...

এটা পথ হৈ পৰিছে বিপদজনক !

এটা পথ হৈ পৰিছে বিপদজনক !

পুখুৰীৰ খহনীয়াত বন্ধ ৰাজপথ

কামৰূপ,১৫ছেপ্তেম্বৰ:

কামৰূপ নগৰবেৰাত এখন বিদ্যালয়ৰ এটা পুখুৰীয়ে ভাবুকি নমাইছে এটা সদাব্যস্ত পকী ৰাজপথলৈ।
পুখুৰীৰ খহনীয়াত জাহ গ’ল ৰাজপথটিৰ সিংহভাগ, বিপদৰ আশংকাত গড়কাপ্তানি বিভাগে বাঁহ বান্ধি বন্ধ কৰি দিছে পথটি।
ফলত ৰাইজ তথা বিদ্যালয়ৰ শিক্ষক-ছাত্ৰ-
ছাত্ৰীৰ আহ-যাহতো নামিছে যঠেষ্ট জটিলতা।নগৰবেৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় চৌহদৰ পুখুৰীটোৱে এতিয়া সদাব্যস্ত কাষেৰে যোৱা ৰাজপথটিলৈ নমাইছে তীব্ৰ ভাবুকি।যিকোনো মুহুৰ্ত্ততে পুখুৰীৰ বুকুত সোমাই পৰিব পাৰে পথটি!বিদ্যালয়ৰ বাউণ্ডাৰী ওৱাল’ পৰ্যন্ত হাউলি পৰাৰ উপৰি ফাট মেলিছে ৱাল’ত।পথটিৰে যান-বাহন দূৰৰে কথা খোজকাঢ়ি পাৰাপাৰ হ’বলৈও বিপজ্জনক হৈ পৰিছে।শিক্ষক, ছাত্ৰ-ছাত্ৰী তথা সচেতন ৰাইজে শীঘ্ৰে এই সমস্যা সমাধানৰ দাবী জনাইছে চৰকাৰ-প্ৰশাসনক।

Leave a Reply

Your email address will not be published. Required fields are marked *