...

বাসুগাঁৱত পাঁচ দিনীয়াকৈ বিহু-বাগুৰুম্বাৰ কৰ্মশালা

Spread the love

বাসুগাঁৱত পাঁচ দিনীয়াকৈ বিহু-বাগুৰুম্বাৰ কৰ্মশালা

প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধা জ্ঞাপন

বাসুগাঁও:

বিহু আৰু বাগুৰুম্বা নৃত্যৰ কৰ্মশালা ২৫ৰ পৰা ২৯ মাৰ্চলৈ পাঁচদিনীয়াকৈ আজি আৰম্ভ হয়।আজি আৰম্ভণিৰ দিনা প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় । বন্তি প্ৰজ্বলন আৰু মাল্যাৰ্পন কাৰ্যসূচী শুভাৰম্ভ কৰে মুখ্য অতিথি হিচাপে আমন্ত্ৰণ কৰি অনা বাসুগাঁও মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ ৰনেন চন্দ্ৰ মুছাহাৰী আৰু বিশিষ্ট সমাজকৰ্মী শম্ভু ৰাজবংশী । এক সভাত ড০ ৰনেন চন্দ্ৰ মুছাহাৰীয়ে কয় যে ইয়াৰ জৰিয়তে সমন্বয় আৰু সম্প্ৰীতি সুদৃঢ় হ’ব বুলি উল্লেখ কৰি প্ৰশিক্ষণৰ জৰিয়তে নৃত্য প্ৰনালীবদ্ধ আৰু দৃষ্টি নন্দন হয় । বিহু নৃত্য বিশ্বদৰবাৰত প্ৰতিষ্ঠা লাভ কৰিবলৈ সক্ষম হোৱাৰ কথা তেওঁ উল্লেখ কৰে।বাগুৰুম্বা নৃত্য সংক্ৰান্তত তথ্য ভিত্তিক বক্তব্য দাঙি ধৰে তেওঁ।বিশিষ্ট সমাজকৰ্মী শম্ভু ৰাজবংশীয়ে এনেধৰণৰ কৰ্মশালাৰ জৰিয়তে বিহু-বাগুৰুম্বা নৃত্য প্ৰনালীবদ্ধ ভাৱে আয়ত্ত্ব কৰাত উচ্ছাস-উদ্দীপনা পাব বিশেষকৈ কণ কণ শিশুৰ পৰা যুৱতী, আদহীয়া মহিলা সকলে।তেওঁ সকলো প্ৰকাৰ সহযোগিতাৰ আশ্বাস দিয়ে উদ্যোক্তা সমিতিক।দাওশ্ৰী দিলাই ক্ৰিয়েচনৰ উদ্যোগত প্ৰথমতে বাগুৰুম্বা নৃত্যৰ প্ৰশিক্ষণ আগবঢ়ায় চিৰাং জিলাৰ ৰৌমাৰীৰ চিফুং হাৰিমু আফাতৰ সভাপতি নন্দলাল বসুমতাৰী আৰু বৈহিথী ব্ৰহ্ম । ইয়াৰ পিছত বিহু নৃত্যৰ প্ৰশিক্ষণ আগবঢ়ায় বিশিষ্ট শিল্পী বিধান দেউৰী আৰু দিপাঞ্জলী সিংহ । আকৰ্ষণীয় আৰু মনোমোহা নৃত্য প্ৰশিক্ষণ আগবঢ়োৱা কাৰ্যক উপস্থিত অতিথি আৰু অভিভাৱক সকলে মনোমুগ্ধ হৈ পৰে।ৰাইজৰ সহায়-সহযোগ আৰু উচ্ছাস-উদ্দীপনা দেখি গভীৰ সন্তুষ্টি প্ৰকাশ কৰে উদ্যোক্তা সমিতিৰ সভানেত্ৰী আৰু সম্পাদিকা পিজুমনি ৰায়ে।

Leave a Reply

Your email address will not be published. Required fields are marked *