...

মাৰোৱাৰী যুৱ মঞ্চ ডিব্ৰুগড় গ্ৰেটাৰ শাখা, চিকুন এনজিঅ’ আৰু সমাজ কৰ্মী কুশল কোঁৱৰৰ সহযোগত

মাৰোৱাৰী যুৱ মঞ্চ ডিব্ৰুগড় গ্ৰেটাৰ শাখা, চিকুন এনজিঅ’ আৰু সমাজ কৰ্মী কুশল কোঁৱৰৰ সহযোগত

বিশ্ব পৰিবেশ দিৱস উপলক্ষে “সেউজ ডিব্ৰুগড়” গঢ়ি তোলাৰ প্ৰচেষ্টা

চাইন অন ডেস্ক,৮জুন:

মাৰোৱাৰী যুৱ মঞ্চ ডিব্ৰুগড় গ্ৰেটাৰ নামৰ সামাজিক সংগঠনটোৱে চিকুন বেচৰকাৰী সংস্থা তথা সমাজ কৰ্মী, লেখক, ব্যৱসায়ী কুশল কোঁৱৰৰ সহযোগত বিশ্ব পৰিবেশ দিৱস উপলক্ষে “সেউজ ডিব্ৰুগড় বৃক্ষৰোপণ অভিযান” শীৰ্ষক এক অনুষ্ঠান আয়োজন কৰে। সংস্থাটোৱে মানকটা পথৰ মিলন নগৰত পথৰ কাষত প্ৰায় ২০টা ফুল আৰু অন্যান্য ঔষধি উদ্ভিদ ৰোপণ কৰে। গছপুলি সমূহ একো একোটা লোহাৰ ড্ৰামত প্ৰয়োজনীয় সাৰ ইত্যাদিৰ ব্যৱস্থা কৰি ৰোপণ কৰা হয়। এই উপলক্ষে মাৰোৱাৰী যুৱ মঞ্চ ডিব্ৰুগড় গ্ৰেটাৰ শাখাৰ সভাপতি সন্তোষ কেজৰিৱালে কয় যে ৰোপণ কৰা প্ৰতিটো গছ আমাৰ ভৱিষ্যত প্ৰজন্মৰ বাবে এক বিশুদ্ধ জলবায়ু সম্বলিত পৰিৱেশ নিৰ্মাণৰ দিশে এক পদক্ষেপ । “আজি এজোপা গছ ৰোপণ কৰক, কাইলৈ ​​উশাহ লওক”ৰ দৃষ্টিভংগীক বাস্তৱত পৰিণত কৰাৰ বাবে সকলো শাখা সদস্য, চিকুন এন জি অ’ৰ সকলো সদস্য, সমাজকৰ্মী কুশল কোঁৱৰ, আৰু আন সকলো অংশগ্ৰহনকাৰীক ধন্যবাদ জ্ঞাপন কৰে তথা কৃতজ্ঞতা প্ৰকাশ কৰে। ভাষণ প্ৰসংগত চিকুন এন জি অ’ৰ সভাপতি পূৰ্ণানন্দ ভৰালীয়ে কয় যে আমি সকলোৱে মিলি চহৰখনৰ সৌন্দৰ্য্যৰ প্ৰতি লক্ষ্য ৰাখি গছপুলি ৰোপণ কৰিছো, কিন্তু এতিয়া ইয়াক নিজৰ দায়িত্ব বুলি বিবেচনা কৰি এই গছবোৰ সুৰক্ষিত ৰাখিব লাগিব তথা ইয়াত যিকোনো জাৱৰ ইত্যাদি বিয়পাই দিয়া নহয়, ইয়াৰ বাবে সকলোৰে সহযোগিতা বিচাৰি আহ্বান জনায়। ভাষণত কুশল কোঁৱৰে মাৰোৱাৰী যুৱ মঞ্চ ডিব্ৰুগড় গ্ৰেটাৰ শাখাক এই গুৰুত্বপূৰ্ণ কামৰ সৈতে জড়িত কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। এই বৃক্ষৰোপণ কাৰ্যসূচীত চিকুন এন জি অ’ৰ সদস্যসকলৰ লগতে ডিব্ৰুগড় গ্ৰেটাৰ শাখাৰ অন্যান্য বিষয়ববীয়া, কাৰ্যবাহী সদস্য আৰু অন্যান্য সদস্যসকলো উপস্থিত থাকে।

Leave a Reply

Your email address will not be published. Required fields are marked *