ডিব্ৰুগড় সাহিত্য সভা ভৱনত কালি বেচৰকাৰী সংগঠন ‘IDSF’ (NGO)ৰ প্ৰথমখন কাৰ্যনিৰ্বাহক সভা সফলতাৰে অনুষ্ঠিত হৈ যায়। সংগঠনটোৰ সভাপতি অনন্ত বৰুৱাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা এই গুৰুত্বপূৰ্ণ সভাখনৰ উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক বাবুল গোহাঁইয়ে। সভাৰ মূল কাৰ্যসূচী অনুসৰি, সংগঠনটোক এক পূৰ্ণাংগ ৰূপ প্ৰদান কৰি মূখ্য উপদেষ্টা খগেন্দ্ৰ নাথ বৰগোহাঁই, সভাপতি অনন্ত বৰুৱা, সাধাৰণ সম্পাদক বাবুল গোহাঁই, মুখপাত্ৰ পবিত্ৰ খনিকৰ, কোষাধ্যক্ষ কুলপদ দাস আৰু সহকাৰী সাধাৰণ সম্পাদক প্ৰদীপ চন্দ্ৰ বড়াক প্ৰমুখ্য কৰি মুঠ ২১ জনীয়া শক্তিশালী কমিটিখনে আনুষ্ঠানিকভাৱে শপতগ্ৰহণ কৰে। উক্ত কাৰ্যনিৰ্বাহক সভাখনতে শিৱসাগৰ জিলাৰ ডিমৌৰ নিবাসী, ৰাষ্ট্ৰীয় বঁটা প্ৰাপক তথা অসম চৰকাৰৰ অভিলাষী আঁচনি “এডভাণ্টেজ আসাম”ৰ অধীনত নিৰ্বাচিত অসমীয়া সফল যুৱ উদ্যোগী তথা ‘Luklaw Wine’ৰ স্বত্বাধিকাৰী দীপজ্যোতি দুৱৰীক আমন্ত্ৰিত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকাৰ বাবে IDSF-ৰ তৰফৰ পৰা বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। সংগঠনটোৰ সমূহ বিষয়ববীয়া আৰু উপভোক্তাই বিশিষ্ট যুৱ উদ্যোগীগৰাকীৰ ভৱিষ্যত কৰ্মজীৱনৰ উত্তৰোত্তৰ আৰু উজ্জ্বল কামনা কৰে। প্ৰথমখন কাৰ্যনিৰ্বাহক সভাৰ এনে সফল সমাপ্তিয়ে অনাগত দিনত সমাজসেৱাৰ ক্ষেত্ৰখনত IDSF-ক এক নতুন গতি প্ৰদান কৰিব বুলি আশাপ্ৰকাশ কৰিছে উদ্যোক্তাসকলে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.