...

ধুবুৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড

ধুবুৰীত চাঞ্চল্যকৰ হত্যাকাণ্ড

স্বামীৰ হাতত প্ৰাণ গল পত্নীৰ

চাইন অন ডেস্ক,১৪আগষ্ট:

ধুবুৰী জিলাৰ বন্দিহানা আৰক্ষী চকীৰ অন্তৰ্গত চালবান্দা অঞ্চলত সংঘটিত হৈছে এক চাঞ্চল্যকৰ হত্যাকাণ্ড।

বন্দিহানা আৰক্ষীৰ চকীৰ অন্তৰ্গত চালবান্ধাত আলী প্ৰামাণিক নামৰ এজন ব্যক্তিয়ে তেওঁৰ প্ৰথমা পত্নীক মমতাজ বেগমক হত্যা কৰাৰ এক গুৰুতৰ অভিযোগ উত্থাপিত হৈছে।

দুটা বিবাহ কৰাৰ ফলত সাংসাৰিক কাজিয়াৰ ফলত এই হত্যাকাণ্ড সংগঠিত হোৱা বুলি সন্দেহ কৰা হৈছে।

ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে বন্দিহানা আৰক্ষী ঘটনাস্থলীত উপস্থিতহৈ স্বামী আলী প্ৰামাণিকক গ্ৰেপ্তাৰ কৰে ।

হত্যাকাণ্ডৰ প্ৰকৃত কাৰণ কি, আৰু কেনেদৰে এই ঘটনা সংঘটিত হ’ল, সেই বিষয়ে আৰক্ষীৰ তদন্ত অব্যাহত আছে।
আৰক্ষীৰ তদন্ত সম্পূৰ্ণ হোৱাৰ পিছতহে হত্যাকাণ্ডৰ আঁৰৰ প্ৰকৃত ৰহস্য পোহৰলৈ আহিব বুলি আশা কৰা হৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *