চাইন অন ডেস্ক,১৯আগষ্ট:
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ড০ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ অষ্টাদশ বাৰ্ষিক প্ৰতিষ্ঠা দিৱসটি আজি শ্ৰীশ্ৰী অনিৰুদ্ধদেৱ ভৱনত বৰ্ণিল কাৰ্যসূচীৰে সম্পন্ন হৈ যায়৷ পুৱা ১১ বজাৰ পৰা আৰম্ভ হোৱা প্ৰতিষ্ঠা দিৱসত বন্তি প্ৰজ্বলন ডিব্ৰুগড় বিশ্ববিদ্যালয় ড০ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ প্ৰতিষ্ঠাকালৰ সঞ্চালক সাহিত্যচাৰ্য ড০ কৰবী ডেকা হাজৰিকা,পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ ড০ পল্লৱী ডেকা বুজৰবৰুৱা,ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপকদ্বয় ক্ৰমে ড০ গোপাল হাজৰিকা আৰু ড০ প্ৰবীন কুমাৰ গগৈয়ে৷প্ৰতিষ্ঠা দিৱস উপলক্ষে আদৰণী ভাষণ প্ৰদান কৰে কেন্দ্ৰৰ অধ্যক্ষ ড০ পল্লৱী ডেকা বুজৰবৰুৱাই৷ভাষণত পৰিৱেশ্য কলা কেন্দ্ৰৰ অগ্ৰগতিৰো এটি খতিয়ান তেওঁ দাঙি ধৰে৷ অনুষ্ঠানত সন্মানীয় অতিথিৰূপে অংশগ্ৰহণ কৰি সাহিত্যচাৰ্য ড০ কৰবী ডেকা হাজৰিকাই কয় যে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ শৰীৰত পৰিৱেশ্য কলা কেন্দ্ৰটি এপাহি সুগন্ধি ফুলৰ দৰে৷ বিশ্ববিদ্যালয়ৰ সৌন্দৰ্য আৰু আকৰ্ষণ বৃদ্ধিত এই কেন্দ্ৰটোৰ অপৰিসীম গুৰুত্ব আছে বুলিও ভাষণ প্ৰসংগত ড০ ডেকা হাজৰিকাই উল্লেখ কৰে৷ পৰিৱেশ্য কলাই জীৱন আৰু সমাজ উভয়কে সমৃদ্ধ কৰে বুলিও উল্লেখ কৰি শিক্ষাৰ্থীসকলক সাধনা অব্যাহত ৰাখিবলৈ আহ্বান জনায়৷ শাৰীৰিক অসুস্থতাৰ বাবে মুখ্য অতিথিৰূপে উপস্থিত থাকিব নোৱাৰি ভ্ৰাম্যভাষৰ যোগেদি অনুষ্ঠানত অংশগ্ৰহণ কৰি সমৱেত সকলোকে সম্বোধন কৰে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন অভিনেতা বিষ্ণু খাৰঘৰীয়াই৷ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ মানৱিকী আৰু আইন অনুষদৰ ডীন,অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক তথা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ প্ৰাক্তন অধ্যক্ষ ড০ জয়ন্ত কুমাৰ বৰা আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় অৱসৰপ্ৰাপ্ত প্ৰাধ্যাপক ড০ গোপাল হাজৰিকাই শুভেচ্ছমূলক বক্তৃতা প্ৰদান কৰে৷ ড০ ভূপেন হাজৰিকা পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক ড০ মৃণাল কুমাৰ বৰুৱাই আঁত ধৰা প্ৰতিষ্ঠা দিৱসত কেন্দ্ৰৰ শিক্ষাৰ্থীসকলে সাংস্কৃতিক কাৰ্যসূচীৰূপে এটি সত্ৰীয়া নৃত্য,সমৱেত কণ্ঠত ভূপেন হাজৰিকাৰ গীত,একক কণ্ঠত ভূপেন হাজৰিকাৰ গীত আৰু নাট্যভিনয় প্ৰদৰ্শন কৰি অনুষ্ঠানটি সজীৱ কৰি তোলে৷অনুষ্ঠানত পৰিৱেশ্য কলা কেন্দ্ৰৰ অধ্যাপক সকলৰ লগতে বিশ্ববিদ্যালয় বিভিন্ন বিভাগৰ অধ্যাপক, বিষয়া-কৰ্মচাৰী,গৱেষক ছাত্ৰ-ছাত্ৰী উপস্থিত থাকি অনুষ্ঠানটি সফল হোৱাত অৰিহণা যোগায়৷
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.