অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত শ্বহীদ দিৱস উদযাপন
চাইন অন ডেস্ক,৮জুন:
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ উদ্যোগত, ডিব্ৰুগড় জিলাৰ লাহোৱালৰ ডিকম চেঁচাৰ ছহীদ সমাধিস্থলীত দেওবাৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ (আটছাৰ) ৩৮তম শ্বহীদ দিৱস দিনজোৰা কাৰ্যসূচীৰে ৰূপায়ন সম্পন্ন হয়। উক্ত কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ পতাকা উত্তোলন কৰে ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাঘে, শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদক চুনু উৰাঙে। আনহাতে শ্বহীদ দিৱসৰ কাৰ্যসূচী
উপলক্ষে লাহোৱাল ডিকম চেঁচা ছহিদ সমাধিস্থলত পুষ্পাঞ্জলী অৰ্পণ, প্ৰসাদ বিতৰণ, চাহ জনজাতি মহিলা সমিতিৰ দ্বাৰা শ্বহীদ বন্দনাৰে শ্বহীদ সকললৈ শ্ৰদ্ধাৰ্ঘ নিবেদন কৰে।অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সভাপতি বিমল বাঘৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখনত উদ্দ্যেশ্য ব্যাখ্যা আৰু সভাৰ আতঁ ধৰি অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিৰ সম্পাদক চুনু উৰাঙে চাহ জনজাতি সকলৰ ন্যায্যপ্ৰাপ্তিৰ অধিকাৰ প্ৰতিষ্ঠাৰ হকে জীৱন উৎসৰ্গা আৰু আত্ম বলিদান দিয়া শ্বহীদ সকলৰ ত্যাগ তথা উৎসৰ্গিত জীৱনৰ
মূল্যায়নৰ মানসেৰে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ডিব্ৰুগড় জিলা সমিতিয়ে ছহিদ সমাধিস্থলত শ্ৰদ্ধাৰে সুঁৱৰি শ্ৰদ্ধাৰ্ঘ নিবেদন জনোৱা হৈছে আৰু এই মহান শ্বহীদ সকলৰ আদৰ্শৰে ভৱিষ্যতৰ দিনত অসম চাহ জনজাতি ছাত্ৰ সন্থাই জনগোষ্ঠীৰ সেৱাত ব্ৰতী হৈ যাব বুলি প্ৰকাশ কৰাৰ লগতে অসমৰ চাহ জনগোষ্ঠীৰ সাংবিধানিক অধিকাৰ প্ৰতিষ্ঠাৰ হৈ সংগঠনটোৱে সংগ্ৰামী ধাৰাৰে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব তথা জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়ন আৰু বিকাশৰ ক্ষেত্ৰত অসম চাহ জনজাতি ছাত্ৰ সন্থাই দায়বদ্ধতাৰে দৃঢ়তাৰে কাম কৰি যাব বুলি বক্তব্য আগবঢ়ায়।সভাত মুখ্য অতিথি হিচাপে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সহকাৰী সম্পাদক শৰৎ কুৰ্মীয়ে অসমৰ চাহ জনগোষ্ঠী সকলক প্ৰতিনিধিত্ব কৰা অসম চাহ জনজাতি ছাত্ৰ সন্থাই সদায় জনগোষ্ঠীটোৰ ন্যায্য প্ৰাপ্ত, ৰাজনৈতিক, অৰ্থনৈতিক, সাংস্কৃতিক, সামাজিক, শৈক্ষিক তথা সাংবিধানিক অধিকাৰ অধিকাৰ হকে, শোষণ নিষ্প্ৰেষণৰ বিৰুদ্ধে যুঁজ দি যাব আৰু চাহ ছাত্ৰ সন্থাৰ শ্বহীদ সকলৰ ত্যাগ তথা আত্মবলিদান অনুপ্ৰেৰণাৰে সেৱাৰে ব্ৰতী হ’ব বুলি প্ৰকাশ কৰি শ্বহীদ সকলৰ প্ৰতি শ্ৰদ্ধা জ্ঞাপন কৰে। অনুষ্ঠানত অসম
জাতীয়তাবাদী যুৱ পৰিষদৰ সাধাৰণ সম্পাদক উদয়ন কুমাৰ গগৈ,সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সভাপতি ৰূপজ্যোতি বৰঠাকুৰ, অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ প্ৰাক্তন কেন্দ্ৰীয় সভাপতি ৰাজেন কুমাৰ, প্ৰাক্তন সহকাৰী সম্পাদক অশোক উৰাঙে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শ্বহীদ সকলৰ ত্যাগ তথা আত্মবলিদানক শ্ৰদ্ধাৰে সুঁৱৰি মননশীল বক্তব্য প্ৰকাশ কৰে। সভাত আটছা প্ৰাক্তন সাংগঠনিক সম্পাদক বসন্ত কুৰ্মী, আটছাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক ধ্ৰুৱজ্যোতি উৰাং , ডিব্ৰুগড় জিলা চাহ জনজাতি মহিলা সমিতিৰ সভানেত্ৰী ৰাখী তাঁতী, সাধাৰণ সম্পাদিকা নয়নমণি কামাৰ ভূঞা আৰু সাংগঠনিক সম্পাদিকা সুমিত্ৰা উৰাঙেও স্মৃতিচাৰণ সভাত উপস্থিত থাকে।
Like this:
Like Loading...