...

যুৱক-যুৱতীৰ বাবে সুখবৰ প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ শুভাৰম্ভ

যুৱক-যুৱতীৰ বাবে সুখবৰ

প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশিক্ষণ শুভাৰম্ভ

বালিপৰা,১৩ ছেপ্তেম্বৰ :

শোণিতপুৰৰ ৬৮ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ শিক্ষিত যুৱক-যুৱতীসকলৰ উপযোগীকৈ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে ৯০ দিনীয়া এক প্ৰশিক্ষণ কাৰ্যসূচী পাটগাঁৱত আজি শুভাৰম্ভ কৰে সমষ্টিৰ বিধায়ক কৃষ্ণ কমল তাঁতীয়ে । অন্যান্য অতিথিৰ লগতে জিলা আৰক্ষী অধীক্ষক বৰুণ পুৰকায়স্থও উপস্থিত থকা অনুষ্ঠানত বিধায়ক তাঁতীয়ে কয় যে কষ্ট কৰাৰ বাহিৰে সফলতাৰ কোনো চমু পথ নাই । ভাল মানুহ

হ’বলৈ, প্ৰতিযোগিতামূলক পৰীক্ষাত সফল হ’বলৈ আমাক অধ্যৱসায়, পৰিশ্ৰম লাগিবই । “সাধনা”ৰ যোগেদি সমষ্টিৰ যুৱক-যুৱতীসকলক আই এ এছ, এ পি এছ চি, এচ এচ চি ইত্যাদি পৰীক্ষাৰ বাবে সাজু কৰি তোলাৰ অৰ্থে গুণগত শিক্ষকৰ দ্বাৰা ৯০ দিনীয়া প্ৰশিক্ষণ আগবঢ়োৱা হ’ব ।

Leave a Reply

Your email address will not be published. Required fields are marked *