...

ডিব্ৰুগড়ৰ ঘূৰণীয়া শংকৰদেৱ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ পণ্ডিত মহেন্দ্ৰ কন্দলী,আই খেৰহুতি বৃত্তি লাভ

ডিব্ৰুগড়ৰ ঘূৰণীয়া শংকৰদেৱ বিদ্যালয়ৰ শিক্ষাৰ্থীৰ পণ্ডিত মহেন্দ্ৰ কন্দলী,আই খেৰহুতি বৃত্তি লাভ

চাইন অন ডেস্ক,৮জুন:

ঘূৰণীয়া শ্ৰীমন্ত শঙ্কৰদেৱৰ বিদ্যালয়ৰ শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ কেন্দ্ৰীয় শিক্ষা শাখা সমিতিৰ দ্বাৰা পৰিচালিত অসমৰ বিদ্যালয় সমূহত অনুষ্ঠিত হোৱা পণ্ডিত মহেন্দ্ৰ কন্দলিৰ বৃত্তিত হেপ্পী বৰপাত্ৰ (পঞ্চম)স্থান ৮৮.৮৮% মৃদুস্মিতা দুৱৰা (ষষ্ঠ)স্থান ৮৮.৩৩% আনহাতে কাব্যশ্ৰী পাত্ৰ (দশম) স্থান ৮৫.৫৫% লাভ কৰে৷
আনহাতে আই খেৰসূতী বৃত্তি পৰীক্ষাত পৰী বৰগোহাঁই (দ্বিতীয়) স্থান ৮৭.২২% চিন্ময় দাস (পঞ্চম) স্থান ৮৫.৫৫% হৰ্ষিতা দাস (দশম) স্থান ৮২.২২% আৰু বেদান্ত গগৈ (চতুৰ্দশ)৮০.০০% স্থানত লাভ কৰে।বিদ্যালয় খনৰ এনে সফলতাই শিক্ষকবৃন্দ,কৰ্মচাৰী,
পৰিচালনা সমিতিকে ধৰি মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে বিদ্যালয়লৈ আৰু অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনাৰ বাবে কৃৰ্তিমান ছাত্ৰ-ছাত্ৰীসকলক প্ৰধান শিক্ষক জীৱনজ্যোতি দাসে আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰে। আনহাতে খোৱাং বিধান সভাৰ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈ ,শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ডিব্ৰুগড জিলা শাখা,শিক্ষা শাখা সমিতি, লৰুৱা আঞ্চলিক শাখাৰ লগতে ডিব্ৰুগড বিশ্ববিদ্যালয়ৰ পৰিৱেশ্য কলা বিভাগৰ সহকাৰী অধ্যাপক ড° মৃণাল কুমাৰ বৰুৱা,ড৹ যাদৱ বৰাই অভিনন্দন জ্ঞাপন কৰে আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ মূল শিক্ষা সমিতিৰ সচিব বিমান বৰাই বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীক শুভেচ্ছা জনোৱাৰ লগতে কৃৰ্তি ছাত্ৰ-ছাত্ৰীসকলক আন্তৰিক অভিনন্দন জ্ঞাপন কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *