ভেংকুৱাৰত সফলতাৰে অনুষ্ঠিত উত্তৰ-পূব সাংস্কৃতিক মহোৎসৱ
চাইন অন ডেস্ক,৮জুন:
উত্তৰ-পূব ভাৰতৰ চহকী সাংস্কৃতিক ঐতিহ্য প্ৰদৰ্শন কৰা এদিনীয়া প্ৰথমটো উত্তৰ-পূব সাংস্কৃতিক উৎসৱ ব্ৰিটিছ কলম্বিয়াৰ ভেংকুৱাৰত সফলতাৰে অনুষ্ঠিত হৈ যায়।
সপ্তৰংগা সাংস্কৃতিক সমিতিৰ উদ্যোগত উত্তৰ-পূৱ সাংস্কৃতিক মহোৎসৱত বিভিন্ন সম্প্ৰদায়ৰ ৫০০ৰো অধিক লোকে অংশগ্ৰহণ কৰে।সপ্তৰংগা সাংস্কৃতিক সমাজৰ সভাপতি ইন্দ্ৰজিৎ গুহই কয় যে, “উত্তৰ-পূব ভাৰতৰ গীত, সংস্কৃতিসমূহ প্ৰ
গুহই লগতে কয়, “আমাৰ লক্ষ্য উত্তৰ-পূব ভাৰতৰ শিল্পীসকলক প্ৰচাৰ কৰা। আমি উত্তৰ-পূবৰ শিল্পীসকলক তেওঁলোকৰ চহকী সাংস্কৃতিক পৰম্পৰা প্ৰদৰ্শনৰ বাবে এক বিশ্বব্যাপী মঞ্চ দিব বিচাৰো।পৰৱৰ্তীবাৰৰ বাবে আমি ইয়াক বৃহৎ ৰূপত আয়োজন কৰাৰ পৰিকল্পনা কৰিছো। বিভিন্ন স্থানৰ পৰা প্ৰতিনিধিয়ে এই কাৰ্যসূচীত অংশগ্ৰহণ কৰে।”
ইন্দ্ৰজিৎ গুহৰ ঘৰ অসমৰ ডিব্ৰুগড়ত যদিও এতিয়া তেওঁ কানাডাৰ বাসিন্দা।ভেংকুৱাৰত জন্মগ্ৰহণ কৰা এই বেচৰকাৰী সংস্থাটো কেৱল এটা সম্প্ৰদায়ৰ বাবেই নহয়,ই জাতি-ধৰ্ম-বৰ্ণৰ এক বৰ্ণিল আকাশ।