...

আন্তঃ জিলা মহিলা ক্ৰিকেট

আন্তঃ জিলা মহিলা ক্ৰিকেট

পায়ুনিধি আৰু প্ৰিয়ংকাৰ শতক

চাইন অন ডেস্ক,১৫ ছেপ্টেম্বৰ:

ডিব্ৰুগড় জালান আউটডৰ ষ্টেডিয়ামত চলি থকা কনকলতা বৰুৱা আন্তঃ জিলা মহিলা টি টুৱেন্টি ক্ৰিকেট প্ৰতিযোগিতাৰ সোমবাৰে অনুষ্ঠিত দুখন খেলত দুগৰাকী খেলুৱৈয়ে শতক অৰ্জন কৰে। ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা অসম ক্ৰিকেট সন্থাৰ তত্বাৱধানত অনুষ্ঠিত প্ৰথমখন খেলত ডিব্ৰুগড় জিলা দলে শিৱসাগৰ জিলা দলক ১৪৩ ৰাণত পৰাস্ত কৰে। টছত জিকি প্ৰথমে বেট ধৰি ডিব্ৰুগড় জিলা দলে অপেনাৰ পায়ুনিধি দাসৰ অপৰাজিত বিস্ফোৰক ১০৩ ৰাণৰ সহায়ত ২০ অভাৰত ৫ টা উইকেট হেৰুৱাই ২০৪ ৰান কৰে। পায়ুনিধিয়ে ৬০ টা বলত ১৪ টা বাউণ্ডেৰী আৰু দুটা ছয়ৰ সহায়ত নিজৰ শতক অৰ্জন কৰে। প্ৰত্যুত্তৰত শিৱসাগৰ জিলা দলে ১৯.২ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই মাত্ৰ ৬১ ৰান কৰিবলৈ সক্ষম হয়। দলৰহৈ পাল্কী ৰাণাই সৰ্বাধিক ১৪ ৰান কৰে। ডিব্ৰুগড়ৰ কৰৱী ভক্তাই ৩ টা উইকেট লাভ কৰে। আজি অনুষ্ঠিত দ্বিতীয়খন মেচত যোৰহাট জিলা দলে নাজিৰাক ১৩৩ ৰাণত পৰাস্ত কৰে। টছত জিকি প্ৰথমে বেট ধৰি যোৰহাট জিলা দলৰ অপেনাৰ প্ৰিয়ংকা বৰুৱাৰ বিস্ফোৰক অপৰাজিত ১১২ ৰাণৰ সহায়ত ২০ অভাৰত এটা উইকেট হেৰুৱাই ১৯৩ ৰান কৰে। প্ৰিয়ংকাই ৬৮ টা বলত ২০ টা বাউণ্ডেৰী আৰু এটা ছয়ৰ সহায়ত নিজৰ শতক অৰ্জন কৰে। প্ৰত্যুত্তৰত নাজিৰাই ২০ অভাৰত ৭ টা উইকেট হেৰুৱাই মাত্ৰ ৬০ ৰান কৰে। যোৰহাটৰ নিবেদিতা বৰুৱাই তিনিটা উইকেট লাভ কৰে।

Leave a Reply

Your email address will not be published. Required fields are marked *