...

জুবিন জীৱন ক্ষেত্ৰ উদ্যোগত জকাই মহানায়ক জুবিন গাৰ্গৰ সোৱঁৰণী অনুষ্ঠান সম্পন

জুবিন জীৱন ক্ষেত্ৰ উদ্যোগত জকাই মহানায়ক জুবিন গাৰ্গৰ সোৱঁৰণী অনুষ্ঠান সম্পন

চাইন অন ডেস্ক ২০ছেপ্তেম্বৰ:

ডিব্ৰুগড় জিলাৰ খোৱাং সমষ্টিৰ অন্তৰ্গত বৰবৰুৱা উন্নয়ন খণ্ডৰ এলেকাধীন জকাই হাৰকপথাৰ গাঁৱৰ জকাই আঞ্চলিক ৰঙালী বিহু ৰঙ্গমঞ্চত ,জুবিন জীৱন ক্ষেত্ৰ ডিব্ৰুগড়ৰ উদ্যোগত, আৰু জকাই অঞ্চলৰ ৰাইজৰ সহযোগত অসমীয়াৰ হিয়াৰ আমঠু ,অসমীয়াৰ প্ৰাণৰ স্পন্দন ,হামিং সম্ৰাট মহানায়ক জুবিন গাৰ্গৰ প্ৰথম বাৰ্ষিক জুবিন গাৰ্গ সোঁৱৰণী অনুষ্ঠান দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত সম্পন হৈযায়। কাৰ্যসূচী অনুসৰি পতাকা উত্তোলন কৰে জুবিন জীৱন ক্ষেত্ৰৰ ডিব্ৰুগড়ৰ সভাপতি গিৰীশ পাত্ৰ আৰু আয়োজক সমিতিৰ সভাপতি ৰবীন সোনোৱালে ,সহযোগ কৰে শিক্ষাব্ৰতী বিজু গগৈয়ে, স্মৃতিসৌধত বন্তি প্ৰজ্বলন কৰে জুবিন জীৱন ক্ষেত্ৰৰ সম্পাদক দয়ানন্দ বুঢ়াগোহাঁই আৰু আয়োজক সমিতিৰ সম্পাদক নিবাৰণ গগৈয়ে,সহযোগিতা আগবঢ়ায় বসন্ত পাত্ৰ, দীপক গগৈয়ে আৰু , প্ৰতিচ্ছবিত শ্ৰদ্বাঞ্জলী অনুষ্ঠানত আয়োজক সমিতিৰ মুখ্য উপদেষ্টা ৰাজ্যেশ্বৰ চেতিয়াই শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে, সহযোগ কৰে সমাজকৰ্মী , ডিম্বেশ্বৰ সোনোৱাল, , বৃক্ষৰোপন কৰে জুবিন জীৱন ক্ষেত্ৰৰ তত্ত্বাৱধায়ক অসীম গগৈ,অৱসৰপ্ৰাপ্ত শিক্ষক সুখীধৰ গগৈ,ডিম্বেশ্বৰ সোনোৱাল ,জয়দা কোঁৱৰ, কৰুণা গগৈয়ে । অনুষ্ঠানত কাৰ্যসূচী ৰূপায়ণ কৰাৰ ক্ষেত্ৰত বিশেষ ভাৱে সেৱা আগবঢ়ায় সমাজসেৱক ক্ৰমে কনক সোনোৱাল,
ভবেন সোনোৱাল, ৰতন সোনোৱাল, পূৰ্ণানন্দ গগৈ,খেমানি গগৈ,
প্ৰমুখ্যে সমাজ কৰ্মী সকলে।উল্লেখযোগ্য জকাই হাৰকপথাৰ গাঁৱৰ এগৰাকী সমাজহিতৈষী ব্যক্ত প্ৰয়াত মোহিধৰ সোনোৱাল স্মৃতিত পুত্ৰ ৰতন সোনোৱালে জুবিন গাৰ্গ সোঁৱৰণী অনুষ্ঠানৰ তোৰণ খন উপসৰ্গা কৰে। আনহাতে প্ৰয়াত শিল্পী গৰাকীৰ সোঁৱৰণী অনুষ্ঠানৰ সৈতে সংগতি ৰাখি পুৱা বজাত নামপ্ৰসংগ ,কীৰ্তন পাঠেৰে জকাই হাৰক পথাৰ গাঁৱৰ নামঘৰ ভকত-বৈষ্ণৱ সকলে। উল্লেখযোগ্য মাঙ্গলিক কাৰ্যসূচী অনুযায়ী দুপৰীয়া ডিজিটেল আলোচনী “মন যায়” উন্মোচন কৰি লেখক, তথা জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু শান্তনু বৰগোহাঞিয়ে জুবিন গাৰ্গৰ শিল্পী সত্ত্বাই,সমাজজীৱনৰ বাবে ইতিবাচক আশা-আকাংক্ষাক প্ৰতিফলিত কৰে বুলি নিজৰ মননশীল বক্তব্যত জুবিন গাৰ্গে সদায়েই সামাজিক দায়বদ্ধতা,মানৱতাৰ সেৱাৰ নিদৰ্শন দেখুৱাই থৈ গৈছে আৰু সেয়ে জুবিন গাৰ্গৰ শিল্পী চেতনাৰে ,সম্প্ৰীতিৰ আদৰ্শ প্ৰতিষ্ঠাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰে। উক্ত কাৰ্যসূচীত সহযোগিতা আগবঢ়ায় “মন যায়” ডিজিটেল আলোচনীৰ সম্পাদক-দ্বয় ক্ৰমে শশাংক বৰুৱা আৰু বাস্তৱ কলিতাই উন্মোচনী অনুষ্ঠানৰ সহযোগিতাত সেৱা আগবঢ়ায়। আনহাতে ” জুবিন গাৰ্গ “বিষয়ত স্মাৰক বক্তৃতানুষ্ঠানত নিদিষ্ট বক্তা হিচাপে বক্তব্য প্রদান কৰি সংগীত শিল্পী তথা জুবিন গাৰ্গৰ ঘনিষ্ঠ বন্ধু চিন্তামনি দাসে অসমীয়াৰ হিয়াৰ আমঠু কিংবদন্তি শিল্পী জুবিন গাৰ্গৰ চিন্তা, জীৱন দৰ্শন, জীৱন শৈলী,উদাৰ মানৱ দৰদী, শৈল্পিক প্ৰতিভা ,আপোচহীন চিন্তাদৰ্শন,সমাজ সচেতন ব্যক্তিত্ব, নিৰ্ভীক সাহসীকতা, মানৱতাবাদী স্বাভিমানী আদৰ্শই অসম আৰু অসমীয়াক সদায়েই অনুপ্ৰাণিত কৰিব বুলি প্ৰকাশ কৰে।অনুষ্ঠানত
ডিব্ৰুগড় জিলা প্ৰাথমিক শিক্ষক সন্মিলনীৰ সভাপতি ভদ্ৰসেন সোনোৱালে সাম্প্রতিক সময়ৰ আহ্বানত মহানায়ক বিশ্ববিশ্ৰুত শিল্পী জুবিন গাৰ্গৰ জাতীয় আবেগ, জাতীয় চেতনাৰে অসমীয়া সমাজ -সংস্কৃতি, এখন মুক্ত, ভেদাভেদ নোহোৱা ,সংকীৰ্ণতা বৰ্জন কৰি শান্ত সমাহিত সমাজ গঢ়া,আৰু সমাজৰ অৱক্ষয়ৰ বিৰুদ্ধে সকলোৰে একেডাল এনাজৰীৰে ঐক্যবদ্ধ সমাজৰ পোষকতা কৰা মানৱতা বাদী দৰ্শনে অসমীয়া সমাজ জীৱনৰ বাবে ইতিবাচক দিশত আগুৱাই যোৱাৰ ওপৰত প্ৰতিফলিত কৰিছে বুলি প্ৰকাশ কৰে। সভাত অৱসৰপ্ৰাপ্ত শিক্ষক সুখীধৰ গগৈ, শিক্ষক- সমাজহিতৈষী মিলন নেওগ,সমাজকৰ্মী বিনোদ গগৈ প্ৰমুখ্যে উপস্থিত থাকে ।স্মাৰক বক্তৃতানুষ্ঠানৰ পিছতেই জকাই অঞ্চলৰ বিভিন্ন প্ৰান্তৰ পৰা অহা মহিলা দিহানাম দিহানাম পৰিবেশন, জুবিন গাৰ্গৰ ভক্তিমূলক সংগীতানুষ্ঠান, সমূহীয়াকৈ জুবিন গাৰ্গৰ “মায়াবিনী” গীতেৰে অনুষ্ঠানৰ সামৰণি পৰে। জুবিন জীৱন ক্ষেত্ৰ ডিব্ৰুগড় উদ্যোগত আৰু বৃহত্তৰ জকাই অঞ্চলৰ ৰাইজৰ সহযোগত আয়োজিত প্ৰথম বাৰ্ষিক জুবিন গাৰ্গ সোঁৱৰণী অনুষ্ঠানটিৰ কাৰ্যসূচী সাফল্যমণ্ডিত কৰাৰ ক্ষেত্ৰত সকলোৰে সহযোগিতা দিহাপৰামৰ্শ আৰ্থিক আৰু কায়িক সহযোগিতা আগবঢ়োৱা অনুৰাগী ,শুভাকাংক্ষী, অনুষ্ঠানত উপস্থিত হৈ অংশগ্ৰহণ কৰা অতিথি ,স্থানীয় ৰাইজৰ প্ৰতি জুবিন জীৱন ক্ষেত্ৰৰ সভাপতি গিৰীশ পাত্ৰ, সম্পাদকদ্বয় দয়ানন্দ বুঢ়াগোহাঁই, শশাংক বৰুৱা,আয়োজক সমিতিৰ হৈ সভাপতি ৰবীন সোনোৱাল সম্পাদক নিবাৰণ গগৈয়ে কৃতজ্ঞতা জ্ঞাপন কৰিছে ।

Leave a Reply

Your email address will not be published. Required fields are marked *