...

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ড॰ মন্দিৰা দাসৰ গ্ৰন্থ ‘বাঙালীৰ শংকৰদেৱ চৰ্চা’ উন্মোচন

ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ড॰ মন্দিৰা দাসৰ গ্ৰন্থ ‘বাঙালীৰ শংকৰদেৱ চৰ্চা’ উন্মোচন

তথ্যসমৃদ্ধ বুৰঞ্জী আখ্যা উপাচার্য ডঃ জিতেন হাজৰিকাৰ

চাইন অন ডেস্ক,১৯মে’:

ডিব্ৰুগড় বিশ্ববিদ্যালয় আৰু মাকুমৰ দীপশিখা প্ৰকাশনৰ যৌথ উদ্যোগত কালি ডিব্ৰুগড় বিশ্ববিদ্যালয়ত উন্মোচিত হ’ল ডুমডুমা কলেজৰ বাংলা বিভাগৰ সহকাৰী অধ্যাপক ড॰ মন্দিৰা দাসৰ এখনি গৱেষণালব্ধ গ্ৰন্থ ‘বাঙালীৰ শংকৰদেৱ চৰ্চা’৷ এই উপলক্ষে ইন্দিৰা মিৰি প্ৰেক্ষাগৃহত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত গ্ৰন্থখনি উন্মোচন কৰে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড॰ জিতেন হাজৰিকাই৷ উন্মোচনী ভাষণত ড॰ হাজৰিকাই কয় যে বিগত ২০১৬-১৭ চনৰ পৰাই এই গ্ৰন্থখনি প্ৰণয়নৰ কাম আৰম্ভ হৈছিল যদিও বিভিন্ন কাৰণত প্ৰকাশত বিলম্ব হ’ল যদিও পকাবন্ধা আৰু ৪৫৯ পৃষ্ঠাৰ [এ ফ’ৰ আকাৰৰ] এই গ্ৰন্থখনি আন গ্ৰন্থতকৈ অলপ সুকীয়া৷ যাৰ পৰা তথ্য সংগ্ৰহ কৰিছে সেইবোৰো গ্ৰন্থখনিৰ এটা খণ্ডত ঠাই দিয়াৰ লগতে ভালেকেইটা ভাষাৰো সমাৱেশ ঘটিছে৷ গ্ৰন্থখনে কাল হিচাপে ১৮৭৫ ৰ পৰা ১৯৫৩ চনলৈ সামৰি লৈছে৷ স্বৰূপাৰ্থত এইখন এখন তথ্যসমৃদ্ধ বুৰঞ্জী বুলি উল্লেখ কৰি তেওঁ কয় যে ১৮৭৫ চনত হয়তো অসমত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সম্পৰ্কে সিমান চৰ্চা হোৱা নাছিল, যিমান বাঙালী পণ্ডিত সমাজে চৰ্চা কৰিছিল৷ লেখিকা ড॰ মন্দিৰা দাসৰ শলাগ লোৱাৰ লগতে গ্ৰন্থখনি পাঠকে আদৰি ল’ব বুলি তেওঁ আশা প্ৰকাশ কৰে৷ অনুষ্ঠানৰ আৰম্ভণিতে এক শুভেচ্চবাণীৰ জড়িয়তে প্ৰথিতযশা সাহিত্যিক নগেন শইকীয়াই কয় যে ড॰ মন্দিৰা দাসে অশেষ কষ্ট কৰি এই গোটেই কামখিনি কৰিলে৷ যাৰ ইতিহাস মই নিজেও জনা নাছিলো৷ মন্দিৰাৰ পৰাই মই শিকিবলৈ পালো মই যেন এটা সোণৰ খনিহে দেখিলো৷ মই মন্দিৰাক ক’লো৷ তুনি এইটো এটা নতুন গৱেষণা কৰি লোৱা৷ মই আমাৰ বিশ্ববিদ্যালয়ৰ লগত পাৰিলে যোগাযোগ কৰি দিম৷ তেতিয়া তদানীন্তন উপাচাৰ্য অলক কুমাৰ বুঢ়াগোহাঁইকে ধৰি অধ্যাপক সকলে বিষয়টো গৱেষণাৰ বাবে গুৰুত্বপূৰ্ণ হিচাপে গ্ৰহণ কৰিলে৷ কিন্তু নানা ঘাত-প্ৰতিঘাতৰ মাজেদি আহিলগীয়া হ’ল৷ বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা অধ্যয়ন কেন্দ্ৰৰ সহকাৰী অধ্যাপক ড॰ মৃণাল কুমাৰ বৰুৱাই আঁত ধৰা আৰু উপাসনা দত্তৰ এটি বৰগীত পৰিৱেশনেৰে আৰম্ভ হোৱা অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি বিশিষ্ট অনুবাদ সাহিত্যিক দেৱীপ্ৰসাদ বাগড়োদিয়াই ভাষণ প্ৰসংগত কয় যে স্বৰাজোত্তৰ অসমত সকলো দিশতে পৰিৱৰ্তন ঘটিছে৷ কিন্তু কোনো ধৰণৰ পৰিৱৰ্তন ঘটা নাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মাধৱদেৱে দি যোৱা অমৰ সৃষ্টি৷ বৰং ই অধিক উজ্জল হৈ পৰিছে৷ আজি বছৰ বছৰ ধৰি গৱেষণা অব্যাহত আছে৷ কিন্তু তেওঁলোকৰ সৃষ্টিৰাজী বিভিন্ন ভাষালৈ অনুবাদ নোহোৱাৰ বাবে আৰু ইয়াৰ যাৱতীয় প্ৰচাৰ নোহোৱাৰ বাবেই বিশ্বমুখীতো বাদেই দিল্লীমুখীও হোৱা নাই৷ সেইদৰে সন্ত সাহিত্যতো অন্তৰ্ভুক্ত হোৱা নাই শংকৰদেৱৰ সৃষ্টি৷ শংকৰদেৱক লৈ সাম্প্ৰতিক সময়ত ড॰ মন্দিৰা দাসকে ধৰি ১৮৭৫ চনৰ পৰাই বাঙালী সকলে চৰ্চা কৰি অহাৰ বাবে শলাগ লৈ তেওঁ কয় যে ভাৰতবৰ্ষত ৭৫ কোটি হিন্দীভাষীৰ মাজলৈ যদি শংকৰ-মাধৱৰ সৃষ্টি প্ৰসাৰিত হয় তেন্তে দেশৰ আন আন ভাষালৈও ই প্ৰসাৰিত হ’ব৷ আনহাতে অনুবাদ অবিহনে আমাৰ সৃষ্টি আন কাৰোলৈ সম্প্ৰসাৰিত নহ’ব বুলি উল্লেখ কৰি তেওঁ অনুুবাদৰ নিজা অভিজ্ঞতাৰে মাধৱদেৱক সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অনুবাদক বুলিও অভিহিত কৰে৷ আনহাতে সভাত নিজৰ অনুভৱ ব্যক্ত কৰি গ্ৰন্থখনিৰ প্ৰণেতা ড॰ মন্দিৰা দাসে গ্ৰন্থখনিৰ জন্ম যন্ত্ৰণা আৰু এইক্ষেত্ৰত পাতনি লিখি দিয়াকে ধৰি প্ৰথিতযশা সাহিত্যিক নগেন শইকীয়াৰ সহযোগিতা-পৰামৰ্শ আৰু আশীৰ্বাদৰ ফলশ্ৰুতিত এই কাম সফলতাৰে সম্পাদিত হোৱাৰ কথা উল্লেখ কৰি গ্ৰন্থখনি অজস্ৰ দুস্পাপ্য তথ্যৰে সমৃদ্ধ আৰু ঐতিহাসিক বিচাৰত অত্যন্ত গুৰুত্বপূৰ্ণ তথা দহ বছৰীয়া কষ্টৰ ফল বুলিও অভিহিত কৰি এইক্ষেত্ৰত ডিব্ৰুগড় বিশ্ববিদ্যালয়কে ধৰি সংশ্লিষ্ট সকলোৰে শলাগ লয়৷ অনুষ্ঠানত ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক ড॰ পৰমানন্দ সোনোৱাল, বিশ্ববিদ্যালয়ৰ প্ৰকাশন বিষয়া প্ৰকল্প ৰঞ্জন ভাগৱতীকে বহুকেইগৰাকী অধ্যাপক, বিভিন্ন সাহিত্য সংগঠনৰ প্ৰতিনিধি আৰু বিশ্ববিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰীসহ শতাধিক সাহিত্যসেৱী আৰু ছাত্ৰ-ছাত্ৰী উপস্থিত থাকে৷

Leave a Reply

Your email address will not be published. Required fields are marked *