শ্ৰীঘেই কাপোৰৰ মূল্যবৃদ্ধিৰ আশংকা !
দূৰ্গা পূজাত হব কাপোৰৰ দাম বৃদ্ধি ?
নতুন দিল্লী,১৫ছেপ্তেম্বৰ:

পূজাত কাপোৰ লব নোৱাৰিব নি?
মধ্য প্রাচ্যত চলি থকা যুদ্ধ আৰু সংঘাতৰ প্ৰভাৱ এতিয়া বিশ্বৰ বস্ত্ৰ আৰু ফেশ্বন উদ্যোগৰ ওপৰত গভীৰভাৱে পৰিবলৈ আৰম্ভকৰিছে। কেঁচামালৰ নাটনি, পৰিবহণ ব্যয় আৰু শক্তিৰ বৰ্ধিত মূল্যৰ বাবে বিশ্বজুৰি কাপোৰৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা দেখা দিছে। যুদ্ধৰ বাবে’ 
অংশ সাধাৰণতে মাত্র ২% ৰ পৰা ৩% থাকে। কেঁচামালৰ মূল্যবৃদ্ধি আৰু ক্রেতাসকলে নতুন অৰ্ডাৰ স্থগিত ৰখাৰ ফলত বহু কাৰখানাত উৎপাদন স্থবিৰ হৈ পৰিছে। উল্লেখ্য যে ব্ৰেণ্ডসমূহে সাধাৰণতে কেই বামাহো আগতেই অৰ্ডাৰ থোৱাৰ বাবে এই মূল্যবৃদ্ধিৰ প্ৰভাৱ ক্রমান্বয়ে বজাৰত দেখা যাব। বাণিজ্য বিশেষজ্ঞ আৰু পৰামৰ্শদাতা সংস্থাসমূহৰ মতে, শৰৎ আৰু বিশেষকৈ অহা বসন্ত-গ্ৰীষ্মকাললৈ সাধাৰণ কাপোৰৰ মূল্য প্রায় ১০% ৰ পৰা ২০% লৈ বৃদ্ধি পাব পাৰে। জাৰাৰ মূল কোম্পানী ইণ্ডিটেক্সকে ধৰি কেইবাটাও শীর্ষস্থানীয় আন্তঃৰাষ্ট্ৰীয় ফেশ্বন ব্রেণ্ডে সদৰী কৰিছে যে মধ্যপ্রাচ্যৰ এই অস্থিৰতাই তেওঁলোকৰ পৰিবহণ আৰু কেঁচামালৰ খৰচ যথেষ্ট বৃদ্ধি কৰিছে।
