ডিব্ৰুগড়ত সোণোৱাল কছাৰী ডিঙিয়াল বংশৰ সভা
বংশাৱলী আহ্বায়ক সমিতি গঠন
চাইন অন ডেস্ক,১৩ ছেপ্টেম্বৰঃ
সাত খেল চৈধ্য বংশৰে সমৃদ্ধ সোনোৱাল কছাৰী জনজাতিৰ অন্যতম বংশ ডিঙিয়াল বংশৰ বংশাৱলী অহা বছৰৰ ফেব্ৰুৱাৰী মাহত অনুষ্ঠিত হ’ব৷ ইয়াৰ পূৰ্বে বংশটোৰ অন্তৰ্গত চাৰিটা সঁচ ক্ৰমে গাঠিৰী, কলাৰী, ডেমাৰী আৰু কেকোৱাৰী সঁচৰ অধিৱেশন চলিত বৰ্ষৰ ডিচেম্বৰ মাহত আয়োজনৰ অন্তত বংশাৱলী অনুষ্ঠিত হ’ব৷ ইয়াৰ বাবে বিগত ২০১৪ চনত গঠিত আৰু প্ৰায় এক দশককাল বিভিন্ন কাৰণত সক্ৰিয় হৈ থাকিব নোৱৰা ডিঙিয়াল বংশৰ কেন্দ্ৰীয় সমিতিখনৰ সভাপতি দেৱেশ্বৰ সোনোৱাল আৰু সাধাৰণ সম্পাদক ধৰ্মকান্ত বড়াৰ লগতে কেউটা সঁচৰ প্ৰতিনিধিক লৈ এখনি আহ্বায়ক সমিতি গঠন কৰা হয়৷ সমিতিখনত কলাৰী সঁচৰ ৰতন হাজৰিকা, গাঠিৰী সঁচৰ শক্তিধৰ গাঠিৰীক মুখ্য আহ্বায়ক হিচাপে দায়িত্ব প্ৰদানৰ লগতে টংকেশ্বৰ সোনোৱাল, পূষ্পধৰ সোনোৱাল, হৰেন সোনোৱাল, পিয়ল বড়া [কলাৰী], হেমন্ত সোনোৱাল, ধ্বজেন সোনোৱাল, কনক ৰাজখোৱা [গাঠিৰী], হেৰম্ব শইকীয়া, মৃদুল শইকীয়া, পূষ্পধৰ শইকীয়া [কেকোৱাৰী]ক সদস্য হিচাপে অন্তৰ্ভুক্ত কৰা হয়৷ সভাই ডেমাৰী সঁচৰ লোকৰ স’তে যোগাযোগ কৰি তেওঁলোকৰ তিনি গৰাকী ব্যক্তিক আহ্বায়ক সমিতিত অন্তৰ্ভুক্ত কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে৷ এই উপলক্ষে আজি ডিঙিয়াল বংশৰ সভাপতি দেৱেশ্বৰ সোনোৱাল আৰু কলাৰী সঁচৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি
তথা সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ সোনোৱালৰ যৌথ পৌৰোহিত্যত অনুষ্ঠিত ‘ডিঙিয়াল বংশৰ প্ৰতিনিধিত্বমূলক সভা’ই আলোচনা কৰি গঠন কৰি দিয়া ‘ডিঙিয়াল বংশাৱলী আহ্বায়ক সমিতি’ নামৰ এই সমিতিখনে অহা ফেব্ৰুৱাৰী মাহলৈকে কাৰ্যনিৰ্বাহক কৰি বংশাৱলী আয়োজনৰ লগতে বংশত অতিৰিক্ত সঁচৰ সংযোজন-বিয়োজনৰ সমস্যা সম্পৰ্কত সোনোৱাল কছাৰী সৰ্ববংশাৱলী সমিতি আৰু কল্যাণ সংঘৰ স’তে আলোচনা কৰি মীমাংসা কৰাৰ বাবে কতৃৰ্ত্ব প্ৰদান কৰে৷ সোনোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ সভাকক্ষত অৰ্ধ শতাধিক ব্যক্তিৰ উপস্থিতিত অনুষ্ঠিত আৰু আহ্বায়কসকলৰ হৈ আহ্বায়ক ৰতন হাজৰিকাই উদ্দেশ্য ব্যাখ্যা কৰা
উক্ত সভাত পূৰ্বৰ সমিতিখনৰ সাধাৰণ সম্পাদকে বিভিন্ন অসুবিধাৰ বাবে সময়মতে বংশাৱলী অনুষ্ঠিত কৰিব নোৱৰাৰ লগতে কাম-কাজ চলাই নিয়াৰ ক্ষেত্ৰত অপাৰগতা স্বীকাৰ কৰি আজিৰ সভাৰ সিদ্ধান্ত মানি লোৱাৰ সপক্ষে মত পোষণ কৰি বক্তব্য আগবঢ়ায়৷ সভাত উপস্থিত থকা বংশটোৰ বিশিষ্ট ব্যক্তি দেৱেশ্বৰ সোনোৱাল, পূষ্পধৰ সোনোৱাল, টংকেশ্বৰ সোনোৱাল, বদন চন্দ্র সোনোৱাল, আহ্বায়ক হেমন্ত সোনোৱাল, হৰেন সোনোৱালকে ধৰি ৰাজ্যৰ ভিন্ন প্ৰান্তৰ কেউটা সঁচৰ বিভিন্নজন প্ৰতিনিধিয়ে সোনোৱাল কছাৰী জনজাতিটোক সমৃদ্ধিশালী আৰু জাতিষ্কাৰ কৰাৰ স্বাৰ্থত অনাগত দিনত ডিঙিয়াল বংশই ল’বলগীয়া বিভিন্ন কাৰ্যপন্থাৰ সম্পৰ্কত বক্তব্য আগবঢ়ায়৷