...

আন্তঃৰাষ্ট্ৰীয় মেথ অলিম্পিয়াডত বিশ্বৰ দ্বিতীয়, ভাৰতৰ প্ৰথম

আন্তঃৰাষ্ট্ৰীয় মেথ অলিম্পিয়াডত বিশ্বৰ দ্বিতীয়, ভাৰতৰ প্ৰথম

ডিব্ৰুগড়ৰ নিখিলেশ গগৈৰ অভূতপূৰ্ব সফলতা

চাইন অন ডেস্ক,১৮মে’:

অসমৰ বাবে এক গৌৰৱৰ খবৰ। ডিব্ৰুগড়ৰ মেধাৱী শিক্ষাৰ্থী নিখিলেশ গগৈয়ে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অনুষ্ঠিত হোৱা SASMO (Singapore & Asian Schools Math Olympiad)-ত অসাধাৰণ সফলতা লাভ কৰি ৰাজ্যখনলৈ সন্মান কঢ়িয়াই আনিছে। এই বৰ্ষৰ SASMO প্ৰতিযোগিতাত বিশ্বৰ প্ৰায় ৫২খন দেশৰ ৬২ হাজাৰৰো অধিক শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰা এনে এটা কঠিন আৰু প্ৰতিযোগিতামূলক পৰীক্ষাত ডিব্ৰুগড়ৰ এই প্ৰতিভাৱান শিক্ষাৰ্থীগৰাকীয়ে বিশ্ব মঞ্চত নিজৰ ব্যতিক্ৰমী প্ৰতিভাৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হয়। জানিব পৰা মতে, গ্ৰেড-১০ (Secondary 4) শাখাত অংশগ্ৰহণ কৰা নিখিলেশ গগৈয়ে বিশ্বৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰাৰ লগতে ভাৰতৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰি এক অনন্য কৃতিত্ব স্থাপন কৰিছে। তদুপৰি CBSE দশম শ্ৰেণীৰ পৰীক্ষাতো ডিব্ৰুগড়ৰ শিক্ষা ভেলী স্কুলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ হয় নিখিলেশ । তেওঁ ইংৰাজীত ৮৮, অসমীয়াত ৮৭, গণিতত ৯৫, বিজ্ঞানত ৮২, সমাজ বিজ্ঞানত ৯০ আৰু Artificial Intelligence বিষয়ত ৯৮ নম্বৰসহ ৯২ শতাংশ অৰ্জনেৰে নিজৰ মেধাৰ স্বাক্ষৰ বহন কৰে।ডিব্ৰুগড়ৰ নিৰ্মালী গাঁৱৰ নিবাসী জোনমণি গগৈ আৰু প্ৰাণজিত শান্তনু ভাজনীৰ একমাত্ৰ পুত্ৰ তথা বিশিষ্ট ব্যৱসায়ী-সমাজসেৱক পুলিন গগৈ আৰু সুমিত্ৰা গগৈৰ নাতিয়েক নিখিলেশ গগৈৰ এই অসামান্য সফলতাই সমগ্ৰ ৰাজ্যবাসীক গৌৰৱান্বিত কৰি তুলিছে। শিক্ষক-শিক্ষয়িত্ৰী, অভিভাৱক তথা শুভাকাংক্ষীসকলে ইতিমধ্যে নিখিলেশলৈ আন্তৰিক অভিনন্দন জ্ঞাপন কৰাৰ লগতে তেওঁৰ উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছে। সচেতন মহলে মত প্ৰকাশ কৰিছে যে, নিখিলেশৰ এই সাফল্যই অসমৰ নতুন প্ৰজন্মক গণিত আৰু বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত অধিক উৎসাহিত কৰিব।

Leave a Reply

Your email address will not be published. Required fields are marked *