জুবিনক সুঁৱৰি ৰঞ্জিতা বৰদলৈৰ ‘কবিতা (শ্ৰাৱ্য)
বুজাতহে পলম হ’ল’ উন্মোচন
চাইন অন ডেস্ক,১৮ছেপ্তেম্বৰ:
বৃস্পতিবাৰৰ সন্ধিয়া ডিব্ৰুগড়ৰ অন্যতম সাংস্কৃতিক গোষ্ঠী ‘সুৰ মন্দিৰ’ৰ মজিয়াত সুৰ মন্দিৰে নিবেদন কৰা ৰঞ্জিতা বৰদলৈৰ কথা আৰু কণ্ঠেৰে বাণীবন্ধন কৰা হিয়াৰ আমঠু জুবিনক লৈ লিখা এটি নৱতম কবিতা (শ্ৰাৱ্য) “বুজাতহে পলম হ’ল ” উন্মোচন হৈ যায় ।
গাম্ভীৰ্যপূৰ্ণ আবেগিক এই কাব্যিক অনুষ্ঠানটিৰ শুভ উন্মোচন কৰে বিশিষ্ট নাট্যকাৰ,পৰিচালক তথা অভিনেতা প্ৰদীপ দুৱৰাই । উন্মোচনী ভাষণত দুৱৰাই কয় ” জুবিনক লৈ লিখা আৰু আন্তৰিকতাৰে কণ্ঠ নিগৰোৱা কবিতাটোৱে সঁচাকৈয়ে হৃদয়খন চুই গ’ল । আবেগিক হৈ পৰিলোঁ মই । অতি সুন্দৰ লিখনি আৰু পৰিবেশন ।” ।অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অবসৰপ্ৰাপ্ত অধ্যাপক প্ৰদীপ বৰুৱাই তেখেতৰ ভাষণ প্ৰসংগত উল্লেখ কৰে যে এই কবিতাটো মন হৃদয় চুই যোৱা এটি কবিতা ।
নিজৰ অনুভৱখিনি ব্যক্ত কৰি ৰঞ্জিতা বৰদলৈয়ে কয় “সকলোৰে অন্তৰত সোমাই থকা ই এক জীয়া অনুভৱ মই কেৱল কবিতাৰে প্ৰকাশ কৰিছোঁ ” বিশিষ্ট সংগীতজ্ঞ প্ৰশান্ত বৰদলৈয়ে জুবিনৰ লগত সান্নিধ্যৰ কিছু অভিজ্ঞতাৰ বিষয়ে অবগত কৰাৰ লগতে সুৰ মন্দিৰৰ ফালৰ পৰা উপস্থিত সকলোকে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে । অনুষ্ঠানটো আন্তৰিকতাৰে সুন্দৰকৈ পৰিচালনা কৰে সুৰ মন্দিৰৰ সমন্বয়ক তথা সাংস্কৃতিক কৰ্মী মনোজ কুমাৰ বৰুৱাই । অনুষ্ঠানত উপস্থিত থকা অন্যান্য গুণী মানি ব্যক্তি সকলৰ ওপৰিও অনাতাঁৰ শিল্পী সৰ্বশ্ৰী দোলেন দত্ত ,
জুপিতৰা বৰঠাকুৰ ,
শান্তনু বৰঠাকুৰ , সুৰেশ হাতীমূৰীয়া ,
, প্ৰণালী ফুকন ,বকুল দাস,পৰী দাস , বিনন্দ কাকতী (চান্তু),দেৱজিত গগৈ (মইনা) উপস্থিত থাকি নিজ নিজ অনুভৱ প্ৰকাশ কৰে । তদুপৰি মিনাক্ষী বৰুৱা ,জলী ফুকন ,ৰশ্মিৰেখা বৰদলৈ ,পুষ্পাঞ্জলি শৰ্মা,পাপৰি শৰ্মা আৰু মমী ফুকনে নিজা অনুভৱবোৰ ব্যক্ত কৰাৰ লগতে মত বিনিময় কৰি অনুষ্ঠানটোৰ সৌষ্ঠব বঢ়ায় ।
