...

মাছখোৱা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত শৈক্ষিক বক্তৃতা, কুইজ আৰু সাংস্কৃতিক অনুষ্ঠানৰে ‘জ্ঞান অন্বেষণ-০৮’ সম্পন্ন

মাছখোৱা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত

শৈক্ষিক বক্তৃতা, কুইজ আৰু সাংস্কৃতিক অনুষ্ঠানৰে ‘জ্ঞান অন্বেষণ-০৮’ সম্পন্ন

চাইন অন ডেস্ক,১৯মে’:

একালৰ অদৰ্শৱান ছাত্ৰ গৌৰৱ গগৈৰ স্মৃতি যুগমীয়া কৰি নৱপ্ৰজন্মৰ মাজত তেখেতৰ আদৰ্শৰাজি প্ৰসাৰ কৰাৰ উদ্দেশ্যে প্ৰতিষ্ঠা লাভ কৰা সামাজিক অনুষ্ঠান ‘গৌৰৱ সন্মিলিত সমাজ’ৰ উদ্যোগত আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয় গৱেষক ছাত্ৰ সংস্থাৰ সহযোগত মাছখোৱা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা ১৭ মে’, দেওবাৰে সফলতাৰে অনুষ্ঠিত হয় উৎকৰ্ষমূলক অনুষ্ঠান “জ্ঞান অন্বেষণ-০৮”। বিভিন্ন শৈক্ষিক, প্ৰেৰণামূলক আৰু সৃজনশীল কাৰ্যসূচীৰে সমৃদ্ধ এই অনুষ্ঠানত বিদ্যালয় খনৰ প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰী, শিক্ষক-শিক্ষয়িত্ৰী আৰু শিক্ষানুৰাগী ৰাইজে অংশগ্ৰহণ কৰে। মাছখোৱা নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ শ্ৰীযুত গোবিন দত্তই বন্তি প্ৰজ্জ্বলনেৰে অনুষ্ঠানটোৰ শুভাৰম্ভণি কৰে। চাবুৱা ডি. ডি. আৰ. মহাবিদ্যালয়ৰ গণিত বিভাগৰ সহকাৰী অধ্যাপক তথা গৌৰৱ সন্মিলিত সমাজৰ সদস্য ড° জয়দ্বীপ বড়াই আঁত ধৰা অনুষ্ঠানটোত গৌৰৱ সন্মিলিত সমাজৰ সম্পাদক তথা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূ-তত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° প্ৰাণজিৎ কলিতাই “প্ৰয়াত গৌৰৱ গগৈৰ জীৱন দৰ্শন” শীৰ্ষক বক্তব্য আগবঢ়াই গৌৰৱ গগৈৰ জীৱনবোধ আৰু সমাজমুখী চিন্তাধাৰাৰ ওপৰত আলোকপাত কৰে।
ইয়াৰ পাছতে অনুষ্ঠিত বক্তৃতানুষ্ঠানত মনোহাৰী দেৱী কানৈ মহিলা মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° চন্দনজ্যোতি চুতীয়াই “যিসকল থমকি নৰয়: সফলতাৰ পথত দৃঢ়তা আৰু অগ্ৰাধিকাৰ” শীৰ্ষক এটি প্ৰেৰণদায়ক বক্তৃতা আগবঢ়ায়৷ চিলাপথাৰ মহাবিদ্যালয়ৰ জীৱ-বিজ্ঞান বিভাগৰ সহকাৰী অধ্যাপক ড° মানস প্ৰতিম দত্তই “গল্পৰ মাধ্যমেৰে মৌলিক বিজ্ঞান শিক্ষা” বিষয়ত মনোগ্ৰাহী বক্তৃতা প্ৰদান কৰে। আনহাতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক ড° পংকজ চাহুৱে “বিত্তীয় সাক্ষৰতা: ছাত্ৰ-ছাত্ৰীসকলৰ আৰ্থিক আচৰণ গঠনৰ ভূমিকা” শীৰ্ষক আলোচনাত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আর্থিক সচেতনতা বৃদ্ধিত গুৰুত্ব আৰোপ কৰে।
ইয়াৰ পিছত বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলক অনুষ্ঠানটোৰ প্ৰতি অধিক আকৰ্ষিত কৰি ৰাখিবলৈ তেওঁলোকৰ অংশগ্ৰহণেৰে এক মনোজ্ঞ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হয়। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ দিমনজ্যোতি বৰা, জ্যোতিৰ্ময়ী শইকীয়া, বিমানজ্যোতি বৰা, পৰশজ্যোতি বৰুৱা আৰু ধ্ৰুৱজ্যোতি গগৈয়ে অনুষ্ঠান পৰিচালনা আৰু পৰিৱেশনৰ দায়িত্ব সুচাৰুভাৱে পালন কৰি উপস্থিত সকলোকে আপ্লুত কৰে। বিয়লি ভাগত অনুষ্ঠিত মুকলি অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ প্ৰায়োগিক ভূ-তত্ত্ব বিভাগৰ সহকাৰী অধ্যাপক ড° পূৰ্বজ্যোতি ফুকনে “ভ্ৰমনৰ সুৱাস” শীৰ্ষক বক্তৃতা প্ৰদান কৰি ভ্ৰমণৰ জৰিয়তে জ্ঞান আহৰণৰ তাৎপৰ্য ব্যাখ্যা কৰে। ড° ফুকনে অসমৰ এটি ভিতৰুৱা অঞ্চলৰ পৰা গৈ আমেৰিকাৰ ‘ইউনিভাৰ্চিটি অৱ কেলিফৰ্ণিয়া’ত গৱেষণা কৰাৰ ব্যক্তিগত অভিজ্ঞতাৰে ছাত্ৰ-ছাত্ৰীসকলক উদ্বুদ্ধ কৰে৷ এইবর্ষৰ অনুষ্ঠানটোৰ অন্যতম আকৰ্ষণ আছিল মুকলি কুইজ প্ৰতিযোগিতা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ৰসায়ন বিজ্ঞান বিভাগৰ ছাত্ৰ তথা অসমৰ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত আয়োজিত তৰ্ক আৰু কুইজ প্ৰতিযোগিতাত অংশগ্ৰহণৰ অভিজ্ঞতাৰে সমৃদ্ধ উৎপল দত্তই এই প্ৰতিযোগিতাখন পৰিচালনা কৰে। শেষত গৌৰৱ সন্মিলিত সমাজৰ সভাপতি তথা দুলীয়াজান মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° লক্ষ্যজিৎ বুঢ়াগোহাঁইয়ে “গৌৰৱ সন্মিলিত সমাজৰ সেউজমুখী যাত্ৰা” বিষয়ত বক্তব্য ৰাখি ‘গৌৰৱ সন্মিলিত সমাজ’ৰ ভৱিষ্যৎ পৰিকল্পনা দাঙি ধৰে। তেওঁ সকলো অতিথি, অংশগ্ৰহণকাৰী আৰু সহযোগীসকললৈ কৃতজ্ঞতা জ্ঞাপন কৰে। অনুষ্ঠানটোৱে শিক্ষাৰ্থীসকলৰ মাজত জ্ঞানচৰ্চা, সৃজনশীলতা আৰু প্ৰেৰণা সৃষ্টিত বিশেষ ভূমিকা পালন কৰিব বুলি উপস্থিত সকলোৱে মত প্ৰকাশ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *