...

নদুৱাৰ সমষ্টিত শেষ হাঁহি কাৰ ?

Spread the love

নদুৱাৰ সমষ্টিত শেষ হাঁহি কাৰ ?

তিনিবাৰৰ বিধায়ক পদ্ম হাজৰিকাৰ জয় নিশ্চিত?

কংগ্ৰেছৰ প্ৰাৰ্থী সুনীল ছেত্ৰীৰ সন্মুখত প্ৰত্যাহ্বান

বালিপৰা:

শোণিতপুৰৰ ৬৯ নং নদুৱাৰ বিধানসভা সমষ্টিত বৈধ হৈছে বিজেপি ,কংগ্ৰেছ দুয়োটা দলৰ প্ৰাৰ্থীৰ মনোনয়ন । উল্লেখ্য যে এইবেলি নদুৱাৰ সমষ্টিত বিজেপিৰ হৈ পুনৰবাৰ নিৰ্বাচন খেলিব তিনিবাৰৰ বিধায়ক পদ্ম হাজৰিকা আৰু কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিব সদৌ অসম গোৰ্খা ছাত্ৰ সন্থাৰ সদ্যপ্ৰাক্তন সভাপতি সুনীল ছেত্ৰীয়ে । প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি যে এইবেলি নদুৱাৰৰ নিৰ্বাচনী যুঁজখন বেছ আকৰ্ষণীয় হোৱাৰ সম্ভাৱনা আছে । দুয়োগৰাকী প্ৰাৰ্থীয়েই নিজা নিজা ৰণকৌশল অনুসৰি নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰখা পৰিলক্ষিত হৈছে । মুঠতে সমষ্টিটোত এতিয়া নিৰ্বাচনী বতাহ জোৰদাৰ গতিত বলা পৰিলক্ষিত হৈছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *