চাইবাৰ অপৰাধীৰ বিৰুদ্ধে অব্যাহত আছে অসম আৰক্ষীৰ অভিযান।নগৰবেৰাৰ টুপামাৰীত আৰক্ষীৰ বৃহৎ অভিযান। জব্দ ৯৩ লাখ নগদ টকা, বৃহৎ পৰিমানৰ সোনৰ আ-অলংকাৰ, দুচকীয়া, চাৰিচকীয়া বাহন।আজি পুৱতি নিশা বকো-ছয়গাঁও সমজিলাৰ আৰক্ষী অধীক্ষক জান কিশোৰ গগৈৰ তদাৰকীত নগৰবেৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া হৰজিৎ দাস আৰু টুপামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া চম্পক কলিতাৰ নেতৃত্বত ৩ নং টুপামাৰী গাঁৱৰ ছানোৱাৰ হুছেইন নামৰ লোকজনৰ ঘৰত অভিযান চলায়।অভিযানৰ উমান পাই ঘৰৰ পৰা ছানোৱাৰ হুছেইনে পলায়ন কৰে যদিও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ছানোৱাৰ হুছেইনৰ পত্নী ছাহিদা আহমেদক তদুপৰি আৰক্ষীয়ে লোকজনৰ ঘৰৰ পৰা জব্দ কৰে নগদ ৯৩ লাখ টকা, বেংক সম্পৰ্কীয় বিভিন্ন নথি পত্ৰৰ লগতে প্ৰায় ৭০ খনকৈ বিভিন্ন জনৰ নামৰ উজালা গেছৰ কাৰ্ড । কেৱল ইমানেই নহয় প্ৰায় ৭-৮ লাখ টকাৰ সোনৰ আ-অলংকাৰৰ লগতে এএছ-২৫-ডব্লিউ-৪৯০৪ নম্বৰৰ এখন বুলেট আৰু এএছ-০১-এফটি -৮০২৫ নম্বৰৰ বলেৰ’ বাহনো জব্দ কৰিবলৈ সক্ষম হয় আৰক্ষীয়ে।আৰক্ষীয়ে জব্দ কৰা সম্পত্তিৰ পৰিমাণ প্ৰায় ১ কৌটি ১০ লাখ টকা বুলি জানিব পৰা গৈছে।আৰক্ষীৰ এনে অভিযান অব্যাহত থাকিব বুলি জানিবলৈ দিয়ে বকো ছয়গাওঁ সমজিলা আৰক্ষী অধীক্ষক জান কিশোৰ গগৈয়ে।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.