...

ধুবুৰীৰ গৌৰীপুৰত গৰুৰ চোৰাং বেহা

Spread the love

ধুবুৰীৰ গৌৰীপুৰত গৰুৰ চোৰাং বেহা

চাৰি বেপাৰীক আটক আৰক্ষীৰ

ধুবুৰী:

ধুবুৰীৰ গৌৰীপুৰত আৰক্ষীয়ে গো-ধনৰ অবৈধ সৰবৰাহৰ সৈতে জড়িত চাৰিজন সৰবৰাহকাৰীক কৰায়ত্ত কৰা বুলি জানিব পৰা গৈছে। জানিব পৰা মতে, যোৱানিশা গৌৰীপুৰ আৰক্ষীৰ এটি দলে গৌৰীপুৰ থানাৰ অন্তৰ্গত শিলাইপাৰ অঞ্চলত অভিযান চলাই আটক কৰে চাৰিওকে। ধৃত কেইগৰাকীৰ বিৰূদ্ধে দীৰ্ঘদিনৰ পৰা গৰুৰ চোৰাং সৰবৰাহ তথা গো-হত্যা কৰি মাংস বিক্ৰী কৰাৰ অভিযোগ থকা বুলি প্ৰকাশ। ধৃত কেইগৰাকী ডাৰচৌকা গাঁৱৰ ছপিয়ৰ ৰহমান, শিলাইৰপাৰ গাঁৱৰ আফৰাফুল ইছলাম, সাজুৱাৰকুটি গাঁৱৰ জহুল আলী আৰু ওলিউল ইছলাম বুলি জানিব পৰা গৈছে।

Leave a Reply

Your email address will not be published. Required fields are marked *