ধুবুৰী জিলাৰ গোলকগঞ্জ আৰক্ষীয়ে পুৱতি নিশা মহ ভৰ্তি বাহন জব্দ কৰে। ৰতিয়াদাহ নাকা চেকিংত আৰক্ষীয়ে চলোৱা অভিযানত মহ ভৰ্তি বাহন সহ দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। জানিব পৰা মতে পশ্চিম বংগৰ পৰা ছাগলীয়া আৰক্ষী চকীৰ সন্মুখেদি অসমত প্ৰৱেশ কৰি হালাকুৰা আৰু আগমনি আৰক্ষী থানাৰ সন্মুখেৰে ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈ গোৱালপাৰা লৈ গৈ আছিল মহ ভৰ্তি বাহন। গোপন খবৰৰ ভিত্তিত গোলকগঞ্জ আৰক্ষীয়ে ৰতিয়াদাহ নাকা চেকিংত অভিযান চলাই এ এছ ১৮ বি চি ২১৪৪ নম্বৰৰ বাহনৰ পৰা ৮ টাকৈ চোৰাং মহ উদ্ধাৰ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । ধৃত সৰবাহকাৰী দুজন গোৱালপাৰা জিলাৰ ৰংজুলিৰ ময়নাল হক আৰু কাইবুৰ ৰহমান। আনহাতে আজি পুৱতি নিশা বালাজানত সংঘটিত হৈছিল পথ দুৰ্ঘটনা। দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতে ঘটনাস্থলীত বালাজান আৰক্ষীয়ে উপস্থিত হৈ দুৰ্ঘটনাগ্ৰস্থ এ এছ ২৮ এ চি ০৪২০ নম্বৰৰ ট্ৰাকৰ পৰা ৰাইজৰ সহযোগত উদ্ধাৰ কৰে ১৭ টাকৈ চোৰাং মহ। ইয়াৰে ৯ টা মহ মৃত অৱস্থাত উদ্ধাৰ কৰাৰ লগতে ৮ টাকৈ মহ জীৱন্ত অৱস্থাত উদ্ধাৰ হয়। তীব্ৰ বেগত ট্ৰাকখন ধুবুৰী অভিমুখে যোৱাৰ সময়ত বালাজানত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰে। ট্ৰাকখনত আলুৰ বস্তাৰ আঁৰত গোপনে চোৰাং মহ কঢ়িয়াই আনিছিল। দুৰ্ঘটনা সংঘটিত কৰি চালক হেন্দিমেন পলায়ন কৰে। ইপিনে আজি ৰাতিপুৱা কলেজ মোৰত আগমনি আৰক্ষীয়ে অভিযান চলাই এ এছ ১৭ চি ৭৭৭৮ নম্বৰৰ বাহন জব্দ কৰাৰ লগতে বাহনৰ পৰা দুটাকৈ চোৰাং গৰু উদ্ধাৰ কৰিবলৈ সক্ষম হয়। অৱশ্য চালক আৰু হেণ্ডিমেন পলায়ন কৰে। উল্লেখ যে যোৱা ১১ ছেপ্টেম্বৰ তাৰিখে অসম বংগ সীমান্তৰ ছাগলীয়াত আৰক্ষীয়ে ২৯ টাকৈ চোৰাং মহ ভৰ্তি বাহন জব্দ কৰাৰ লগতে দুজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰিছিল। অভিযোগ মতে, ধুবুৰী, গোৱালপাৰা আৰু বৰপেটা জিলাৰ কেইজন অসাধু চক্ৰই ধুবুৰী আৰক্ষীৰ চকুত ধুলি দি গোপনে পশ্চিম বংগৰ পৰা সৰবৰাহ কৰিব ধৰিছে চোৰাং মহ আৰু গৰু।
Your email address will not be published. Required fields are marked *
Comment *
Name *
Email *
Website
Save my name, email, and website in this browser for the next time I comment.
Notify me of follow-up comments by email.
Notify me of new posts by email.