...

ঢকুৱাখনাত ৰাজহুৱা সভা সম্পন্ন

ঢকুৱাখনাত ৰাজহুৱা সভা সম্পন্ন

নাগৰিক মঞ্চ গঠন

ঢকুৱাখনা,২০ছেপ্টেম্বৰ:

ঢকুৱাখনাৰ ঐতিহ্য-পৰম্পৰা আৰু ঐক্য-শান্তিৰ স্বাৰ্থত দেওবাৰে দুপৰীয়া ১.১৫ ঢকুৱাখনা চৰকাৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়। ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত উপাধ্যক্ষ পূৰ্ণানন্দ গগৈৰ সভাপতিত্বত অনুস্থিত হোৱা আৰু ঢকুৱাখনাৰ বিভিন্ন ক্ষেত্ৰৰ প্ৰায় আঢ়ৈ শতাধিক লোক উপস্থিতি থকা সভাখনৰ উদ্দেশ্য ব্যাখা কৰে জ্যেষ্ঠ সাংবাদিক তথা সভাৰ অন্যতম আহ্বায়ক অৰুণ চমুৱাই।উদ্দেশ্য ব্যাখ্যা প্ৰসঙ্গত ঢকুৱাখনাৰ পুৰণি ঐতিহ্য-পৰম্পৰা আৰু ইয়াৰ ঐক্য-শান্তিৰ প্ৰসঙ্গ টানি আনি বৰ্তমান সময়ত কিছুমান অপশক্তিয়ে ইয়াৰ বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰাৰ কথা উল্লেখ কৰি ভৱিষ্যতৰ দিনত এক পথ নিৰ্দেশনা দিবৰ বাবেই সভাখন আহ্বান কৰা বুলি কয়।ইয়াৰ পিছতে আদৰণিমূলক বক্তব্য দাঙি ধৰে আন এজন আহ্বায়ক ড° অমল চন্দ্ৰ দত্ত আৰু মৌচুমী হাতীবৰুৱাই। সভাখনত মূল বক্তব্য দাঙি ধৰে অৱসৰপ্ৰাপ্ত অসম প্ৰশাসনিক সেৱাৰ বিষয়া যোগেশ বৰুৱা আৰু ঢকুৱাখনা মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ইন্দিবৰ বুঢ়াগোহাঞিয়ে।সভাৰ পৰৱৰ্তী আলোচনাত সৰ্ব সন্মতি ক্ৰমে সমগ্ৰ ঢকুৱাখনা অঞ্চলটোক সামৰি এখন শক্তিশালী নাগৰিক মঞ্চ গঠনৰ পোষকতা কৰে। সেই অনুসৰি পূৰ্ণানন্দ গগৈক সভাপতি, যোগেশ বৰুৱা আৰু ড° অমল চন্দ্ৰ দত্তক কাৰ্যকৰী সভাপতি, দেৱজিৎ ফুকন, ইন্দিৰা গগৈ, গোবিন বৰুৱা আৰু দুলাল পেগুক উপ-সভাপতি, অৰুণ চমুৱাক প্ৰধান সম্পাদক হিচাপে লৈ ৫১ জনীয়া এখন শক্তিশালী নাগৰিক মঞ্চ গঠন কৰা হয়।সভাত পৰৱৰ্তী সময়ত ভৱিষ্যতে ঢকুৱাখনাৰ বিভিন্ন সমস্যাৱলী আৰু ইয়াৰ কৰণীয় সম্পৰ্কে আলোচনা কৰি এক সৱল ভূমিকা গ্ৰহণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *