ডিব্ৰুগড়ত নাগৰিক সন্মিলনৰ সংবাদমেল
জুবিনৰ ন্যায় সন্দৰ্ভত বিজেপিৰ অন্যায়-ন্যায়ৰ সন্দৰ্ভত তীব্ৰ সমালোচনা
ভোট গ্ৰহণ কেন্দ্ৰৰ কাষে কাষে থাকিব পোষ্টাৰ-বেনাৰ
চাইন অন ডেস্ক:
ভোট গ্ৰহণ কেন্দ্ৰৰ কাষে কাষে আৰিব জুবিন গাৰ্গৰ ন্যায়ৰ পোষ্টাৰ বেনাৰ। ডিব্ৰুগড়ত অসম নাগৰিক সন্মিলন ডিব্ৰুগড় জিলা সমিতিৰ সংবাদমেলৰ জৰিয়তে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ হত্যাকাণ্ডৰ ন্যায় সন্দৰ্ভত বিজেপিয়ে কৰা অন্যায় আৰু ন্যায়ৰ নাটক সন্দৰ্ভত তীব্ৰ সমালোচনা কৰে।
জুবিন গাৰ্গক ন্যায় দিব নোৱাৰে বিজেপি চৰকাৰে।আদালতত দাখিল কৰা চাৰ্জশ্বীট সলনি কৰিব নোৱাৰিলে কেতিয়াও ন্যায় সম্ভৱ নহয়। এখন দুৰ্বল চাৰ্জশ্বীট দাখিল কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শ্ৰুতলিপিত। ইয়াৰ জৰিয়তে ন্যায় লাভ কৰাটো কেতিয়াও সম্ভৱ নহয়। নতুন চৰকাৰ আহিলে চাৰ্জশ্বীট সলনি হ’লে হে ন্যায় পাব বুলি কয়। এই খন চৰকাৰে কেতিয়াও ন্যায় কামনা কৰা নাই বুলি কৈ এই চৰকাৰে কেতিয়াও চাৰ্জশ্বীট সলনি নকৰে বুলি কয়। নাগৰিক সন্মিলনৰ ডিব্ৰুগড় জিলা সভাপতি শৰৎ চন্দ্ৰ নেওগে কয় যে,
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজে কৈছে, জুবিনৰ হত্যাৰ ন্যায় নাপালে ভোট নিদিবলৈ মুখ্যমন্ত্ৰী গৰাকীয়ে নিজে কৰা বক্তব্য সমুহ অসমৰ জনসাধাৰণক এতিয়া মনত পেলাই দিয়াৰ সময়।মনত পেলাই দিবলৈ সংবাদ মেল আয়োজন কৰা লগতে ভোট দান কেন্দ্ৰৰ কাষে -কাষে পোষ্টাৰ- বেনাৰ আদি লগাব বুলিও উল্লেখ কৰে।ভোট দিবলৈ যোৱা জনতাই জুবিন গাৰ্গৰ ন্যায়ৰ সন্দৰ্ভত অসমৰ মুখ্যমন্ত্ৰী গৰাকীয়ে কোৱা বিষয় সমূহ চাই চাই ভোট দিবগৈ।
অসমৰ ৰাইজৰ বৃহত্তৰ স্বার্থত, ড° হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন বিজেপি চৰকাৰৰ স্বেচ্ছাচাৰী অপশাসনৰ অৱসান ঘটাবলৈকে সকলো বিৰোধী বাজনৈতিক দলে ঐক্যবদ্ধভাবে আগন্তুক নির্বাচনত অবতীর্ণ হোৱা বিষয়টো উল্লেখ কৰি ৰাইজলৈ আহ্বান জনায়। বিজেপিৰ অসমৰ সাতামপুৰুষীয়া ঐক্য-সম্প্রীতিত কুঠাবাঘাট কৰি হিন্দু মুছলমান মিঞাৰ ৰাজনীতি কৰা। বিদেশী বহুজাতিক গোষ্ঠীক পানীৰ দৰত শ-শ বিঘা অসমৰ মাটি গটাই দিয়া, মূল্যবৃদ্ধিয়ে চূড়ান্ত রূপ লোৱা, কথা দিয়া মতে নিবনুৱাক সংস্থাপন দিব নোৱাৰা, কথা দিও জনজাতি সকলক জনজাতিকৰণ কৰিব নোৱাৰা, নির্বাচনৰ আগে আগে জুবিন গাৰ্গক ন্যায় দিয়াৰ প্রতিশ্রুতি দিয়াৰ পাছতো ন্যায় দিব নোৱাৰা ইত্যাদি বিভিন্ন ব্যর্থতা আদিৰ ক্ষেত্ৰত ৰাইজ একপ্ৰকাৰ অতিষ্ঠ হৈ পৰা বুলি প্ৰতিক্ৰিয়া প্ৰকাশ কৰে। সাংবাদিক সকলকো আৰু অন্যান্য সকলকো ভয়-ভাবুকী, চক্রান্ত, স্বেচ্ছাচাৰীতা, তুচ্ছ-তাচ্ছিল্য কৰা আদি বিষয় উল্লেখ কৰি ঐক্যবদ্ধভাবে সকলোৱে ঐক্যবদ্ধ বিৰোধী ৰাজনৈতিক দলৰ সমর্থনত সকলো ভোটাৰ ৰাইজ ঠিয় হ’ব আৰু বিজেপি দলক পৰাভূত কৰি বিজেপি বিৰোধী দলৰ প্ৰাৰ্থীক আগন্তুক নির্বাচনত ভোট দি জয়যুক্ত কৰাবলৈ ভোটদাতা ৰাইজলৈ আহ্বান জনায়। সংবাদ মেলত সম্পাদক উত্তম চেতিয়া, প্ৰণৱ শইকীয়া কে প্ৰমুখ্যে কৰি বিষয়ববীয়া সকল উপস্থিত থাকে।