১৮ খন চহৰত ৰাষ্ট্ৰীয় পৰ্যায়ত জল মেট্ৰ’ সেৱা আৰম্ভ কৰাৰ পূর্বে আন্তঃমন্ত্ৰালয় পৰামৰ্শৰ বাবে কেন্দ্ৰৰ দ্বাৰা খচৰা ৰাষ্ট্ৰীয় জল মেট্ৰ’ নীতি প্ৰেৰণ
“দেশজুৰি ৰূপায়ণ হ’বলগীয়া জল মেট্ৰ’ প্ৰকল্পৰ প্ৰথম পৰ্যায়ত গুৱাহাটী অন্তর্ভুক্ত হ’ব” : সৰ্বানন্দ সোণোৱাল

• দ্বিতীয় পৰ্যায়ত অসমৰ তেজপুৰ আৰু ডিব্ৰুগড়ত জল মেট্ৰ’ আৰম্ভ কৰাৰো প্ৰস্তাৱ
নতুন দিল্লী, ১৮ মে’ ২০২৬ : কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্রী সর্বানন্দ সোণোৱালে দেশত বহুল প্রতীক্ষিত জল মেট্ৰ’ সেৱাৰ আৰম্ভণিক লৈ আজি নতুন দিল্লীত এক গুৰুত্বপূৰ্ণ পৰ্যালোচনা বৈঠকত মিলিত হয়৷ এই বৈঠকত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে কেন্দ্ৰীয় সেৱা আৰম্ভ কৰাৰ পৰিকল্পনা
চৰকাৰে দেশৰ ১৮ খন চহৰত জল মেট্ৰ’ আগবঢ়াই লৈ গৈছে, যাৰ প্ৰথম পৰ্যায়ত গুৱাহাটীকো অন্তৰ্ভুক্ত কৰা হৈছে৷
প্ৰথম পৰ্যায়ত শ্ৰীনগৰ, পাটনা, বাৰাণসী, অযোধ্যা আৰু প্ৰয়াগৰাজকো অন্তৰ্ভুক্ত কৰা হৈছে৷ আনহাতে, দ্বিতীয় পর্যায়ত অসমৰ তেজপুৰ আৰু ডিব্ৰুগড়তো এই প্রকল্প ৰূপায়ণৰ প্ৰস্তাৱ দিয়া হৈছে৷ একে সময়তে, নগৰভিত্তিক জল পৰিবহণৰ বাবে এক ৰাষ্ট্ৰীয় পৰিকাঠামো প্ৰস্তুত কৰাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে “খচৰা ৰাষ্ট্ৰীয় জল মেট্ৰ’ নীতি, ২০২৬ আন্তঃমন্ত্ৰালয় পৰামৰ্শৰ বাবে প্ৰেৰণ কৰিছে৷ সোণোৱালে ৰাজ্য চৰকাৰসমূহৰ সৈতেও ৰাষ্ট্ৰীয় জল মেট্ৰ’ নীতিৰ খচৰা, ২০২৬ৰ পৰামৰ্শ লোৱাৰ প্ৰয়োজনীয়তাত গুৰুত্ব আৰোপ কৰে৷
কোচি জল মেট্ৰ’ৰ সফলতা আৰু অভিজ্ঞতাৰ ওপৰত ভিত্তি কৰি মোদী চৰকাৰে এতিয়া নৌ-চলাচল উপযোগী জলপথ থকা চহৰসমূহত জলভিত্তিক নগৰ পৰিবহণ ব্যৱস্থা আৰম্ভ কৰাৰ বাবে এক ৰাষ্ট্ৰীয় পৰিকাঠামো প্ৰস্তুত কৰিছে৷ এই পদক্ষেপৰ লক্ষ্য হৈছে অভ্যন্তৰীণ জলপথসমূহক দক্ষ, বহনক্ষম আৰু আধুনিক ৰাজহুৱা পৰিবহণ ব্যৱস্থালৈ ৰূপান্তৰিত কৰা৷
এই পদক্ষেপৰ প্ৰয়োজনীয়তা ব্যাখ্যা কৰি কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কয়, “প্ৰস্তাৱিত জল মেট্ৰ’ ব্যৱস্থাসমূহ তুলনামূলকভাৱে কম ব্যয়বহুল৷ দ্রুত নিৰ্মাণ, কম ভূমিৰ প্ৰয়োজনীয়তা আৰু বিশেষকৈ বৈদ্যুতিক আৰু হাইব্রিড ফেৰী ব্যৱহাৰৰ জৰিয়তে কম পৰিচালনা ব্যয়ে এই ব্যৱস্থাক
পৰম্পৰাগত নগৰ পৰিবহণৰ এক বাস্তৱসন্মত আৰু পৰিৱেশ-অনুকূল বিকল্প হিচাপে গঢ়ি তুলিব৷ এই সেৱাই নগৰসমূহত যান-জঁট হ্ৰাস কৰাৰ লগতে যাত্ৰীসকলক এক আৰামদায়ক, মনোমোহা আৰু মসৃণ যাত্ৰাৰ অভিজ্ঞতা প্ৰদান কৰিব৷”

সৰ্বানন্দ সোণোৱালে আৰু কয়,
“প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ বলিষ্ঠ নেতৃত্বত সেউজ প্ৰযুক্তিৰ প্ৰসাৰত বিশেষ গুৰুত্ব আৰোপ কৰা হৈছে৷ হাইব্রিড আৰু বৈদ্যুতিক চালন ব্যৱস্থাক উৎসাহিত কৰাৰ লগতে সময়ে সময়ে প্রযুক্তিগত উন্নীতকৰণো কৰা হ’ব৷”
এই পদক্ষেপে জাহাজৰ নক্সা, টার্মিনেল, চার্জিং আন্তঃগাঁথনি আৰু সুৰক্ষা ব্যৱস্থাৰ মান স্থাপন কৰাৰ লগতে দেশীয়ভাৱে জাহাজ নিৰ্মাণ আৰু বৰ্তমানৰ পৰিবহণ ব্যৱস্থাৰ সৈতে সমন্বয় সাধনক উৎসাহিত কৰিব৷ প্রকল্প ৰূপায়ণৰ মান ব্যাখ্যা কৰি সোণোৱালে কয়, “নিৰৱচ্ছিন্ন বা আংশিকভাৱে সংযুক্ত জলপথ থকা অঞ্চলসমূহত জল মেট্ৰ’ প্ৰকল্পক অগ্ৰাধিকাৰ দিয়া হ’ব৷ এক মিলিয়নৰো অধিক জনসংখ্যা থকা আৰু বিশেষকৈ পর্যটন ক্ষেত্ৰত পৰিবহণৰ চাহিদা থকা চহৰসমূহ এইক্ষেত্ৰত বিবেচনা কৰা হ’ব৷”
উন্নয়ন পৰিকাঠামোৰ অন্তৰ্গত থাকিব জাহাজ, পন্টুন, জেটি, বাঙ্কাৰিং আৰু চার্জিং আন্তঃগাঁথনি, টার্মিনেল, যাত্রী সুবিধা আৰু নেভিগেশ্যন সহায়ক ব্যৱস্থা৷ যৌথ কেন্দ্ৰ-ৰাজ্য পুঁজি, সম্পূৰ্ণ ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতা, ৰাজহুৱা-বেচৰকাৰী অংশীদাৰিত্ব (PPP) আৰু সম্পূৰ্ণ কেন্দ্ৰীয় পুঁজিৰ দৰে একাধিক পুঁজি মডেল বিবেচনা কৰা হৈছে৷
ভাৰতীয় অভ্যন্তৰীণ জলপথ প্ৰাধিকৰণ (IWAI)-এ ২৫ ফেব্ৰুৱাৰী ২০২৫ তাৰিখে ১৮ খন চহৰৰ সম্ভাৱ্যতা অধ্যয়নৰ দায়িত্ব কোচি মেট্ৰ’ ৰে’ল লিমিটেড (KMRL)-ক অৰ্পণ কৰিছিল৷ এই অধ্যয়নৰ অধীনত বৰ্তমানৰ ৰাজহুৱা পৰিবহণ ব্যৱস্থা, যাতায়াতৰ চাহিদা, আর্থিক সম্ভাৱ্যতা আৰু বহু মাধ্যমিক সংযোগ মূল্যায়ন অন্তর্ভুক্ত আছে৷ বৰ্তমানলৈকে ১৮টা স্থানত পৰিদৰ্শন সম্পন্ন হৈছে৷ ১৭ খন চহৰৰ খচৰা সম্ভাৱ্যতা প্ৰতিবেদন দাখিল কৰা হৈছে, য’ত লক্ষদ্বীপৰ প্ৰতিবেদন বাকী আছে৷ শ্ৰীনগৰ, পাটনা, গুৱাহাটী, বাৰাণসী আৰু অযোধ্যাৰ প্ৰতিবেদন ইতিমধ্যে গৃহীত হৈছে৷
“খচৰা ৰাষ্ট্ৰীয় জল মেট্ৰ’ নীতি ২০২৬” সন্দৰ্ভত মত প্ৰকাশ কৰি সৰ্বানন্দ সোণোৱালে কয় যে ভাৰতৰ সমৃদ্ধ সামুদ্রিক ঐতিহ্য টার্মিনেল আৰু সংশ্লিষ্ট আন্তঃগাঁথনিৰ নক্সা আৰু স্থাপত্যত প্ৰতিফলিত হ’ব লাগিব৷ তেওঁ আঞ্চলিক স্বকীয়তা অটুট ৰখাত গুৰুত্ব আৰোপ কৰে আৰু স্থানীয়ভাৱে উপযোগী নির্মাণ সামগ্ৰী ব্যৱহাৰত অগ্ৰাধিকাৰ দিয়ে৷
সোণোৱালে লগতে যুৱ শিক্ষাৰ্থীসকলক জলপথৰ ৰূপান্তৰমূলক সজাগতা দ্ধি আৰু যুৱপ্ৰজন্মৰ অংশগ্রহণ বৃদ্ধিৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান
জনায়৷
তেওঁ লগতে কয় যে জল মেট্ৰ’ প্রকল্পসমূহে বিশ্বমানৰ আৰু বহনক্ষম যাতায়াত ব্যৱস্থা ত্বৰান্বিত কৰাৰ লগতে চহৰসমূহৰ সৌন্দৰ্য, সুনাম আৰু ঐতিহ্য বর্ধন কৰিবা৷