়খনে যি এক নিয়মানুৱৰ্তীতাৰ মাজেৰে আগুৱাই গৈছে তাক ভূয়সী প্রশংসা কৰাৰ লগতে অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই মাজুলী মহাবিদ্যালয়ত অধ্যক্ষ হিচাপে কৰ্মৰত হৈ থকা সময়ছোৱাত মহাবিদ্যালয়খনত কৰা উন্নয়নৰ কথাও উল্লেখ কৰে। শেষত এটি সুন্দৰ কবিতাৰে অধ্যক্ষগৰাকীয়ে তেখেতৰ সাৱলীল বক্তব্য সামৰণি মাৰে। অধ্যাপিকা সুজাতা সোনোৱালে আঁত ধৰা অনুষ্ঠানটিত ‘প্রিঞ্চিপালছ লাষ্ট ক্লাছ-৩.০’ বক্তৃতামালাত ‘বুকুৰ মাজত জীয়াই থকা এজন পিতৃৰ অপ্ৰকাশিত মমতা’ শীষক বিষয়ত অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াই ছাত্ৰ- ছাত্ৰীসকলক উদ্দেশ্যি কয়— বোধহয় পিতৃসকল এনেকুৱাই। পিতৃয়ে সন্তানক মাকৰ দৰে কোলাত লৈ মুখত চুমা খাই মৰম দেখুৱাব নোৱাৰে। পিতৃৰ মৰমবোৰ লুকুৱাই থোৱা থাকে অনুশাসনৰ টান চামৰাৰ আঁৰত, গালি-গালাজৰ পিছফালে আৰু নিৰৱে কৰি যোৱা কষ্টবোৰৰ মাজত। অধ্যক্ষগৰাকীয়ে কয় –যিদৰে গাখীৰত পানী মিহলি হৈ গ’লে গাখীৰে নিজৰ অস্তিত্ব শেষ কৰিও পানীক নিজৰ ৰূপ দিয়ে, ঠিক তেনেদৰে এজন দেউতাকে নিজৰ সকলো ভাগৰ আৰু কষ্ট লুকুৱাই সন্তানক এটা সুন্দৰ ভৱিষ্যত দিয়ে ৷ তেওঁ কয়— এজোপা বৃহৎ বটবৃক্ষই নিজে ৰ’দত দহি-পুৰি থাকে, কিন্তু তাৰ তলত আশ্ৰয় লোৱা পশু- পক্ষীক শীতল ছাঁ দিয়ে। অধ্যক্ষ হিচাপে যোৱা এঘাৰ বছৰে সেই ছাঁটোকে দিবলৈ চেষ্টা কৰি অহা বুলি উল্লেখ কৰে। অধ্যক্ষগৰাকীয়ে পুনৰ কয়— কাইলৈ বা আৰু কিছুদিনৰ পিছত হয়তো ম‍ই কানৈ মহাবিদ্যালয়ত নাথাকিম। এই অধ্যক্ষৰ আসনত অন্য কোনোবা বহিব। কিন্তু কানৈ মহাবিদ্যালয়ৰ প্ৰতিটো ধূলিকণাত, এই সেউজীয়া চৌহদৰ প্ৰতিজোপা গছৰ পাতত, শ্ৰেণীকোঠাৰে পাৰ হৈ যোৱা বতাহজাকত আৰু পৰিষ্কাৰ হৈ থকা প্ৰতিটো চুকত মোৰ নিশ্বাস ৰৈ যাব। অনুষ্ঠানটিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কানৈ মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সদস্য ননীমাধৱ বৰকটকীয়ে সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এটি কালজয়ী গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক সমাজৰ হকে, দেশৰ হকে দায়বদ্ধশীলভাৱে কাম কৰি যাবলৈ আহ্বান জনায়। বৰকটকীয়ে অধ্যক্ষ ড° শশীকান্ত শ‍ইকীয়াৰ কৰ্মৰাজিক ভূয়সী প্রশংসা কৰি কয়— অধ্যক্ষগৰাকীৰ নেতৃত্বতে কানৈ মহাবিদ্যালয়ে উন্নতিৰ উচ্চ শিখৰত আগুৱাই যাবলৈ সক্ষম হৈছে। উল্লেখ্য যে অৰুণাচল প্ৰদেশৰ পৰা আহি কানৈ মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা ছাত্ৰ সুভম সুত্ৰধৰে অধ্যক্ষগৰাকীক প্ৰশংসা কৰি এক সুন্দৰ বক্তব্য প্ৰদান কৰে আৰু অধ্যক্ষগৰাকীয়ে ছাত্ৰজনৰ বক্তব্যত আপ্লুত হৈ ছাত্ৰজনক নগদ পাঁচশ টকাৰ লগতে এখন মানপত্র প্রদান কৰে। গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত মহাবিদ্যালয়ৰ ভালেসংখ্যক অধ্যাপক-অধ্যাপিকা, কৰ্মচাৰী আৰু ডেৰ শতাধিক ছাত্র-ছাত্রী উপস্থিত থাকে। শেষত শলাগ জ্ঞাপন কৰে অধ্যাপিকা উপাসনা দত্তই।

Leave a Reply

Your email address will not be published. Required fields are marked *