তামোলবাৰী চাহ বাগিচাত চুলাই-মদ বন্ধৰ দাবীত আটছাৰ বিশাল সমদল
আৱকাৰী বিভাগক শুই থকা শিয়াল আখ্যা
চাইন অন ডেস্ক,১৩ছেপ্তেম্বৰ:
ডিব্ৰুগড়ৰ তামোলবাৰী চাহ বাগিচাত নিচাজাতীয় দ্ৰব্যৰ অবাধ প্ৰচলনৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে অসম চাহ জনজাতি ছাত্ৰ সন্থা (আটছা)ই। আটছাৰ ডিব্ৰুগড় শাখাৰ উদ্যোগত, কেইবাখনো উপশাখা আৰু স্থানীয় ৰাইজৰ সহযোগত বাগিচাখনৰ ৩ নম্বৰ লাইনত এক বিশাল প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰি আটছাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক লখিন্দ্ৰ কুৰ্মীয়ে এক বিস্ফোৰক অভিযোগ উত্থাপন কৰে। তেওঁ সংবাদ মাধ্যমৰ সন্মুখত স্পষ্টকৈ কয় যে ‘ইন্দ্ৰা ট্ৰেডিং’ নামৰ ব্যৱসায়ী প্ৰতিষ্ঠানটোৱে চলাই থকা অবৈধ লালিগুৰৰ মুকলি বেহাৰ বাবেই চাহ বাগিচা অঞ্চলত ব্যাপক হাৰত চুলাই-মদৰ প্ৰচলন বৃদ্ধি পাইছে।আটছাৰ নেতাগৰাকীয়ে আৱকাৰী বিভাগৰ ভূমিকাৰ ওপৰত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি কয় যে, বিগত বৰ্ষত এই অঞ্চলত বিষাক্ত নিচাজাতীয় দ্ৰব্য সেৱন কৰাৰ ফলত বহু কেইজন ব্যক্তিৰ কৰুণ মৃত্যু হৈছিল। ইমান ডাঙৰ ঘটনা ঘটি যোৱাৰ পিছতো আৰু ‘ইন্দ্ৰা ট্ৰেডিং’ৰ দৰে প্ৰতিষ্ঠানে অবৈধভাৱে লালিগুৰ যোগান ধৰি থকাৰ পিছতো আৱকাৰী বিভাগে কোনো ধৰণৰ কঠোৰ পদক্ষেপ গ্ৰহণ কৰা নাই। বিভাগটোৰ চকুৰ সমুখতে এই সকলোবোৰ অবৈধ ব্যৱসায় চলি থকাৰ পিছতো নিমাত দৰ্শকৰ ভূমিকা পালন কৰাৰ বাবে প্ৰতিবাদকাৰীসকলে আৱকাৰী বিভাগক ‘শুই থকা শিয়াল’ বুলি তীব্ৰ আখ্যা দিয়ে।প্ৰতিবাদী সমদলৰ অন্তত অনুষ্ঠিত হোৱা সভাত আটছাৰ বিষয়ববীয়াসকলৰ লগতে তামোলবাৰী চাহ বাগিচাৰ শ্ৰমিক ৰাইজে অংশগ্ৰহণ কৰে। প্ৰতিবাদী সভাত আটছাৰ বিত্ত সম্পাদক সুনীল পাতৰে গাঁও আৰু চাহ বাগিচা অঞ্চলসমূহত এতিয়া চলিছে বুলি অভিযোগ কৰি কয় যে নিচাজাতীয় দ্ৰব্যৰ মুকলি বেহাৰ ফলত যুৱ প্ৰজন্মৰ ভৱিষ্যত সম্পূৰ্ণ ধ্বংসৰ দিশলৈ গতি কৰিছে। সমাজত অপৰাধমূলক ঘটনা আৰু পাৰিবাৰিক অশান্তি বৃদ্ধি পাইছে। পুনৰ যাতে কোনো ব্যক্তিৰ অকাল মৃত্যু নহয়, তাৰ বাবে অতি শীঘ্ৰে ‘ইন্দ্ৰা ট্ৰেডিং’ৰ অবৈধ লালিগুৰৰ ব্যৱসায় বন্ধ কৰাৰ লগতে সকলোধৰণৰ বেআইনী মদ-জুৱা নিষিদ্ধ কৰিবলৈ তেওঁলোকে চৰকাৰক দাবী জনায়।আজিৰ এই প্ৰতিবাদী কাৰ্যসূচীত আটছাৰ কেন্দ্ৰীয় সমিতিৰ সহকাৰী সম্পাদক লখিন্দ্ৰ কুৰ্মীৰ লগতে ডিব্ৰুগড় জিলা সমিতিৰ সাংগঠনিক সম্পাদক প্ৰমেশ্বৰ মাহাতু, ডিব্ৰুগড় শাখাৰ সভাপতি সুৰজ নায়ক আৰু ভাৰপ্ৰাপ্ত সম্পাদক বিকাশ গড়, উপসভাপতি ৰঞ্জিত ৰাওতীয়া,যুৱ সমাজ কৰ্মী আশিন তাঁতী,শ্যামবাবু গড়কে আদিকে ধৰি অঞ্চলটোৰ শতাধিক সচেতন ৰাইজ উপস্থিত থাকে।