শ্ৰীশ্ৰীঅনিৰুদ্ধদেৱ কনিষ্ঠ মহাবিদ্যালয়ত ‘উল্লাস অভিযান’ৰ সজাগতা সভা
চাইন অন ডেস্ক,১৪ ছেপ্টেম্বৰ:

মহাবিদ্যালয়ৰ অধ্যক্ষ ভূষণ জ্যোতি সন্দিকৈৰ অধ্যক্ষতাত অনুষ্ঠিত সভাখনত ‘উল্লাস অভিযান’ৰ সমন্বয়ক হেমন্ত হাজৰিকাই অভিযানটোৰ লক্ষ্য, উদ্দেশ্য, গুৰুত্ব আৰু সামাজিক তাৎপৰ্য সম্পৰ্কে ছাত্ৰ-ছাত্ৰীসকলক বিস্তৃতভাৱে অৱগত কৰে। তেওঁ কয় যে সমাজৰ নিৰক্ষৰ লোকসকলক সাক্ষৰ কৰি তোলাৰ ক্ষেত্ৰত কেৱল চৰকাৰী ব্যৱস্থাই নহয়, ছাত্ৰ-ছাত্ৰী আৰু যুৱ সমাজেও সক্ৰিয় ভূমিকা গ্ৰহণ কৰিব লাগিব।


অনুষ্ঠানৰ শেষত অনিল প্ৰসাদ সিংহই শলাগৰ শৰাই আগবঢ়াই উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে।