...

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকী

সোণাৰিত এক ব্যতিক্ৰমী শাৰীৰ চৰ্চা প্ৰতিযোগিতা আয়োজন

চাইন অন ডেস্ক, ১৮ছেপ্তেম্বৰ:

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰথম মৃত্যু বাৰ্ষিকীৰ লগত সংগতি ৰাখি সোণাৰিত এক ব্যতিক্ৰমী শাৰীৰ চৰ্চা প্ৰতিযোগিতা আয়োজন কৰি মহান শিল্পী গৰাকীক স্মৰণ কৰা হয়। সোণাৰিৰ ইউনিভাৰ্চেল ফ্লেক্স জিমৰ উদ্যোগত অনুষ্ঠিত হোৱা এই

প্ৰতিযোগিতাখনৰ অন্যতম আকৰ্ষণ হৈছে ধুতি – গামোচা ৰাউণ্ড। প্ৰাক্তন মিষ্টাৰ ইউনিভাৰ্ছ অতনু বৰুৱাই পৰিচালনা কৰা প্ৰতিযোগিতা খনত প্ৰতিযোগী সকলে অসমৰ পৰম্পৰাগত পোছাক ধুতি আৰু গামোচা পৰিধান কৰি প্ৰতিদ্বন্দিতাত অৱতীৰ্ণ হয়। অৱসৰপ্ৰাপ্ত শিক্ষক মণি গগৈয়ে বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰে প্ৰতিযোগিতাখন।শৰীৰ চৰ্চা প্ৰতিযোগিতাত পৰম্পৰাগত ধুতি আৰু জাতীয় স্বাভিমানৰ প্ৰতীক ফুলাম গামোচা পৰিধান কৰি এক সুকীয়া গতি প্ৰদান কৰে। প্ৰাণৰ শিল্পীগৰাকীয়ে সদায়

অসমীয়া কৃষ্টি-সংস্কৃতিক বিশ্বৰ দৰবাৰত তুলি ধৰাৰ যি সপোন দেখিছিল, সেই ভাবধাৰাকে শিৰোগত কৰি এই ব্যতিক্ৰমী আয়োজনেৰে তেওঁলৈ শ্ৰদ্ধা নিবেদন কৰা হয়।

Leave a Reply

Your email address will not be published. Required fields are marked *