...

নীটৰ প্ৰশ্নকাকত ফাদিলৰ তীব্ৰা বিৰোধিতা ডিব্ৰুগড়ত এন এছ ইউ আইৰ উত্তাল প্ৰতিবাদ

নীটৰ প্ৰশ্নকাকত ফাদিলৰ তীব্ৰা বিৰোধিতা

ডিব্ৰুগড়ত এন এছ ইউ আইৰ উত্তাল প্ৰতিবাদ

জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও

চাইন অন ডেস্ক,১৮মে’:

ৰাষ্ট্ৰীয় প্ৰৱেশিকা পৰীক্ষা ‘নীট’ৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশৰ লগতে ৰাজ্যতো প্ৰতিবাদৰ জুই জ্বলিছে। আজি ডিব্ৰুগড়ত এই ঘটনাৰ তীব্ৰ বিৰোধিতা কৰি ভাৰতীয় জাতীয় ছাত্ৰ সংগঠন এন এছ ইউ আইৰ অসম ৰাজ্যিক সমিতিয়ে এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। এন এছ ইউ আইৰ কৰ্মীসকলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও কৰি পৰিস্থিতি উত্তপ্ত কৰি তোলে। আজি ডিব্ৰুগড়ৰ ‘ৰাজীৱ ভৱন’ৰ পৰা এন এছ ইউ আইৰ ৰাজ্যিক সভাপতি কৌশিক কাশ্যপৰ নেতৃত্বত এক বিশাল প্ৰতিবাদী সমদল বাহিৰ কৰা হয়। অৰ্ধশতাধিক ছাত্ৰ-কৰ্মীয়ে হাতে বাকে প্লে-কাৰ্ড, দলীয় পতাকা লৈ কেন্দ্ৰীয় চৰকাৰ তথা নেচনেল টেষ্টিং এজেন্সীৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদী শ্লোগান দি মহানগৰখনৰ মুখ্য পথেৰে সমদল কৰি জিলা আয়ুক্তৰ কাৰ্যালয় অভিমুখে আগবাঢ়ে। প্ৰতিবাদকাৰীসকলে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান কৰি বিজেপি চৰকাৰৰ ব্যৰ্থতাৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে। সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত এন এছ ইউ আইৰ ৰাজ্যিক সভাপতি কৌশিক কাশ্যপে কেন্দ্ৰীয় চৰকাৰ আৰু এন টি এক তীব্ৰ সমালোচনা কৰি কয় যে, বিগত ১০ বছৰীয়া বিজেপি চৰকাৰৰ কাৰ্যকালত এই লৈ চতুৰ্থবাৰৰ বাবে নীটৰ প্ৰশ্নকাকত ফাদিল হৈছে। এই অনিয়মৰ বাবে মানসিক চাপ সহ্য কৰিব নোৱাৰি দেশৰ প্ৰায় চাৰিজনকৈ ছাত্ৰ-ছাত্ৰীয়ে ইতিমধ্যে আত্মহত্যা কৰিছে। কিন্তু দুৰ্ভাগ্যজনক কথা যে, ছাত্ৰ-ছাত্ৰীৰ মৃতদেহ মাক-দেউতাকৰ কান্ধত উঠাৰ পিছতো কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কেনেকৈ ইমান শান্তিত শুই থাকিব পাৰিছে? নৈতিকতাৰ খাতিৰত তেওঁ অতি শীঘ্ৰে পদত্যাগ কৰিব লাগে। ইফালে পৰীক্ষা পৰিচালনা কৰা সংস্থা ‘এন টি এ’ক নিষিদ্ধ কৰাৰ দাবী তুলি ছাত্ৰনেতাজনে লগতে কয়, যিটো এজেন্সীয়ে বাৰে বাৰে পেপাৰ লিক কৰি লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যত ধবংস কৰিছে, তেওঁলোকক চৰকাৰে কিয় বাৰে বাৰে সুযোগ দি আছে? এনটিএক অতি শীঘ্ৰে নিষিদ্ধ কৰিব লাগে আৰু এনে প্ৰশ্নকাকত ফাদিলৰ সৈতে জড়িত থকা সংস্থাসমূহক চিৰদিনৰ বাবে ব্লেকলিষ্টেড কৰিব লাগে। চিবিআইৰ তদন্তৰ ওপৰত আস্থা নাই বুলি প্ৰকাশ কৰি কাশ্যপে সমগ্ৰ ঘটনাৰ তদন্ত উচ্চতম ন্যায়ালয়ৰ তত্ত্বাৱধানত কৰিবলৈ দাবী জনায়। তেওঁ কয় যে, এই পৰীক্ষাৰ পৰা দেশৰ ভৱিষ্যতৰ চিকিৎসকসকল ওলাই আহে, গতিকে ইয়াৰ সৈতে খেলা কৰাটো মানি লোৱা নহ’ব। চৰকাৰে চিবিআই তদন্ত দি বিষয়টো গাপ দিব বিচাৰিছে বুলি অভিযোগ তুলি তেওঁ ক্ষোভেৰে কয়, আমি জানো যে ছাত্ৰ-ছাত্ৰীসকলে এমবিবিএছ পাছ কৰি ডক্টৰ হৈ ওলাই যাব, তাৰ পিছতো চাগে চিবিআইৰ তদন্তৰ ৰিপ’ৰ্ট আহি নাপাব। সেয়েহে আমি কেৱল ছুপ্ৰিম ক’ৰ্টৰ দ্বাৰা ইয়াৰ নিৰপেক্ষ তদন্ত বিচাৰোঁ। আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত ডিব্ৰুগড় জিলাৰ বহুসংখ্যক ছাত্ৰ-ছাত্ৰী আৰু স্থানীয় এন এছ ইউ আইৰ নেতৃত্ব উপস্থিত থাকে। ছাত্ৰ সংগঠনটোৱে হুংকাৰ দিছে যে যদিহে অতি সোনকালে এন টি এৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা নহয়, তেন্তে অনাগত দিনত এই আন্দোলন আৰু অধিক উগ্ৰ ৰূপত গঢ়ি তোলা হ’ব।

Leave a Reply

Your email address will not be published. Required fields are marked *