...

অসম-অৰুণাচল সীমান্তৰ গুলীচালনাত আহতক সাক্ষাৎ লুৰীণজ্যোতি গগৈৰ

অসম-অৰুণাচল সীমান্তৰ গুলীচালনাত আহতক সাক্ষাৎ লুৰীণজ্যোতি গগৈৰ

সীমান্ত সমস্যাৰ স্থায়ী সমাধানত ব্যৰ্থ চৰকাৰক তীব্ৰ সমালোচনা

চাইন অন ডেস্ক,১৩আগষ্টঃ

অসম-অৰুণাচল সীমান্তৰ মিংমাং বদতিত শেহতীয়াকৈ সংঘটিত উত্তপ্ত পৰিস্থিতি আৰু গুলীচালনাৰ ঘটনাত গুৰুতৰভাৱে আহত হৈ ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ থকা ১১ গৰাকী লোকক সাক্ষাৎ কৰি স্বাস্থ্যৰ বুজ লয় জাতীয় পৰিষদৰ নেতা লুৰীণজ্যোতি গগৈয়ে। আহত ৰোহিত দলে, ভাইজান দলে, বিজ্ঞেশ্বৰ পাটিৰ, কামে পেগু, সঞ্জয় টায়ুং, উৎপল দলে, ৰাকেশ দলে, ৰাকেশ লাগাচু, লক্ষ্মীপ্ৰসাদ লাগাচু, বিষ্ণু পেগু আৰু জান দলেক সাক্ষাৎ কৰি তেওঁ চিকিৎসা সেৱাৰ পৰ্যবেক্ষণ কৰাৰ লগতে আশু আৰোগ্য কামনা

কৰে। ইয়াৰ উপৰিও কৰ্তব্যৰত চিকিৎসকসকলৰ সৈতেও আহতসকলৰ স্বাস্থ্যৰ পৰিস্থিতি সম্পৰ্কে আলোচনা কৰে। চিকিৎসালয় চৌহদত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত লুৰীণজ্যোতি গগৈয়ে অসম-অৰুণাচল সীমান্তৰ এনে দুৰ্ভাগ্যজনক পৰিস্থিতিৰ বাবে অসম চৰকাৰ আৰু মুখ্যমন্ত্ৰীক তীব্ৰ ভাষাৰে সমালোচনা কৰে। তেওঁ কয় যে, লিকাবালী সীমান্তত পুনৰ উত্তেজনা, গুলীচালনা আৰু শিলাবৰ্ষণৰ দৰে ঘটনা সংঘটিত হোৱাটোৱে প্ৰমাণ কৰে যে সীমান্ত সমস্যাৰ কোনো স্থায়ী সমাধান হোৱা নাই। চৰকাৰে সমস্যা সমাধান হোৱা বুলি মিছা দাবী কৰি সংবাদ

মাধ্যমৰ আগত ক্ৰেডিট ল’বলৈ যোৱাৰ বাবেই আজি সীমান্তত এনে ভয়াবহ পৰিৱেশৰ সৃষ্টি হৈছে। নেডাৰ আহ্বায়ক হিচাপে দীঘলীয়া সময় দায়িত্বত থকাৰ পাছতো অৰুণাচল-অসম, নাগালেণ্ড-অসম, মিজোৰাম-অসম আটাইবোৰ আন্তঃৰাজ্যিক সীমা সমস্যা স্থায়ীভাৱে সমাধান কৰাত চৰকাৰ সম্পূৰ্ণ ব্যৰ্থ হৈছে বুলি অভিযোগ তুলি গগৈয়ে কয়— “মুখ্যমন্ত্ৰীয়ে নিজৰ ক্ৰেডিট লবলৈ গৈ জোৰাতাপলি মাৰি সমস্যা সমাধানৰ ভুৱা চেষ্টা চলোৱাৰ বাবেই আজি অসমৰ নিৰীহ জনতাই বলিদান আৰু ত্যাগ স্বীকাৰ কৰিবলগীয়া হৈছে।” তেওঁ আৰু কয় যে কেৱল

দুয়োপক্ষৰ মাজত আলোচনা-বিলোনা কৰিলেই এনে সংবেদনশীল সীমান্ত সমস্যাৰ সমাধান নহয়, কাৰণ প্ৰতিটো অঞ্চলৰে ভৌগোলিক, ঐতিহাসিক আৰু অধিকাৰৰ প্ৰশ্ন বেলেগ বেলেগ। ইয়াৰ বাবে এটা সৰলীকৃত বা ‘জেনৰেলাইজড্’ ফৰ্মুলা প্ৰয়োগ কৰিলে নহ’ব। প্ৰশাসনিক আৰু চৰকাৰী পৰ্যায়ত প্ৰতিটো সীমান্ত অঞ্চলৰ গুৰুত্ব আৰু গভীৰতা বুজি সুকীয়া সুকীয়াভাৱে

বিষয়সমূহ চেটেল কৰি স্থায়ী সমাধানৰ পথ মুকলি কৰিব লাগিব। সীমান্তবাসী ৰাইজৰ নিৰাপত্তা নিশ্চিত কৰাৰ দাবী জনাই নেতাগৰাকীয়ে কেন্দ্ৰীয় চৰকাৰক এই বিষয়ত তাৎক্ষণিক আৰু শক্তিশালী ভূমিকা গ্ৰহণ কৰিবলৈ আহ্বান জনায়। অসমৰ মুখ্যমন্ত্ৰী সীমান্ত সমস্যা সমাধানত চূড়ান্তভাৱে ব্যৰ্থ হৈছে বুলি উল্লেখ কৰি এই সমগ্ৰ বিষয়টো কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু দেশৰ প্ৰধানমন্ত্ৰীক অৱগত কৰাটো অত্যন্ত প্ৰয়োজন বুলি তেওঁ মত প্ৰকাশ কৰে।
ইফালে, মিংমাং বদতিত সংঘটিত গুলীচালনাৰ ঘটনাটোৰ এক উচ্চস্তৰীয় আৰু নিরপেক্ষ তদন্ত চলাই দোষীৰ বিরূদ্ধে কঠোর আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ তেওঁ চৰকাৰৰ ওচৰত জোৰাল দাবী জনায়।

Leave a Reply

Your email address will not be published. Required fields are marked *